অসমৰ ৰাজনীতিত মুছলমান মহিলাৰ খোজ: বিধানসভা, লোকসভা আৰু ৰাজ্যসভালৈ নিৰ্বাচিত নেত্ৰী কোন কোন ?
অসমৰ পৰা বিধানসভা, লোকসভা আৰু ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা সদস্যৰ ভিতৰত কেইগৰাকী মুছলমান মহিলা আছে জানো আহক-

Published : May 27, 2026 at 4:47 PM IST
ৰাজ শইকীয়া
নতুন চৰকাৰ গঠনৰ পাছত অনুষ্ঠিত হোৱা ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজি অন্ত পৰিল ৷ এই অধিৱেশনতে এনডিএ চৰকাৰে অসমত সমৰূপ নাগৰিক সংহিতা বিধেয়ক (UCC) বিধানসভাত উত্থাপন কৰে আৰু ই আজি গৃহীত হয় ৷ আনহাতে মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ প্ৰস্তাৱো সদনত গৃহীত হয় ৷ ইয়াৰ লগতে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ জৰিয়তে অসম বিধানসভাৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰো পোষকতা কৰিছে শাসকীয় দলে ৷ অৱশ্যে এই প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰা দেখা যায় বিৰোধীক ৷ মুখ্যমন্ত্ৰীয়ে এই বিধেয়কৰ বিৰোধিতা কৰাসকলক মহিলা বিৰোধী বুলিও আখ্যা দিয়ে ৷
এই প্ৰতিবেদনত আমি অৱশ্যে সমৰূপ নাগৰিক সংহিতা বিধেয়কৰ বিৰুদ্ধে আলোচনা কৰিব খোজা নাই ৷ মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰিছে যে এই বিধেয়কে মুছলমান মহিলাসকলক সাংবিধানিকভাৱে সুৰক্ষিত কৰিব ৷ অসম বিধানসভাত বৰ্তমানলৈকে কিমানগৰাকী মুছলমান মহিলা বিধায়ক হৈছে জানো আহক-
বেগম আফিয়া আহমেদ: অসমৰ ৰাজনৈতিক ইতিহাসত প্ৰথমগৰাকী মুছলমান মহিলা বিধায়ক আছিল বেগম আফিয়া আহমেদ ৷ ১৯৬৭ চনত যমুনামুখ সমষ্টিৰ পৰা কংগ্ৰেছ বিধায়ক হিচাপে বিধানসভালৈ নিৰ্বাচিত হৈছিল তেওঁ ।
চৈয়দা আনোৱাৰা টাইমূৰ: অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে ৰাজপাটত বহা চৈয়দা আনোৱাৰা টাইমূৰ হৈছে ৰাজ্যৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়গৰাকী মুছলমান মহিলা বিধায়ক ৷ ১৯৭২ চনত দলগাঁও সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ তেওঁ বিধানসভালৈ নিৰ্বাচিত হৈছিল । ১৯৯৬ চনলৈকে অসম বিধানসভাত একমাত্ৰ মুছলমান মহিলা প্ৰতিনিধি হিচাপে আছিল টাইমূৰ । ১৯৭২ চনৰ পাছত ১৯৭৭, ১৯৭৮, ১৯৮৩ আৰু ১৯৯১ চনত তেওঁ বিধায়ক নিৰ্বাচিত হৈ আহিছিল । ১৯৮০ চনৰ ৬ ডিচেম্বৰৰ পৰা ১৯৮১ চনৰ ৩০ জুন পৰ্যন্ত তেওঁ আছিল অসমৰ মুখ্যমন্ত্ৰী ।
চৈয়দা আনোৱাৰা টাইমূৰৰ পাছত অসমৰ ইতিহাসত দ্বিতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী আজিলৈকে হোৱা নাই । ১৯৭২ চনত প্ৰথম জয়ী হৈ অহাৰ পাছত তেওঁ অসমৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল । ১৯৮৩ চনৰ নিৰ্বাচনত জয়ী হোৱাৰ পাছত তেওঁক প্ৰদান কৰা হয় গড়কাপ্তানী দপ্তৰৰ দায়িত্ব । ১৯৯১ চনত তেওঁ অসমৰ চৰকাৰৰ কৃষি দপ্তৰৰ কেবিনেট মন্ত্ৰীও আছিল ।
হোছনেআৰা বেগম: ২০০১ চনত মানকাচৰ সমষ্টিৰ পৰা অসম বিধানসভালৈ বিধায়ক নিৰ্বাচিত হৈছিল হোছনেআৰা বেগম । নেশ্ব'নেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ পৰা তেওঁ বিধায়ক নিৰ্বাচিত হৈছিল অসম বিধানসভালৈ ৷
শ্বৰিফা বেগম: ২০০১ চনতেই আন এগৰাকী মুছলমান মহিলা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল । তেওঁ আছিল শ্বৰিফা বেগম । ৰূপহীহাট সমষ্টিৰ পৰা তেওঁ কংগ্ৰেছ দলৰ বিধায়ক নিৰ্বাচিত হৈছিল ।
গুল আখতাৰা বেগম: ২০১১ চনৰ নিৰ্বাচনত অসম বিধানসভালৈ নিৰ্বাচিত হোৱা একমাত্ৰ মুছলমান মহিলা বিধায়ক আছিল গুল আখতাৰা বেগম । তেওঁ পূব বিলাসীপাৰা সমষ্টিৰ পৰা এআইইউডিএফৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ।
বেবী বেগম: ২০১৬ আৰু ২০২১ চনৰ নিৰ্বাচনত অসম বিধানসভালৈ কোনো মুছলমান মহিলা নিৰ্বাচিত হোৱা নাছিল । সদ্যসমাপ্ত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা কংগ্ৰেছৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে বেবী বেগম ।
লোকসভা আৰু ৰাজ্যসভাত অসমৰ মুছলমান মহিলা
লোকসভা আৰু ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰা মুছলমান মহিলাৰ সংখ্যা আঙুলিমূৰত গণনা কৰিব পৰা ৷ স্বাধীনতাৰ পিছৰে পৰা বৰ্তমানলৈকে অসমৰ পৰা লোকসভা বা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা মুছলমান মহিলাৰ সংখ্যা এককৰ ঘৰতেই আছে ৷ চাওঁ আহক সেইকেইগৰাকী নেত্ৰী কোন-
বেগম মফিদা আহমেদ: ১৯৫৭ চনত যোৰহাট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত সংসদলৈ নিৰ্বাচিত হোৱা অসমৰ প্ৰথমগৰাকী মুছলমান মহিলা আছিল বেগম মফিদা আহমেদ । তেওঁ কংগ্ৰেছ দলৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ।
ৰছিদা হক চৌধুৰী: ১৯৭৭ চনত শিলচৰ সমষ্টিৰ পৰা কংগ্ৰেছ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ৰছিদা হক চৌধুৰী । তেওঁ ১৯৭৯ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল । সমাজ কল্যাণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিছিল ৰছিদা হক চৌধুৰীয়ে ।
চৈয়দা আনোৱাৰা টাইমূৰ: অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে ইতিহাস ৰচনা কৰা চৈয়দা আনোৱাৰা টাইমূৰ আছিল অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মুছলমান মহিলা সাংসদ ৷ ২০০৪ চনৰ পৰা ২০১০ চনলৈকে তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰে । ১৯৮৮ আৰু ১৯৯০ চনতো তেওঁ ৰাজ্যসভালৈ মনোনীত হৈছিল ।
নাজনিন ফাৰুকী: ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা দ্বিতীয়গৰাকী ৰাজ্যৰ মুছলমান মহিলা হৈছে নাজনিন ফাৰুকী । ২০১০ চনত তেওঁ কংগ্ৰেছৰ ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় আৰু ২০১৬ চনত তেওঁৰ কাৰ্যকালৰ অন্ত পৰে ।
নিৰ্বাচন আয়োগত উপলব্ধ তথ্যৰ ভিত্তত এই কেইগৰাকী নিৰ্বাচিত মুছলমান মহিলা জনপ্ৰতিনিধিৰ নাম পোৱা গৈছে ৷ অৱশ্যে পঞ্চায়ত পৰ্যায়ৰ নিৰ্বাচনত বহুসংখ্যক মুছলমান মহিলা নিৰ্বাচিত হ’বলৈ সক্ষম হৈছে ৷ ৰাজ্যৰ ৰাজনীতিত নিৰ্বাচনসমূহত মুছলমান মহিলাই অংশ লৈছে যদিও জয়ী হোৱা মহিলাৰ সংখ্যা অতি নগণ্য ৷
লগতে পঢ়ক: অসম বিধানসভাত সমৰূপ নাগৰিক সংহিতাৰ সমৰ্থনত যুক্তি প্ৰদৰ্শন এনডিএ বিধায়কৰ

