প্ৰতিটো সমষ্টিত ৫-১০ হাজাৰ বহিঃৰাজ্যৰ ভোট অন্তৰ্ভুক্তিৰ নিৰ্দেশ: দেৱব্ৰত শইকীয়াৰ বিস্ফোৰক অভিযোগ
অসম বিৰোধী হিন্দীবলয়ৰ বিৰুদ্ধে গৰজি উঠিছে দেবব্ৰত শইকীয়া ৷ অসমত এছ আৰৰ নামত বিজেপিয়ে ভুৱা ভোটাৰেৰে গাদী দখলৰ অপচেষ্টা চলোৱাৰ অভিযোগ ৷

Published : January 4, 2026 at 11:23 PM IST
গুৱাহাটী: অসমৰ ভোটাৰ তালিকাত বিহাৰ, উত্তৰ প্ৰদেশৰ মানুহ আনি নাম সন্নিৱিষ্ট কৰি বিজেপি চৰকাৰে ভোটাৰ তালিকাৰ ‘এছ আৰ’ বা বিশেষ সংশোধন প্ৰক্ৰিয়াৰ জৰিয়তে ভয়াৱহ ষড়যন্ত্ৰত লিপ্ত হৈছে । লিপ্ত হৈছে অসমৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰ ষড়যন্ত্ৰত ৷ এই মন্তব্যৰে SR প্ৰক্ৰিয়াৰ দ্বাৰা আচলতে অসমৰ জনগাঁথনি সলনি কৰি দিয়াৰ এক কৌশল বুলি দাবী কৰিছে বিৰোধী দলৰ নেতা দেবব্ৰত শইকীয়াই ৷
প্ৰতিটো বিধানসভা সমষ্টিত ৫-১০ হাজাৰকৈ অচিনাকী মানুহৰ নাম অন্তৰ্ভুক্তিৰ নিৰ্দেশ
বহিঃৰাজ্যৰ লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ বিস্ফোৰক প্ৰমাণ পোহৰলৈ অহাৰ পিছতে বিৰোধী দলৰ নেতা দেবব্ৰত শইকীয়াই দেওবাৰে সাংবাদিকৰ সন্মুখত ভোটাৰ বৃদ্ধিৰ বাবে শাসকীয় বিজেপি দলৰ ফালৰ পৰা গোপন নিৰ্দেশ দিয়াৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৷ শইকীয়াই কয়, “একেবাৰে অন্তিম মুহূৰ্তত ৫-১০ হাজাৰকৈ অচিনাকী মানুহৰ নাম প্ৰতিটো বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হ’ব লাগে বুলি নিৰ্দেশ দিয়া হৈছে ৷”
বিৰোধী দলপতিগৰাকীয়ে লগতে কয়, “ভাড়াতীয়া বা অনা-অসমীয়া ভোটাৰৰ যোগেদি অসম চুক্তিক নস্যাৎ কৰি বিজেপিৰ সাম্ৰাজ্যবাদী-ফেচিবাদী চৰকাৰখন আৰু ৫ বছৰলৈ আনিবলৈ পাৰে তাৰ বাবে বিজেপিয়ে ষড়যন্ত্ৰত লিপ্ত হৈছে ।”
উদাহৰণ দিলে দেবব্ৰত শইকীয়াই
গুৱাহাটীৰ মাজমজিয়াত অসম চুক্তিক আঘাত হনাৰ প্ৰমাণ পোৱা গৈছে বুলি উল্লেখ কৰি তেওঁ কয়, “গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষতে তৈয়বুল্লা পথৰ ঘৰত বিহাৰ-উত্তৰ প্ৰদেশৰ মানুহক ভোটাৰ কৰা হৈছে ৷ ৪৪ নং ঘৰ আৰু ২নং ঘৰত ভোটাৰ অন্তৰ্ভুক্ত কৰা হৈছে ৷ ৪৪ নং ঘৰত চাৰিজন লোকৰ সৈতে অতিৰিক্ত চাৰিজন বিহাৰী আৰু হিন্দীভাষী মানুহৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ৷ ২নং ঘৰত কাজী নেকিব থাকে ৷ তেওঁৰ ঘৰৰ সদস্য দুজন৷ তাৰ ঠাইত অতিৰিক্ত ৩ জন লোকৰ নাম সন্নিৱিষ্ট কৰা হৈছে ৷”
দেবব্ৰত শইকীয়াই লগতে কয়, “আমি বিধানসভাত বিহাৰ, উত্তৰ প্ৰদেশৰ মানুহ যদি অসমৰ ভোটাৰ তালিকাত নাম সোমাই তেতিয়া কি হ’ব বুলি প্ৰশ্ন কৰিছিলো ৷ অসম চুক্তি কেনেকৈ ৰক্ষণাবেক্ষণ হ’ব, অসমৰ ৰাজনীতি-অৰ্থনীতি কেনেকৈ মুক্ত হৈ থাকিব, অসম চুক্তিৰ ছয় নং দফাৰ অস্তিত্ব কেনেকৈ ৰক্ষা কৰিব বুলি প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ উত্তৰ দিব নোৱাৰিলে ৷”
হিন্দীবলয়ৰ আধিপত্য বিস্তাৰ কৰাৰ অপচেষ্টা বিজেপিৰ
বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ মন্তব্য যে বিজেপিয়ে অসমৰ জনগাঁথনি সলনি কৰি হিন্দীবলয়ৰ আধিপত্য স্থাপন কৰিবৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈছে । তেওঁ কয়, “এতিয়া স্পষ্ট প্ৰমাণ পোৱা গৈছে বিজেপি দলে এতিয়া অচিনাকী ভোটাৰ আনি অসমৰ ৰাজনীতিত প্ৰভাৱ চলাব বিচাৰিছে ৷ আমাৰ ৰাজ্যৰ জনগাঁথনি সলনি কৰি মূল হিন্দীবলয়ৰ আধিপত্য বিস্তাৰ কৰিবলৈ খুব বেয়া প্ৰচেষ্টা লৈছে ৷”
হিন্দী ৰাষ্ট্ৰীয় ভাষা নহয়, আমাৰ নিজৰ আত্মগৌৰৱ আছে, আমি প্ৰতিবাদ কৰিম
হিন্দীবলয়ৰ বিৰুদ্ধে গৰজি উঠিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়া । এই প্ৰসংগত শইকীয়াৰ স্পষ্ট মত, “হিন্দী সকলোৱে বুজি পায় ৷ অসম, নাগালেণ্ড, অৰুণাচলতো বুজি পায় ৷ হিন্দী ৰাষ্ট্ৰীয় ভাষা নহয় ৷ আমাৰ নিজৰ নিজৰ আত্মগৌৰৱ আছে ৷ কিন্তু বিজেপিয়ে হিন্দুত্ববাদী, হিন্দী, এক দেশ এক ধৰ্মৰ আধিপত্য বিস্তাৰ কৰিবলৈ খুব বেয়া প্ৰচেষ্টা লৈছে ৷ ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ আমি কৰিব লাগিব ৷ আমি প্ৰতিবাদ কৰিম ৷”
কৰ্ণাটক, হাৰিয়ানা, মহাৰাষ্ট্ৰ, বিহাৰ আদি ৰাজ্যৰ উদাহৰণ উল্লেখ কৰি দেৱব্ৰত শইকীয়াই কয়, “আমি অসমত গৰু চোৰ, গৰু চোৰ বুলি উৎপাত লগাই আছিলো ৷ আমাৰ নেতা ৰাহুল গান্ধীয়ে কৰ্ণাটক, হাৰিয়ানা, মহাৰাষ্ট্ৰ, বিহাৰ আদি ৰাজ্যত এটা এটা সৰু কোঠালিত ৮০ জনলৈ মানুহৰ থকাৰ তথ্য দেখুৱাই ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰাৰ কথা কৈছিল ৷ যিটো কোঠালিত চাৰিজন মানুহ থাকিব নোৱাৰে ৷ ঘৰৰ নাম নোহোৱা, শূন্য ঘৰৰ নম্বৰটো ভোটাৰক অন্তৰ্ভুক্ত কৰি বিজেপিয়ে কিছুমান অচিনাকী মানুহক ভোট দিয়াৰ ব্যৱস্থা কৰে । আনকি ব্ৰাজিলিয়ান মডেলৰ নাম হাৰিয়ানাৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছিল ৷ সেই কথা আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই প্ৰমাণ সহকাৰে উদঙাই দিছিল ৷”
কংগ্ৰেছ জ্যেষ্ঠ নেতাগৰাকীৰ মন্তব্য, “আমি অসমত কৈ আছিলো যে অসমত এছ আৰ, এছ আই আৰ নালাগে ৷ আমাক এন আৰ চি খন চূড়ান্ত কৰি দিয়ক ৷ এন আৰ চিত বহুতৰ নাম আহিছে ৷ বিভিন্ন কাৰণত বহুতৰ নাম অহা নাই ৷ যিসকলৰ নাম অহা নাই তেখেতসকলক এটা সুযোগ দিয়ক ৷ কিবা যদি কাগজ-পত্ৰ আছে তাক দিবলৈ সুযোগ দিয়ক ৷”
অসম চুক্তিত অসমখন বিদেশীমুক্ত হ’ব লাগে বুলি উল্লেখ থকাৰ কথা উল্লেখ কৰি শইকীয়াই লগতে কয় যে এন আৰ চিখন হ’লে বিদেশী আছে নেকি সেই কথাটো গম পাম ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আই এম ডি টি এক্ট বাতিল কৰি জাতীয় নায়কৰ খিতাপ ল’বলৈ সক্ষম হৈছিল ৷ কিন্তু তেওঁলোকে আজি এন আৰ চি কৰিবলৈ সাহস কৰা নাই ৷
শইকীয়াৰ দাবী, “কংগ্ৰেছেই একমাত্ৰ দল যিটো দলে কৈ আছো যে এন আৰ চিখন সম্পূৰ্ণ কৰক আৰু বিদেশীমুক্ত ভোটাৰ তালিকা প্ৰস্তুত কৰক আৰু বিদেশী বহিস্কাৰ কৰক ৷ আমি এই স্থিতিত অটল হৈ আছো ৷ এতিয়া মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত বিভিন্ন বক্তব্য দিয়ে ৷ কেতিয়াবা শৰাইঘাটৰ শেষ ৰণ, কেতিয়াবা কয় মোগলৰ আক্ৰমণ, বিদেশীৰ আক্ৰমণৰ কথা কয় ৷ শেহতীয়াকৈ তেওঁ কৈ আছে ‘অচিনাকী’ লোকৰ কথা ৷”
লগতে পঢ়ক: ২৫ বছৰে জালুকবাৰী সমষ্টি দখল ড৹ হিমন্ত বিশ্ব শৰ্মাৰ : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছৰ পৰিৱেশ

