তৃণমূল কংগ্ৰেছৰ নেতাক আক্ৰমণৰ বিৰোধিতাৰে মমতা বেনাৰ্জীৰ প্ৰতিবাদ
প্ৰতিবাদ সাব্যস্ত কৰাৰ পূৰ্বে আম্বেদকাৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৷

Published : June 2, 2026 at 6:05 PM IST
কলকাতা: প্ৰতিবাদত বহিল পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী ৷ মঙলবাৰে কলকাতাত বেনাৰ্জীৰ ভতিজাক তথা সাংসদ অভিষেক বেনাৰ্জী আৰু কল্যাণ বেনাৰ্জীৰ লগতে অন্যান্য দলীয় নেতাসকলৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ সাব্যস্ত কৰে ।
ৰাণী ৰশ্মনি এভিনিউত প্ৰতিবাদ আৰম্ভ কৰাৰ পূৰ্বে মমতা বেনাৰ্জীয়ে ভাৰতৰত্ন ডঃ বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিত ফুলেৰে শ্ৰদ্ধাঞ্জলি জনায় । মমতা বেনাৰ্জীক এই কাৰ্যত সংগ দিয়ে টিএমচিৰ নেতা ডোলা সেন আৰু কল্যাণ বেনাৰ্জীয়ে । প্ৰতিবাদত সাব্যস্ত কৰাৰ পূৰ্বে টিএমচিৰ নেত্ৰীগৰাকীৰ হাতত ভাৰতৰ সংবিধানখন লৈ থকা দেখা গৈছিল ৷

মূলতঃ নিৰ্বাচনোত্তৰ হিংসা আৰু অন্যান্য বিষয়ক লৈ দলীয় নেতাসকলৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে মমতা বেনাৰ্জীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে । পশ্চিমবংগৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণৰ সময়ত অভিষেক বেনাৰ্জী আৰু দলৰ সাংসদ কল্যাণ বেনাৰ্জীক আক্ৰমণ কৰাৰ খবৰ পোৱাৰ পিছতে ৰাজ্যখনত ৰাজনৈতিক উত্তেজনা বৃদ্ধি পায় ৷ যাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে দলটোৰ মুৰব্বী তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।
সোমবাৰে মমতা বেনাৰ্জীয়ে এই আক্ৰমণক তীব্ৰ সমালোচনা কৰি এয়া অৰ্থহীন আৰু একনায়কত্ববাদী আচৰণ বুলি অভিহিত কৰে । বেনাৰ্জীয়ে কয়, ‘‘আপুনি দ্বিতীয় বৃহত্তম বিৰোধী দলৰ এজন সাংসদক যিদৰে আক্ৰমণ কৰিলে, সেয়া দেখি আচৰিত হৈছো ৷ চিকিৎসকক মাতি অনাৰ পিছতো চিকিৎসালয়ক চিকিৎসা প্ৰদান নকৰিবলৈ নিৰ্দেশ দিয়া হৈছিল বুলি অভিযোগ উঠিছে । এয়া কেনেধৰণৰ অৰ্থহীন আৰু একনায়কত্ববাদী আচৰণ ?’’

তেওঁ লগতে অভিযোগ কৰে যে দলটোক দুৰ্বল কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে । নেত্ৰীগৰাকীয়ে কয়, ‘‘টিএমচি আৰু শক্তিশালী হ'ব । একাংশ বিধায়ক-সাংসদক ভয় দেখুৱাই বা উৎকোচ দি দলটোক দুৰ্বল কৰিব নোৱাৰিব, বৰং ইয়াৰ ফলত দলটো অধিক শক্তিশালী হৈছে ।’’
বেনাৰ্জীয়ে লগতে সকীয়াই দিয়ে যে যদি তেওঁৰ দলক কলকাতাত প্ৰতিবাদ কৰিবলৈ দিয়া নহয়, তেন্তে দেশৰ ৰাজধানী নতুন দিল্লীলৈ এই প্ৰতিবাদ প্ৰসাৰিত হ’ব ৷ মমতা বেনাৰ্জীয়ে কয়, ‘‘ইচ্ছা কৰিলে মোক গ্ৰেপ্তাৰ কৰক । আৰক্ষীৰ অনুমতি, মাইক্ৰ'ফোন বা মঞ্চ অবিহনে ২ জুনত টিএমচিয়ে প্ৰতিবাদ কৰিব । যদি আমাক কলকাতাত প্ৰতিবাদ কৰিবলৈ দিয়া নহয়, তেন্তে আমি দিল্লীত প্ৰতিবাদ কৰিম ।’’
দক্ষিণ ২৪ পৰগনা ভ্ৰমণৰ সময়ত অভিষেক বেনাৰ্জীক লক্ষ্য কৰি ইটা, শিল, কণী আদি নিক্ষেপ কৰা হৈছিল ৷ এই আক্ৰমণ নেতাগৰাকীয়ে চকুত আঘাত পায় ৷ নেতাগৰাকীক কৰা এই আক্ৰমণৰ পিছতে মঙলবাৰে প্ৰতিবাদ টিএমচি নেত্ৰী মমতা বেনাৰ্জীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । দলটোৰ সাংসদ কল্যাণ বেনাৰ্জীয়েও অভিযোগ কৰে যে চণ্ডীতলা থানাৰ সমীপত কোনো কামত যাওঁতে একাংশ লোকে তেওঁকো আক্ৰমণৰ চেষ্টা চলায় ৷
উল্লেখ্য যে, অভিষেক বেনাৰ্জীৰ ওপৰত সংঘটিত আক্ৰমণৰ অভিযোগত ৫ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে তদন্ত অব্যাহত আছে ৷
লগতে পঢ়ক: অভিষেকৰ পাছত এইবাৰ কল্যাণ, থানাৰ সমুখতে শিলগুটি নিক্ষেপ তৃণমূল কংগ্ৰেছৰ সাংসদক

