ভোটাৰে কি কয়: দ্বীপজিলা মাজুলীত প্ৰকৃততে উন্নয়ন হৈছে নে ?
স্বাস্থ্যৰ পৰা যাতায়াতলৈ বানে ধোৱা মাজুলীত এইবাৰ কেনে প্ৰাৰ্থী বিচাৰে ৰাইজে ? এক বিশেষ প্ৰতিবেদন ।

Published : February 28, 2026 at 8:11 PM IST
মাজুলী: সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন । এই বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ মাজত । কোনে পাব এইবাৰ ৰাইজক সেৱা কৰাৰ সুবিধা তাক লৈ এতিয়া প্ৰাৰ্থিত্ব প্রত্যাশীসকলৰ মাজত চলিছে বিভিন্ন ধৰণৰ জল্পনা-কল্পনা । ৰাজনৈতিক দলসমূহৰ লগতে স্থানীয় ৰাইজৰ মাজতো বিধানসভা নিৰ্বাচনৰ বতাহ লগা দেখিবলৈ পোৱা গৈছে ।
১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত মাজুলী বিধানসভা সমষ্টিতো এটা গুৰুত্বপূৰ্ণ সমষ্টি ৷ কিয়নো এই সমষ্টিৰ পৰাই জয়ী হৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল সৰ্বানন্দ সোণোৱাল । এইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰাই মাজুলীত উন্নয়নৰ এক ধাৰা প্ৰবাহিত হোৱাৰ কথাই চৰ্চা লাভ কৰি আহিছে । মাজুলী বুলিয়েই নহয়, বৰ্তমানৰ চৰকাৰখনৰ দিনত ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ চুকে-কোণে উন্নয়ন হৈছে বুলি দাবী কৰি আহিছে ।
প্ৰকৃততে চৰকাৰে দাবী কৰা মতে প্ৰতিটো সমষ্টিৰ চুকে-কোণে উন্নয়ন হৈছে নে ? কোনবোৰ দিশ উন্নয়ন হ'বলগীয়া আছে, এইবোৰৰ বিষয়ে জানিবলৈ আমি গৈছিলোঁ মাজুলী বিধানসভা সমষ্টিৰ সাধাৰণ ৰাইজৰ কাষলৈ । যোৱা পাঁচটা বছৰত ৰাইজে কি পাইছে, কি নাই পোৱা, মাজুলীৰ স্থানীয় ৰাইজে কি কয়, সকলো সামৰি আজিৰ আমাৰ প্ৰতিবেদন ।
বৰ্তমানৰ চৰকাৰৰ কাম-কাজক লৈ কিমান সুখী মাজুলীৰ স্থানীয় লোক ?
মাজুলীৰ বহু কেইজন স্থানীয় লোকে কয় যে বৰ্তমান চৰকাৰৰ কাম-কাজক লৈ আমি যথেষ্ট সুখী । তেওঁলোকে কয়, "এই চৰকাৰৰ দিনত সাধাৰণ ৰাইজে উপকৃত হ'ব পৰাকৈ যথেষ্ট পদক্ষেপ লৈছে ৷ যাৰ বাবে আমি এই চৰকাৰক লৈ সুখী ।"
এইসকল স্থানীয় ৰাইজে আহি থকা এই বিধানসভা নিৰ্বাচনত ৰাইজৰ হৈ কাম কৰা মাজুলীক আৰু আগুৱাই নিব পৰা প্ৰাৰ্থীকে বিচাৰিব বুলি সদৰি কৰে ।
স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত:
এই বিধানসভা সমষ্টিৰ এজন লোকে কয়, ‘‘আজিৰ তাৰিখত মাজুলীৰ যথেষ্ট পৰিবৰ্তন হ'ল, কিন্তু স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত আজিৰ দিনতো মাজুলী যথেষ্ট পুতৌ লগা অৱস্থাত আছে । চিকিৎসাৰ অভাৱত ৰোগীয়ে মৃত্যুক আঁকোৱালি ল'বলগীয়া হোৱাটো মাজুলীবাসীৰ বাবে অত্যন্ত দুখৰ খবৰ । চৰকাৰ যি দলৰেই নহওক কিয় স্বাস্থ্য বিভাগৰ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক । এই বিভাগতো উন্নত কৰাৰ লগতে আগন্তুক যি চৰকাৰেই নাহক কিয়, মাজুলীত যাতে ২৪ ঘণ্টাই চিকিৎসা সেৱা লাভ কৰাৰ সুবিধা হয়, তাৰ ব্যৱস্থা গ্ৰহণ কৰিলে ভাল হয় ।’’
যাতায়াতৰ ক্ষেত্ৰত:
মাজুলীৰ এগৰাকী স্থানীয় লোকে কয়, ‘‘যাতায়াতৰ দিশত মাজুলী এতিয়া যথেষ্ট উন্নত হ'ল । আগতকৈ মাজুলীৰ বাট-পথৰ যথেষ্ট উন্নয়ন হৈছে, যাৰ বাবে অতি কম সময়তে মাজুলীৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ যাব পৰা হ'ল । ইফালে মাজুলীক উত্তৰ অসমৰ লগত সংযোগ কৰিবলৈ যি চেলেক ধূণাগুৰি দুখন দলঙৰ প্ৰথমখন দলং ইতিমধ্যে ৰাইজৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰি দিছে । যিটো মাজুলীবাসীৰ বাবে এটা ভাল খবৰ । ইফালে মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম এটা বছৰতকৈ অধিক সময় বন্ধ হৈ থকাৰ পাছত পুনৰ কাম আৰম্ভ হোৱাতো মাজুলীবাসীৰ বাবে অত্যন্ত ভাল খবৰ ।’’
খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান:
মাজুলীত খহনীয়া ৰোধত ব্যৰ্থ হৈছে সকলো দলৰ চৰকাৰ । বছৰ বছৰ ধৰি খহনীয়া ৰোধৰ বাবে কাম কৰি আছে যদিও আজিৰ তাৰিখতো এই খহনীয়া ৰোধ কৰিব পৰা নাই । যাৰ ফলশ্ৰুতিত প্ৰতি বছৰে বিঘাই বিঘাই মাটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে । অতি সোনকালে এই খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী মাজুলীৰ স্থানীয় ৰাইজৰ । মাজুলীৰ এইসকল ৰাইজৰ আহ্বান চৰকাৰ যাৰেই নাহক কিয় মাজুলীৰ সুৰক্ষাৰ বাবে খহনীয়া ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰক আহি থকা দিনত ।

