ETV Bharat / politics

বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম পালন নকৰাত মাজুলী অগপৰ ক্ষোভ; ভুবন গামৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব আগবঢ়াব ভাতৃয়ে !

অগপক দিয়া ৩০০ ফৰ্মৰ একাউণ্টত আজিপৰ্যন্ত ধন সোমোৱা নাই । প'ৰ্টেলতো নাম নহ'ল অন্তৰ্ভুক্ত ।

AGP BJP CONFLICT IN MAJULI
মাজুলীত ভুবন গামৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব আগবঢ়াব ভাতৃয়ে ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 28, 2025 at 4:54 PM IST

3 Min Read
Choose ETV Bharat

মাজুলী: ৰঙিয়া বিধানসভা সমষ্টিত বিজেপিৰ মিত্ৰদল অগপই বিদ্ৰোহ আৰম্ভ কৰাৰ পিচত এইবাৰ মাজুলীটো এই ঢৌৱে কোবাবলৈ আৰম্ভ কৰিছে । বিজেপিৰ বিৰুদ্ধে মিত্ৰতাৰ ধৰ্ম পালন নকৰাৰ অভিযোগ উত্থাপন কৰি অগপৰ জিলা নেতৃত্বৰ আৰম্ভ কৰিছে এই বিদ্ৰোহ ।

প্ৰয়োজনত নিজ ভাতৃ তথা বিধায়ক ভুবন গামৰ বিৰুদ্ধেও নিৰ্বাচন খেলিবলৈ সাজু আঞ্চলিক দলটোৰ জিলা সভাপতি ব্ৰজেন গাম ।

মাজুলীত ভুবন গামৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব আগবঢ়াব ভাতৃয়ে ! (ETV Bharat Assam)

মাজুলীত লাহে লাহে বিজেপিৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ হ'বলৈ ধৰিছে । সন্মুখত বিধানসভা নিৰ্বাচন । নিৰ্বাচনক লৈ এতিয়াৰ পৰা যেন কঁকালত টঙালি বান্ধিছে শাসক-বিৰোধী সকলোৱে । নিজৰ নিজৰ দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ সকলোৱে এতিয়া চেষ্টা চলাইছে । মাজুলীতো নিৰ্বাচনৰ প্ৰভাৱ যেন এতিয়াৰ পৰা আৰম্ভ হৈছে । ২০২৬ চনৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে অগপৰ জিলা সমিতিয়ে । প্ৰয়োজন হ’লে নিজ ভাতৃ তথা বিধায়ক ভুবন গামৰ বিৰুদ্ধেও নিৰ্বাচন খেলিবলৈ সাজু বুলি মন্তব্য কৰিছে অগপৰ মাজুলী জিলাৰ সভাপতি ব্ৰজেন গামে ।

কেৱল সেয়াই নহয়, মিত্ৰজোঁটৰ ধৰ্ম পালন নকৰা বুলি বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নেতাগৰাকীয়ে । তেজৰ সম্পৰ্কই বাধা দিব নোৱাৰে ৰাজনীতিৰ কৰ্তব্যক । ২০২৬ চনৰ নিৰ্বাচনত যদি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে তেন্তে ভুবন গামৰ বিৰুদ্ধেও প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু তেওঁৰেই ভাতৃ তথা অগপ নেতাগৰাকী ।

এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি জিলা সভাপতি ব্ৰজেন গামে কয়, "নিজ ভাতৃ হ'লেও বিধায়ক ভুবন গামৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা নিশ্চয় হ'ব । মোৰ তেজৰ সম্পৰ্ক, এইটো কোনো বিবেচনাৰ কথাই নহয় । মই দল কৰিছো । তেওঁ হৈছে বিজেপিৰ কৰ্মী আৰু মই অগপৰ কৰ্মী । গতিকে দলৰ সাংগঠনিক স্থিতিৰ যিটো ধৰ্ম সেইটো ৰক্ষা কৰি দলৰ ঊৰ্ধতম কৰ্তৃপক্ষই যদি আমাক সেই সুবিধা দিয়ে ভাতৃ হ'লেও প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু ।"

ব্ৰজেন গামে অভিযোগ কৰে যে বিগত ১০ বছৰে মাজুলীত অগপই মিত্ৰতাৰ প্ৰকৃত মৰ্যাদা বা সোৱাদ পোৱা নাই । "২০২৬ৰ নিৰ্বাচনৰ বাবে আমাৰ যি সাংগঠনিক স্থিতি সেয়া ঊৰ্ধতন কৰ্তৃপক্ষক অনগত কৰি আহিছো । আমাক ঊৰ্ধতন কৰ্তৃপক্ষয়ো আশ্বাস দিছে । অগপ, সন্মিলিত গণশক্তি আৰু বিজেপিৰ মাজত থকা মিত্ৰতাৰ সোৱাদ আমি নাপালো । সেইক্ষেত্ৰত আমি ক্ষুব্ধ আৰু আমি কেন্দ্ৰীয় নেতৃত্বকো আমি জনাইছো ।" জিলা সভাপতিগৰাকীয়ে এইদৰে কয় ।

অৰুণোদয়ৰ হিতাধিকাৰী সন্দৰ্ভতো ক্ষোভ প্ৰকাশ কৰি তেওঁ কয়, "অৰুণোদয়ৰ ফৰ্ম দিয়াৰ ক্ষেত্ৰতো আমাক ভেঁকোভাওনা কৰিলে । অগপক যি ৩০০ ফৰ্ম দিছিল সেইসকলৰ একাউণ্টত আজিপৰ্যন্ত ধন সোমোৱা নাই আৰু প'ৰ্টেলতো নাম অন্তৰ্ভুক্ত নহ'ল । অথচ বিজেপিৰ তালিকাত থকাসকলৰ টকা সোমাল ।" এই কাৰ্যত দলটোৱে বঞ্চনাৰ অনুভৱ কৰা বুলি জিলা সভাপতিগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে ।

ৰঙিয়াত থিয়ৈ থিয়ৈ বাঁহ ফলা দি ফালিছে 'মিত্ৰতা': অগপ কৰ্মীক তুচ্ছ-তাচ্ছিল্য কৰিয়েই হেনো পাঁচ বছৰ পাৰ কৰিলে ভৱেশ কলিতাই

২৬ৰ নিৰ্বাচনত ১০৩টা সমষ্টি : মুখ্যমন্ত্রীৰ ঘোষণাৰ পাছতে মিত্রদলত অস্থিৰতা বৃদ্ধি