ETV Bharat / politics

সন্ধিয়াৰ পৰা আৰম্ভ হ'ব কেৰালামৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বাছনিৰ আলোচনা

কেৰালামৰ মুখ্যমন্ত্ৰী বাছনিৰ প্ৰক্ৰিয়া অব্যাহত আছে । কংগ্ৰেছৰ হাইকমাণ্ডৰ সৈতে আলোচনাৰ বাবে দিল্লীত উপস্থিত হৈছে প্ৰদেশ কংগ্ৰেছৰ নেতাসকল ।

Sunny Joseph
সন্ধিয়াৰ পৰা আৰম্ভ হ'ব কেৰালামৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বাছনিৰ আলোচনা : ছানী জোছেফ (ANI)
author img

By ANI

Published : May 9, 2026 at 1:57 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: যোৱা ৪ মে'ত ঘোষণা হোৱা কেৰালাম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত গণতান্ত্ৰিক মৰ্চাই (ইউডিএফ) সৰ্বাধিক আসন লাভ কৰি চৰকাৰ গঠনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । য'ত কংগ্ৰেছে অকলে ৬৩ খন আসন লাভ কৰে । একেদৰে মিত্ৰদল চিপিআই-এময়ে ২৬ খন আৰু চিপিআই দলে ৮ খন আসন লাভ কৰে । কিন্তু ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব ? সেয়া এতিয়াও নিশ্চিত হোৱা নাই । কেইবাগৰাকী নেতা মুখ্যমন্ত্ৰীৰ দৌৰত আছে যদিও এতিয়ালৈ নাম ঘোষণা হোৱা নাই । তাৰ মাজতে কেৰালাম কংগ্ৰেছৰ সভাপতি ছানী জোছেফে শনিবাৰে কয় যে কেৰালামৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বাছনি সন্দৰ্ভত আলোচনা সন্ধিয়াৰ পৰা আৰম্ভ হ'ব । তেওঁ উল্লেখ কৰা মতে দল আৰু মিত্ৰদলৰ ভিতৰত আভ্যন্তৰীণ আলোচনা অব্যাহত আছে । সাংবাদিকৰ আগত তেওঁ কয় যে বৈঠকসমূহ এতিয়াও আৰম্ভ হোৱা নাই আৰু সন্ধিয়ালৈ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

তেওঁ কয়, "বৈঠকবোৰ সন্ধিয়ালৈহে আৰম্ভ হ'ব । মই সকলো প্ৰতিবাদ দেখিছোঁ । কালি আহি পোৱাৰ সময়ত মোক উষ্ম আদৰণি জনোৱা হৈছিল ।" একে মতামত প্ৰকাশ কৰি কংগ্ৰেছ নেতা কে মুৰলীধৰণে কয় যে কেৰালামত মুখ্যমন্ত্ৰী কোন হ'ব তাৰ চূড়ান্ত সিদ্ধান্ত শনিবাৰে সন্ধিয়া বা দেওবাৰৰ ভিতৰত লোৱা হ'ব পাৰে । তেওঁ উল্লেখ কৰা মতে কংগ্ৰেছৰ হাইকমাণ্ডে আলোচনা অব্যাহত ৰাখিছে ।

মুৰলীধৰণে কয় যে প্ৰতিবাদৰ প্ৰতি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে বিধায়ক আৰু মিত্ৰজোঁটৰ অংশীদাৰৰ সৈতে আলোচনাৰ ভিত্তিত দলৰ নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰিব । তেওঁ কয়, "আজি সন্ধিয়া নহ'লে কাইলৈ ​​চূড়ান্ত সিদ্ধান্ত ওলাব । দলীয় হাইকমাণ্ডে প্ৰতিবাদৰ কথা বিবেচনা নকৰে বৰঞ্চ বিধায়ক আৰু মিত্ৰজোঁটৰ অংশীদাৰৰ মতামতহে বিবেচনা কৰিব ।"

শেহতীয়াকৈ ঘোষণা হোৱা বিধানসভা নিৰ্বাচনত ৰাজ্যখনত বাওঁ গণতান্ত্ৰিক মৰ্চাক ওফৰাই কংগ্ৰেছ মিত্ৰজোঁটে ১০২ খন আসন লাভ কৰে । অৱশ্যে কেৰালামত পৰৱৰ্তী ইউডিএফ চৰকাৰক নেতৃত্ব কোনে দিব তাক লৈ জল্পনা কল্পনা অব্যাহত আছে । বিদায়ী বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভি ডি সাথীছন মুখ্যমন্ত্ৰী পদৰ অন্যতম দাবীদাৰ হৈ আছে ।

কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে আলোচনাৰ বাবে শুকুৰবাৰে নিশা দিল্লীত উপস্থিত হয় সাথীছন । একেদৰে কংগ্ৰেছ নেতা ৰমেশ চেন্নীথালাও কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে বৈঠকৰ বাবে দিল্লীত উপস্থিত হয় । একাংশ নেতাই অৱশ্যে সাথীছনক সমৰ্থন কৰা দেখা গৈছে ।

লগতে পঢ়ক :

ইতিহাস ৰচনা কৰি পশ্চিমবংগৰ প্ৰথমজন বিজেপিৰ মুখ্যমন্ত্ৰী হ'ল শুভেন্দু অধিকাৰী