ৰাজনীতি কৰিবলৈ মুখ্যমন্ত্রীয়ে প্ৰশাসন যন্ত্রটোক ব্যৱহাৰ কৰাটো একেবাৰে অনুচিত : দেবব্ৰত শইকীয়া
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত খড়্গহস্ত বিৰোধী দলপতি দেবব্ৰত শইকীয়া ৷ কিন্তু কিহৰ বাবে, জানিবলৈ পঢ়ক এই খবৰ ৷

Published : November 2, 2025 at 11:15 PM IST
গুৱাহাটী: ‘‘মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ সন্দৰ্ভত ভুল ধাৰণা দি আমাৰ কংগ্ৰেছ দলৰ নেতাসকলক অসন্মান কৰিবলৈ চেষ্টা কৰি আছে । মুখ্যমন্ত্ৰীয়ে ২০২৪ চনৰ পৰাই গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত মিডিয়া এটেনশ্যনৰ বাবে কেতবোৰ কথা কৈ আহিছে । ১০ ছেপ্তেম্বৰৰ পৰা এতিয়া ১০ নৱেম্বৰ আহিবলৈ হ'ল তেখেতৰ ফ্লপ চিনেমাখনৰ কথা কৈ নিজৰ প্ৰাসংগিকতা বজাই ৰখাৰ বাবে চেষ্টা কৰি আছে । যদি তেওঁৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হাতত এনে কোনো তথ্য আছে ৰাইজৰ আগত দাখিল কৰক’’ - এই মন্তব্য বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ ।
দেওবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি দেবব্ৰত শইকীয়াই কয়, ‘‘কাম কৰিবলগীয়া হ'লে যেতিয়াই কামৰ প্ৰয়োজন তেতিয়াই কৰিব লাগে । যেনেকৈ নৰিয়াপাতিৰে লাচিত বৰফুকনে মোগলৰ লগত যুদ্ধ কৰি পৰাস্ত কৰিছিল ৷ অসমৰ ইতিহাসত সেই উদাহৰণ আছে । সেই গতিকে ৰাজনীতি কৰিবলৈ মুখ্যমন্ত্রীয়ে নিজৰ প্ৰশাসন যন্ত্রটোক ব্যৱহাৰ কৰি থকাটো একেবাৰে অনুচিত । কাৰণ মুখ্যমন্ত্রীয়ে আগতে কৈছিল ১০ ছেপ্টেম্বৰৰ দিনা এছ আই টিৰ ৰিপ’ৰ্টতো আমি পাম । এতিয়া ১০ অক্টোবৰ গ'ল, ১০ নৱেম্বৰ যাব আৰু তাৰপিছত ১০ ডিচেম্বৰো হ'ব । তাৰপিছতো তেওঁ একেখন ৰেকৰ্ড বজাই বজাই আমাৰ দলৰ সভাপতিজনক পাকিস্তানৰ এজেণ্ট বুলি কৈ মানুহৰ মনত এটা ভুল ধাৰণা দিবলৈ যি চেষ্টা কৰি আছে, সেইটো এটা অপচেষ্টা । মই ভাবো গৌৰৱ গগৈয়ে কথাখিনি সহজভাৱে লৈছে । মই আশা কৰো মুখ্যমন্ত্রীয়ে কোৱাৰ দৰে তেওঁ মানহানিৰ গোচৰ দিব । মুখ্যমন্ত্রীয়ে যে মুখ্যমন্ত্রীৰ চকীখনৰ পৰা হাজাৰবাৰ মিছা কথা কয়, সেই কথাটো আমাৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰমাণ কৰিব ।’’
আনহাতে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত বিৰোধী দলপতিগৰাকীয়ে কয়, ‘‘মুখ্যমন্ত্রীয়ে জুবিন গাৰ্গৰ হত্যাকাণ্ড বুলি ক'লে । তাৰপিছত তেওঁ হজম কৰিব নোৱাৰা ভয়ানক তথ্য ওলাব বুলি ক'লে । কালি কৈছে কথাখিনি ওলালে শান্তি নাপাব । সেইবিলাক কৈ কৈ তেওঁ কিয় আমাৰ মানুহবোৰৰ মনবোৰ বেয়া কৰি আছে । তেওঁ কথাবোৰ কোন লাইনত লৈ যাব বিচাৰিছে, সেইটো আমাৰ বাবে চিন্তাৰ কাৰণ । আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিম । আমি সকলো কথা জানিব বিচাৰো । এছ আই টিয়ে ভালদৰে তদন্ত কৰক ।’’
লগতে পঢ়ক: একালৰ দুই সহপাঠীৰ বাকযুদ্ধ: মন্ত্রী বিমল বড়া আৰু বিধায়ক অখিল গগৈৰ মাজত বাক-বিতণ্ডা

