পুনৰাই বিপিএফলৈ আহিল খাম্পা বৰগয়াৰী, ৰাজনীতিত মনৰ কথা ক'লে খাম্পাই
দল ত্য়াগ কৰিলেও ইউপিপিএলক ভাল আঞ্চলিক দল বুলি মন্তব্য় খাম্পা বৰগয়াৰীৰ । উল্লেখ্য় যে বিটিচি নিৰ্বাচনৰ পূৰ্বে বিপিএফৰ পৰা ইউপিপিএললৈ আহিছিল খাম্পা বৰগয়াৰী ৷

Published : March 2, 2026 at 5:59 PM IST
কোকৰাঝাৰ: বিগত বিটিচি নিৰ্বাচনৰ সময়ত হাগ্ৰামা মহিলাৰীৰ স'তে অহি-নকুল সম্পৰ্কৰে চৰ্চাত থকা খাম্পা বৰগয়াৰীৰ পুনৰ বিপিএফত যোগদান কৰিলে । পদত্য়াগৰ পিচতেই জাতীয় সমস্যা, ভাষা, সংস্কৃতি, উন্নয়ন কৰাৰ বাবেই পুনৰ বিপিএফলৈ উভতি অহা বুলি মন্তব্য় কৰিলে বৰগয়াৰীয়ে ।
ইউপিপিএলৰ পৰা পদত্যাগৰ পিছত সংবাদমাধ্যমৰ আগত খাম্পা বৰগয়াৰীৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "আমি বিটিচি গঠন কৰিছো ৷ বিটিচিখন ভালকৈ পৰিচালনা কৰিবৰ বাবে আমি বিপিএফ দল গঠন কৰিছো ৷ বিটিচি পূৰ্ণাংগ উন্নয়নৰ আমি যি কাম আৰম্ভ কৰিছো এতিয়া বিভিন্ন কাৰণত আমি কেইজনমান বিপিএফ নেতা হাগ্ৰামা মহিলাৰীৰ পৰা আঁতৰি বেলেগ দলত কাম কৰিছিলো ৷ বেলেগ দলত কাম কৰাৰ পাছত মই উপলব্ধি কৰিছো বিটিচি গঠনৰ যিটো উদ্দেশ্য আছিল এই দলত থাকি মোৰ বিটিচি গঠনৰ উদ্দেশ্যৰ বিৰুদ্ধে কাম কৰা যেন লাগিছে ৷"
তেওঁ পুনৰ কয়," মই আজি পুনৰাই চিন্তা কৰি আৰু আৰু বিপিএফ দলৰ নেতা তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে দলটোৰ জ্যেষ্ঠ নেতাসকলৰ আহ্বান মৰ্মে পুনৰ বিপিএফ দলত উভতি আহি আগতে যেনেকৈ কাম কৰিছিলো তেনেকৈ কাম কৰাৰ প্ৰচেষ্টা লৈ আহিছো । আমাৰ বিটিচি অঞ্চলত যি আছে সকলোকে একত্ৰিত কৰি উন্নয়নমূলক কাম কৰিম । প্ৰত্যেক জাতি -জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰাৰ আমাৰ যি চেষ্টা সেইটো পূৰ্ণাংগভাৱে যাতে সফল হয় সেইবাবে পুনৰাই বিপিএফ দলত উভতি অহাৰ প্ৰচেষ্টা লৈছো ৷ "
খাম্পা বৰগয়াৰীয়ে লগতে কয়," হাতত অস্ত্ৰ লৈ সংগ্ৰাম কৰি বিটিচি গঠন কৰিলোঁ । নিজৰ জাতীয় সমস্যা , ভাষা,সংস্কৃতি ,উন্নয়ন কৰাৰ ক্ষেত্ৰত বিপিএফ আঞ্চলিক দল শ্ৰেষ্ঠ । এতিয়া উপলব্ধি কৰিছো কাম কৰাৰ মৰ্যাদা বিপিএফ দলত আছে ।" বৰগয়াৰীয়ে কয়, "পৰ্যায়ক্ৰমে মোৰ সৈতে ওলাই যোৱা কোকৰাঝাৰ , গোসাঁইগাঁও, পৰ্বতঝোৰা, কাজলগাঁও, বিজনী , চিৰাঙৰ পৰাও প্ৰায় ৪০-৫০ জন নেতা-কৰ্মীসকল বিপিএফ দলত যোগদান কৰিব ।"

আনহাতে ইউপিপিএল দলক ভাল আঞ্চলিক দল বুলি মন্তব্য় কৰি প্ৰমোদ বড়োৰ দীঘলীয়া সংগ্ৰাম,পাঁচ বছৰীয়া শাসন, দক্ষতা, জ্ঞান , বুদ্ধি, ধৈৰ্য সকলোৱে জানে বুলি মন্তব্য কৰে খাম্পা বৰগয়াৰীয়ে ।
উল্লেখ্য যে যোৱা বিটিচি নিৰ্বাচনৰ পূৰ্বে হাগ্ৰামা মহিলাৰীক প্ৰত্যাহ্বান জনাই একালৰ সতীৰ্থ খাম্পা বৰগয়াৰীয়ে ইউপিপিএল দলত যোগদান কৰা কাৰ্যই বড়োভূমিৰ ৰাজনীতিত খলকনিৰ সৃষ্টি কৰিছিল । বিটিচি নিৰ্বাচনত দুয়োজনে দুয়োজনৰ বিৰুদ্ধে নিৰ্বাচনত অবতীৰ্ণ হৈছিল । ইয়াৰে চিৰাং জিলাৰ চিৰাং দুৱাৰ সমষ্টিৰ পৰা হাগ্ৰামা মহিলাৰীক পৰাস্ত কৰি খাম্পা বৰগয়াৰী ইউপিপিএল দলৰ পৰা জয়ী হৈছিল ।

