ETV Bharat / politics

এল এণ্ড টি-ভাৰতী এণ্টাৰপ্ৰাইজৰ শীৰ্ষ বিষয়াৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

দুয়োটা কোম্পানীৰে শীৰ্ষ বিষয়াসকলৰ সৈতে ৰাজধানী দিল্লীত পৃথক পৃথক বৈঠকত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷

CM Himanta Biswa Sarma
নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ শৰ্মা (ANI)
author img

By ANI

Published : June 2, 2026 at 8:50 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: মন্ত্ৰীসভা সম্প্ৰসাৰণকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লী ভ্ৰমণ ৷ এই সময়ছোৱাত দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি কৰ্প’ৰেট খণ্ডৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰে ৷

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লাৰ্চেন এণ্ড টাব্ৰ’ (এল এণ্ড টি) আৰু ভাৰতী এণ্টাৰপ্ৰাইজেছৰ শীৰ্ষ নেতাসকলৰ সৈতে পৃথক পৃথক বৈঠকত মিলিত হৈ চলি থকা প্ৰকল্পসমূহ পৰ্যালোচনা কৰাৰ লগতে ৰাজ্যখনত ভৱিষ্যতৰ বিনিয়োগৰ বিষয়ে আলোচনা কৰে ।

মুখ্যমন্ত্রী শৰ্মাই লাৰ্চেন এণ্ড টাব্ৰ’ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এছ এন সুব্ৰমণিক তেওঁৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰি অসমৰ আগশাৰীৰ অভিযান্ত্ৰিক আৰু আন্তঃগাঁথনি কোম্পানীটোৱে ৰূপায়ণ কৰি থকা বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে ।

বৈঠকৰ শেষত মুখ্য়মন্ত্ৰীয়ে কয়, ‘‘এল এণ্ড টিয়ে অসমত গ্ৰহণ কৰা বিভিন্ন প্রকল্প আৰু সেইবোৰ সময়মতে সম্পূর্ণ কৰাৰ ৰোডমেপ সন্দর্ভত আলোচনা কৰিলোঁ ৷’’

দিনান্তত মুখ্যমন্ত্রীয়ে ভাৰতী এণ্টাৰপ্ৰাইজেছৰ উপাধ্যক্ষ ৰাজন ভাৰতী মিট্টালৰ সৈতেও তেওঁৰ চৰকাৰী বাসগৃহত বৈঠকত মিলিত হয় ৷ য’ত অসমত বিশেষকৈ টেলিকম খণ্ডত কোম্পানীটোৰ সম্প্ৰসাৰণৰ পৰিকল্পনাৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰে ।

এই বৈঠকসমূহে অসম চৰকাৰৰ অগ্ৰণী কৰ্প’ৰেট গোষ্ঠীসমূহৰ সৈতে ধাৰাবাহিকভাৱে জড়িত হৈ সমগ্ৰ ৰাজ্যজুৰি বিশেষকৈ কম সেৱা লাভ কৰা অঞ্চলসমূহত আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত আৰু ডিজিটেল সংযোগৰ উন্নতিৰ ওপৰত আলোকপাত কৰে ।

পূৰ্বে ২৯ মে’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ‘‘মিছন ২ লাখ চৰকাৰী চাকৰি’’ শীৰ্ষক নিযুক্তিৰ এক বৃহৎ পদক্ষেপ আৰম্ভ কৰিছিল ৷ এই আঁচনিৰ লক্ষ্য হৈছে পৰৱৰ্তী পাঁচ বছৰত দুই লাখ চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰা ।

এই অভিযানৰ অধীনত অসম চৰকাৰে আগন্তুক ৫ বছৰত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলক বিভিন্ন বিভাগ, স্বায়ত্তশাসিত প্ৰতিষ্ঠান, অৰ্ধ-চৰকাৰী সংস্থা, মিছন আৰু কমিটীত ২ লাখ চৰকাৰী চাকৰি দিয়াৰ পৰিকল্পনা কৰিছে । বর্তমান চৰকাৰৰ প্রথম কেবিনেট বৈঠকত অসম চৰকাৰৰ মুখ্য সচিবৰ নেতৃত্বত এখন টাস্ক ফ’ৰ্চ গঠন কৰি সকলো দিশ পৰীক্ষা কৰি প্রতিবেদন প্রস্তুত কৰি ৰাজ্যৰ ২ লাখ যুৱক-যুৱতীক আগন্তুক পাঁচ বছৰৰ ভিতৰত চৰকাৰী চাকৰি প্রদানৰ নির্বাচনী প্রতিশ্রুতি পূৰণ কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ তিনি মাহৰ ভিতৰত টাস্ক ফ’ৰ্চে প্ৰতিবেদন দাখিল কৰিব ।

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই কয়, ‘‘আমাৰ প্রতিশ্রুতি পূৰণৰ দিশত আমাৰ প্রচেষ্টাত শিথিল হ’বলৈ সময় নাই ৷ মোৰ দলটোৱে ইতিমধ্যে খালী পদ পূৰণ কৰা, এজেণ্ডা প্রস্তুত কৰা, বিভাগ আৰু সংস্থাসমূহৰ ৰূপৰেখা প্ৰস্তুত কৰা আৰু ২ লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰাত ব্যস্ত হৈ পৰিছে ৷’’

লগতে পঢ়ক: 'মিছন চেনেহজ'ৰী– ব্ৰেণ্ডিং মুগা’ আৰম্ভ: নিটি আয়োগৰ উপাধ্যক্ষসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ