পৱন খেড়াৰ জামিন আবেদন নাকচ : গুৱাহাটী উচ্চ ন্যায়ালয়লৈ অধিবক্তাৰ পত্ৰ
খেড়াৰ এজন অধিবক্তাই শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ ৰাজনীতিবিদগৰাকীৰ আগতীয়া জামিন আবেদন খাৰিজ কৰা নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰে ৷

By PTI
Published : April 24, 2026 at 10:45 PM IST
গুৱাহাটী: বিপদে লগ এৰা নাই কংগ্ৰেছ নেতা পৱন খেড়াৰ ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে পৱন খেড়াৰ অগ্ৰিম জামিন খাৰিজ কৰে । তাৰ লগে লগে আইনী বাধা আঁতৰি গ্ৰেপ্তাৰৰ পথ প্ৰশস্ত হৈছে কংগ্ৰেছ নেতাগৰাকীৰ ।
বিষয়টোক লৈ খেড়াৰ এজন অধিবক্তাই শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ ৰাজনীতিবিদগৰাকীৰ আগতীয়া জামিন আবেদন খাৰিজ কৰা নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই এক পত্ৰ প্ৰেৰণ কৰে ৷ উক্ত পত্ৰত তেওঁ কয় যে এই গোচৰত অভিযোগকাৰী মুখ্যমন্ত্ৰীৰ পত্নীক প্ৰতিনিধিত্ব কৰি ৰাজ্যৰ মহাধিবক্তাই ভাৰতীয় বাৰ কাউন্সিলৰ নীতি-নিয়ম উলংঘা কৰিছে ৷
মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ বিৰুদ্ধে প্ৰকৃত সত্য লুকুৱাবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰি মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰক বিষয়টোত হস্তক্ষেপ কৰিবলৈ অধিবক্তা ৰীতম সিঙে আহ্বান জনায় ।
সিঙে দাবী কৰে যে মহাধিবক্তা শইকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিণিকি ভূঞা শৰ্মাৰে সৈতে তেওঁৰ দীৰ্ঘদিনীয়া লেনদেনৰ সম্পৰ্ক থকা গুৰুত্বপূৰ্ণ আৰু অত্যন্ত প্ৰাসংগিক তথ্য লুকুৱাই ৰাখিছে ।
তেওঁ দাবী কৰে যে ইয়াৰ দ্বাৰা ভাৰতীয় বাৰ কাউন্সিলৰ অধীনস্থ পেছাদাৰী আচৰণ আৰু শিষ্টাচাৰৰ মানদণ্ডৰ ৩১, ৩২ আৰু ৩৩ নং নীতি উলংঘা কৰা হৈছে । এই নীতিসমূহে অধিবক্তা আৰু তেওঁলোকৰ ক্লায়েণ্টৰ মাজত আৰ্থিক আৰু পেছাদাৰী সততা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ পত্নীৰ হাতত একাধিক পাছপ’ৰ্ট থকাৰ লগতে বিদেশত সম্পত্তি থকাৰ অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পত্নীয়ে দিয়া গোচৰত কংগ্ৰেছ নেতা খেড়াৰ আগতীয়া জামিন আবেদন ন্যায়াধীশ পাৰ্থৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে শুকুৰবাৰে নাকচ কৰে ।
সিঙে মুখ্য ন্যায়াধীশলৈ লিখা পত্ৰত দাবী কৰিছে যে যুক্তিৰ সময়ছোৱাত মহাধিবক্তাই নিজেই জালুকবাৰী বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মনোনয়ন পত্ৰৰ লগতে ২০ মাৰ্চত দাখিল কৰা মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী শপতনামা অভিলেখত আনিছিল ।
সেই শপতনামাতে শইকীয়াক দিবলগীয়া ২ লাখ টকা আৰু মুখ্যমন্ত্ৰীৰ পত্নীয়ে দিবলগীয়া এক লাখ টকাৰ বাকী থকা ঋণৰ তথ্য সন্নিৱিষ্ট কৰা হৈছে ৷ ২০১৬ চনৰ পৰা এই ধনৰাশি অপৰিৱৰ্তিত হৈ আছে বুলি পত্ৰখনত সিঙে উল্লেখ কৰিছে ।
অধিবক্তাগৰাকীয়ে কয় যে তেওঁ যোৱা মাহত মুখ্য ন্যায়াধীশলৈ পূৰ্বতে উল্লেখ কৰা বিত্তীয় লেনদেন আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা স্বাৰ্থৰ সংঘাতৰ সন্দৰ্ভতো পত্ৰ প্ৰেৰণ কৰিছিল ৷ যিবোৰে ভাৰতীয় বাৰ কাউন্সিলে সন্নিৱিষ্ট কৰা পেছাদাৰী আচৰণ আৰু শিষ্টাচাৰৰ মানদণ্ডৰ ৩১, ৩২ আৰু ৩৩ নং নিয়ম উলংঘন কৰাক বুজাইছে ৷ উক্ত অভিযোগৰ প্ৰতিলিপি প্ৰস্তুত উল্লেখৰ বাবে ইয়াৰ সৈতে সংলগ্ন কৰা হৈছে ।
খেড়াক প্ৰতিনিধিত্ব কৰা আইনী দলৰ সদস্য সিঙে মুখ্য ন্যায়াধীশক ন্যায়ৰ স্বাৰ্থত বিষয়টো পুনৰ বিবেচনা কৰি চাবলৈ আবেদন জনায় ৷ কংগ্ৰেছ নেতা খেড়াৰ জামিন আবেদনৰ বিষয়টো পুনৰ স্বতন্ত্ৰ বিচাৰপীঠত শুনানি গ্ৰহণ কৰাৰ বাবেও আবেদন জনায় অধিবক্তাগৰাকীয়ে ৷
উল্লেখ্য যে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সম্বোধন কৰা এখন সংবাদমেলত কংগ্ৰেছ নেতা পৱন খেড়াই উত্থাপন কৰা অভিযোগৰ পিছতে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাত মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা শৰ্মাই তেওঁৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰে ।
লগতে পঢ়ক: গ্ৰেপ্তাৰ হ'ব নেকি পৱন খেড়া, কি ক'লে মহাধিবক্তা দেৱজিৎ লন শইকীয়াই ?

