কেৰালাম-পুডুচেৰীত ভোটগ্ৰহণ; সন্ধিয়া ৭ বজালৈ কেৰালামত ৭৭.৫৫ শতাংশ আৰু পুডুচেৰীত ৮৯.২৫% শতাংশ ভোটদান

Published : April 9, 2026 at 7:42 AM IST
|Updated : April 9, 2026 at 6:15 PM IST
কেৰালাম আৰু পুডুচেৰীত বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে ৷ কেৰালামত ১৪০খন আৰু পুডুচেৰীৰ ৩০খন আসনৰ বাবে একক পৰ্যায়ৰ ভোটগ্ৰহণ হৈছে । কেৰালামত মুঠ ৮৯০ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ২.৭ কোটিৰো অধিক ভোটাৰে ভোটদানৰ যোগ্যতা অৰ্জন কৰিছে । ৰাজ্যখনত মূল যুঁজখন হৈছে শাসকীয় চিপিআই (এম) নেতৃত্বাধীন বাওঁ গণতান্ত্ৰিক ফ্ৰণ্ট (এল ডি এফ) আৰু কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ মাজত । মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যকালৰ লক্ষ্য ৰাখিছে, আনহাতে ইউডিএফে পুনৰ ক্ষমতা দখল কৰাৰ আশা কৰিছে ।
পুডুচেৰীত বিধানসভাৰ ৩০খন আসনৰ আটাইকেইখনতে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ৰাজ্যখনৰ ৯,৫০,০০০ ভোটাৰে আজি ২৯৪ গৰাকী প্রার্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷
ইয়াৰ উপৰি কৰ্ণাটক, নাগালেণ্ড, ত্ৰিপুৰাতো আজি উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে । ভোটগ্ৰহণ প্ৰক্ৰিয়া যাতে মুক্ত, ন্যায্য আৰু শান্তিপূৰ্ণ হৈ থাকে তাৰ বাবে নিৰ্বাচন আয়োগে ব্যাপক নিৰাপত্তা ব্যৱস্থা, ভোটগ্ৰহণকাৰীৰ বৃহৎ পৰিসৰৰ নিয়োগ আৰু কঠোৰ নিৰীক্ষণৰ ব্যৱস্থা কৰিছে ।
LIVE FEED
সন্ধিয়া ৭ বজালৈ কেৰালামত ৭৭.৫৫ শতাংশ আৰু পুডুচেৰীত ৮৯.২৫% শতাংশ ভোটদান
সন্ধিয়া ৭ বজালৈ কেৰালামত ৭৭.৫৫ শতাংশ আৰু পুডুচেৰীত ৮৯.২৫% শতাংশ ভোটদান ৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে এই তথ্য ৷
বিয়লি ৫ বজালৈ কেৰালামত ৭৫.০১ শতাংশ আৰু পুডুচেৰীত ৮৬.৯২% শতাংশ ভোটদান
বিয়লি ৫ বজালৈ কেৰালামত ৭৫.০১ শতাংশ আৰু পুডুচেৰীত ৮৬.৯২% শতাংশ ভোটদান ৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে এই তথ্য ৷
৩ বজালৈ কেৰালামত ৬২.৭১ শতাংশ আৰু পুডুচেৰীত ৭২.৪০ শতাংশ ভোটদান
৩ বজালৈ কেৰালামত ৬২.৭১ শতাংশ আৰু পুডুচেৰীত ৭২.৪০ শতাংশ ভোটদান সম্পন্ন ৷ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি আলাপ্পুঝা সমষ্টিত বিয়লি ৩ বজা পৰ্যন্ত ৬৫.৬৫ শতাংশ ভোটদান হৈছে । ইফালে কেৰালামৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা ধৰ্মদম সমষ্টিত ভোটাৰৰ হাৰ ৬৩.৬০ শতাংশ । বিৰোধী নেতা ভি ডি সতীছানে প্ৰতিদ্বন্দ্বিতা কৰা পাৰাভুৰ সমষ্টিত ৬৬.৪৮ শতাংশ ভোটাৰে ভোটদান কৰে । কংগ্ৰেছ নেতা ৰমেশ চেন্নীথালাই প্ৰতিদ্বন্দ্বিতা কৰা হৰিপাদ সমষ্টিত ৬০.৯৩ শতাংশ ভোটদান হয় ।
১ বজালৈ কেৰালামত ৪৯.৭০ শতাংশ আৰু পুডুচেৰীত ৫৬.৮৩ শতাংশ ভোটদান
১ বজালৈ কেৰালামত ৪৯.৭০ শতাংশ আৰু পুডুচেৰীত ৫৬.৮৩ শতাংশ ভোটদান সম্পন্ন ৷ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰে এই তথ্য ৷
ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সাক্ষী হ'বলৈ কেৰালামত বিদেশী প্ৰতিনিধি দল
ভাৰতীয় নিৰ্বাচন আয়োগে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচনী দৰ্শনাৰ্থী কাৰ্যসূচী ২০২৬ৰ অংশ হিচাপে বৰ্তমান একাধিক দেশৰ নিৰ্বাচনী বিষয়া আৰু কূটনীতিবিদক লৈ বিদেশী প্ৰতিনিধি দল কেৰালামত প্ৰত্যক্ষভাৱে নিৰ্বাচনী প্ৰক্ৰিয়াৰ সাক্ষী হৈ আছে ।
এই কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত নতুন দিল্লীত থকা পাঁচটা বিদেশী মিছনৰ প্ৰতিনিধিকে ধৰি ২৩খন দেশৰ ৪৩জন প্ৰতিনিধিক একত্ৰিত কৰা হৈছে । কেৰালামত কমেও ৯খন দেশৰ প্ৰতিনিধিয়ে তিৰুৱনন্তপুৰম আৰু এৰ্নাকুলামৰ গুৰুত্বপূৰ্ণ স্থানসমূহ পৰিদৰ্শন কৰি নিৰ্বাচন পৰিচালনা ব্যৱস্থাৰ বিষয়ে বুজ লৈছে ।
এই ভ্ৰমণকাৰী প্ৰতিনিধি দলটোত ছিয়েৰা লিয়ন, চামোয়া, ছিচেলছ, আলবেনিয়া, নামিবিয়া, ইষ্ট’নিয়া, জৰ্জিয়া, ফিজি আৰু কেনিয়াৰ দৰে দেশৰ প্ৰতিনিধি আছে ।
দিনৰ ১১ বজালৈ কেৰালামত ৩৩.২৮ শতাংশ আৰু পুডুচেৰীত ৩৭.০৬ শতাংশ ভোটদান
দিনৰ ১১ বজালৈ কেৰালামত ৩৩.২৮ শতাংশ আৰু পুডুচেৰীত ৩৭.০৬ শতাংশ ভোটদান ৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই তথ্য ৷
পুৱা ৯ বজালৈ কেৰালামত ১৬.২৩ শতাংশ আৰু পুডুচেৰীত ১৭.৪১ শতাংশ ভোটদান
নিৰ্বাচন আয়োগে পুৱা ৯ বজালৈকে আনুমানিক ভোটদানৰ হাৰ প্ৰকাশ কৰে । এই তথ্য অনুসৰি কেৰালামত ১৬.২৩ শতাংশ আৰু পুডুচেৰীত ১৭.৪১ শতাংশ ভোটদান সম্পন্ন ।

