UPPLৰ পৰা পদত্যাগৰ ঘোষণা উপ সভাপতি খাম্পা বৰগয়াৰীৰ, বিধানসভা নিৰ্বাচনৰ পূৰ্বে বড়ো ৰাজনীতিত নতুন সমীকৰণ?
ইউপিপিএল দলৰ জ্য়েষ্ঠ নেতা খাম্পা বৰগয়াৰীয়ে সভাপতি প্ৰমোদ বড়োলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ৷ দলটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আফজাল খানেও দলটোৰ পৰা পদত্যাগ কৰিছে ৷

Published : March 2, 2026 at 9:43 AM IST
|Updated : March 2, 2026 at 11:15 AM IST
কোকৰাঝাৰ : বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ইউ পি পি এলত মোক্ষম আঘাত ৷ ইউ পি পি এলৰ উপ সভাপতি তথা জ্যেষ্ঠ নেতা খাম্পা বৰগয়াৰীয়ে দলটোৰ পৰা পদত্যাগ কৰিছে ৷ খাম্পা বৰগয়াৰীয়ে সভাপতি প্ৰমোদ বড়োলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বাতৰিয়ে বড়ো ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিছে । বিশেষ সূত্ৰে জানিব পৰা মতে সোমবাৰে ছিৰাঙৰ কাজলগাওঁত অনুষ্ঠিত হ’বলগা এখন সভাত দুয়োগৰাকী নেতাই পুনৰাই বিপিএফ দলত যোগদান কৰিব বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য় যে, দেওবাৰে নিশা ইউপিপিএল দলৰ উপ সভাপতি তথা বিৰোধী দলপতি খাম্পা বৰগয়াৰী আৰু কেন্দ্ৰীয় সমিতিৰ সম্পাদক আফজল খানে ইউপিপিএল দলৰ সাধাৰণ সদস্যৰ পৰা পদত্যাগ কৰি দলৰ সভাপতি প্ৰমোদ বড়োলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ দলৰ সভাপতি প্ৰমোদ বড়োলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি খাম্পা বৰগয়াৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে পদত্যাগ কৰা কথা ৰাজহুৱা কৰে ৷

বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত খাম্পা বৰগয়াৰীৰ পদত্যাগে বড়ো ভূমিৰ ৰাজনীতিত আলোড়ন সৃষ্টি কৰিছে। উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিপিএফ দলৰ পৰা পাঁচ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা বিপিএফ দলৰ পৰা খাম্ফাই প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । সেই নিৰ্বাচনত ইউপিপিএল দলৰ জয়ন্ত বসুমতাৰীয়ে জৱলাভ কৰিছিল।

লোকসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাীৰৰ সৈতে খাম্ফা বৰগয়াৰীৰ মনোমালিন্য হোৱা বুলি জানিব পৰা গৈছিল ৷ সেই সূত্ৰে খাম্পা বৰগয়াৰীয়ে বিটিচি নিৰ্বাচনৰ প্ৰায় ছয়মাহ পূৰ্বে ইউপিপিএল দলত যোগদান কৰিছিল ৷ যোৱা বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰীক প্ৰত্যাহ্বান জনাই একালৰ সতীৰ্থ খাম্পা বৰগয়াৰীয়ে ইউপিপিএল দলৰ প্ৰাৰ্থী হিচাবে ১০ নম্বৰ দেৱৰগাঁও আৰু ১৪ নম্বৰ চিৰাংদুৱাৰ পৰিষদীয় সমষ্টিত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল আৰু চিৰাংদুৱাৰ সমষ্টিৰ পৰা মাত্ৰ ৪০০ ভোটৰ ব্যৱধানত তেওঁ হাগ্ৰামা মহিলাৰীক পৰাজিত কৰিছিল ৷

ইউপিপিএল দলৰ পৰা নিৰ্বাচিত হৈ অহাৰ পাছত দলৰ সভাপতি প্ৰমোদ বড়োই খাম্পা বৰগয়াৰীক বিৰোধী দলৰ সভাপতিৰ দায়িত্ব দিছিল। কিন্তু এখন নতুন পৰিষদ গঠন হোৱাৰ পাঁচ মাহ নহওঁতেই দেওবাৰে ইউপিপিএল দল ত্যাগ কৰি পুনৰাই বিপিএফ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰাৰ খবৰে বড়ো ৰাজনীতিত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক :
অসমৰ ৬ জনগোষ্ঠী একত্ৰিত হৈ মুখ্যমন্ত্ৰীক পৰাজিত কৰিব : গৌৰৱ গগৈ

