ETV Bharat / politics

হিংসাত্মক বাতাবৰণ ! বৰদিনৰ সময়ত সংঘটিত কেইবাটাও ঘটনাক লৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ কে চি বেণুগোপালৰ

বেণুগোপালে কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধৰ বাবে তাৎক্ষণিক আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

KC VENUGOPAL LETTER TO PM MODI
কে চি বেণুগোপাল (ANI)
author img

By ANI

Published : December 29, 2025 at 8:07 PM IST

6 Min Read
Choose ETV Bharat

নতুন দিল্লী: সোমবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে অভিযোগ কৰে যে এইবাৰ বৰদিনৰ উদযাপনত বিজেপি শাসিত কেইবাখনো ৰাজ্যত সন্ত্রাস আৰু হিংসাৰ সৃষ্টি হৈছে ৷ তেওঁ সোঁপন্থী সংগঠনসমূহে “সংখ্যালঘুসকলক অপমান কৰাৰ এয়া স্পষ্ট কৌশল” বুলিও এক অভিযোগ উত্থাপন কৰে ।

বেণুগোপালে কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধৰ বাবে তাৎক্ষণিক আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে ।

এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত বেণুগোপালে কয়, ‘‘এইবাৰৰ বৰদিনত বিজেপি শাসিত ৰাজ্যসমূহৰ অধিকাংশতে সন্ত্ৰাস আৰু হিংসাত্মক পৰিৱেশ বিৰাজ কৰিছিল ৷ এয়া সংখ্যালঘুসকলক অপমান কৰাৰ স্পষ্ট কৌশল । মই প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি খ্ৰীষ্টানসকলৰ ওপৰত কৰা এই সুপৰিকল্পিত আক্ৰমণৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো, যাতে ভৱিষ্যতে এনে ঘটনা পুনৰাবৃত্তি নহয় আৰু ভাৰত সকলো সম্প্ৰদায়ৰ বাবে এখন নিৰাপদ আৰু সুষম সমাজ হৈ থাকে ।’’

পত্ৰখনত বেণুগোপালে খ্ৰীষ্টান সম্প্ৰদায়ক লক্ষ্য কৰি ক্ৰমাৎ বৃদ্ধি পোৱা হিংসা আৰু ভাবুকিৰ ঢৌক লৈ গভীৰ মৰ্মবেদনা প্ৰকাশ কৰিছে । তেওঁ এই ঘটনাসমূহক ধৰ্মীয় স্বাধীনতা, সমতা আৰু মৰ্যাদাৰ সাংবিধানিক নিশ্চয়তাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ বুলি অভিহিত কৰি এনেধৰণৰ কাৰ্যই ভাৰতৰ বহুত্ববাদী সংস্কৃতি ধ্বংস কৰি আছে বুলি সকীয়াই দিয়ে ।

সমগ্ৰ দেশৰ কেইবাটাও ঘটনাৰ উদ্ধৃতি দি বেণুগোপালে অভিযোগ কৰে যে সোঁপন্থী গোটৰ সৈতে জড়িত দলসমূহে অসম, দিল্লী, ছত্তীশগড়, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত বৰদিনৰ প্ৰাৰ্থনাত ব্যাঘাত জন্মাইছিল ৷ তদুপৰি গীৰ্জা আৰু সা-সজ্জাসমূহ বিনষ্ট কৰি পেলোৱাৰ লগতে ভক্তসকলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰিছিল ।

তেওঁ দাবী কৰে যে দিল্লীৰ লাজপত নগৰত চাণ্টাক্লজৰ টুপী পিন্ধাৰ বাবে মহিলা আৰু শিশুক বিভিন্ন গালি-গালাজ কৰা হৈছিল ৷ আনহাতে ৰায়পুৰত এটা শ্বপিং মলত প্ৰৱেশ কৰি বৰদিনৰ সা-সজ্জাৰ সকলো সামগ্ৰী ধ্বংস কৰিছিল ৷

এনেধৰণৰ ঘটনা সংঘটিত হৈছিল অসমৰ নলবাৰী জিলাত ৷ বৰদিন উদযাপনৰ প্ৰাকক্ষণত শনিৰোডস্থিত ছেইণ্ট মেৰিজ নামৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত একাংশ দুষ্কৃতিকাৰীয়ে বৰদিনৰ সাজ-সজ্জা ভাঙি বিস্তৰ ক্ষতিসাধন কৰে । অসম আৰক্ষীয়ে বজৰংগ দল আৰু বিশ্ব হিন্দু পৰিষদৰ চাৰিজন সদস্য ক্ৰমে - ভাস্কৰ ডেকা, জ্যোতি পাটগিৰি, বিজু দত্ত আৰু নয়ন তালুকদাৰক এই ঘটনাত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে । এই লোকসকলে বিদ্যালয়খনৰ বাহিৰৰ সা-সজ্জা, ষ্ট্ৰীট লাইট, ফুলৰ পাত্ৰ আদি সামগ্ৰীৰ ক্ষতিসাধন কৰাৰ লগতে একাংশ সামগ্ৰীত কৰিছিল অগ্নিসংযোগ ৷

কংগ্ৰেছ নেতাগৰাকীয়ে ছত্তীশগড়ত সংঘটিত হোৱা একাংশ এনেধৰণৰ কাণ্ডৰ কথাও উল্লেখ কৰে ৷ ধৰ্মান্তৰকৰণৰ অভিযোগৰ পিছত গীৰ্জাঘৰত আক্ৰমণ আৰু খ্ৰীষ্টানসকলৰ ঘৰৰ ক্ষতিসাধন হোৱাৰ অভিযোগো তেওঁ উত্থাপন কৰে ৷ উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ কিছু অংশত শ্ৰৱণ ক্ষমতাহীন আৰু দৃষ্টিশক্তিহীন শিশুসকলে অংশগ্ৰহণ কৰা প্ৰাৰ্থনা সভাসমূহো দুস্কৃতিকাৰীয়ে লণ্ড-ভণ্ড কৰিছিল ৷

তদুপৰি শেহতীয়াকৈ দিল্লী, ছত্তীশগড়, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশকে ধৰি বিভিন্ন ৰাজ্যত সংঘটিত কেইবাটাও নিন্দনীয় ঘটনাই বৰদিন উদযাপনক স্তব্ধ কৰি তুলিছিল । সোঁপন্থী সংগঠনৰ সৈতে জড়িত দলে উপাসক, গীৰ্জা, পৰিয়ালসমূহক আতংকিত কৰা এই কাণ্ডবোৰৰ কথা সমগ্ৰ দেশতে বিয়পি পৰাত সকলোকে একেমুখে গৰিহণা দিয়ে ৷

দেশৰ ৰাজধানী দিল্লীত কেৱল চাণ্টাক্লজৰ টুপী পৰিধান কৰাৰ বাবেই লাজপত নগৰত সোঁপন্থী সদস্যসকলে মহিলা আৰু শিশুক চলাইছিল মুখেৰে অশ্ৰাব্য গালি-গালাজ কৰি একপ্ৰকাৰ চলাইছিল নিৰ্যাতন । ছত্তীশগড়ৰ কাংকেৰ গাঁৱৰ দুটা গীৰ্জাত আক্ৰমণ কৰাৰ লগতে অমূলকভাৱে ধৰ্মান্তৰকৰণৰ বিষয়টোক লৈ খ্ৰীষ্টানধৰ্মী লোকৰ ঘৰ ভাঙে একাংশ দুৰ্বৃত্তই ৷ দুৰ্গ ৰে’ল ষ্টেচনত দুগৰাকী খ্ৰীষ্টান নানক আক্ৰমণ কৰাৰ কিছু সময়ৰ পিছতে সংঘটিত হয় এই ঘটনা ।

ৰায়পুৰৰ মেগনেটো মলত ৪০-৫০ জনীয়া অস্ত্ৰধাৰী লোকে খৃষ্টমাছ ট্ৰী আৰু অন্যান্য সা-সজ্জা বিনষ্ট কৰি বজাৰ কৰিবলৈ অহা লোকসকলক আতংকিত কৰাৰ লগতে তেওঁলোকৰ ধৰ্ম আৰু জাতিৰ বিষয়ে প্ৰশ্ন কৰাৰ সময়তো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ।

এই ঘৃণা ইমানেই বিয়পি পৰিছে যে ছত্তীশগড়ৰ গাঁওসমূহত খ্ৰীষ্টান পুৰোহিত আৰু মিছনেৰীসকলৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । মধ্যপ্ৰদেশত এখন পত্ৰত এনেদৰে লিখা আছিল, ‘‘জবলপুৰৰ গোৰখপুৰ অঞ্চলত বৰদিনৰ প্ৰাৰ্থনা সভা আৰু ভোজত আক্ৰমণকাৰীয়ে প্ৰৱেশ কৰি অত্যাচাৰ চলাইছিল, য’ত শ্ৰৱণ ক্ষমতা নোহোৱা আৰু দৃষ্টিশক্তিহীন শিশুও উপস্থিত আছিল ।’’ বৰদিনৰ পূৰ্বে এটা দলে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ এটা গীৰ্জাত প্ৰাৰ্থনা অনুষ্ঠানতো ব্যাঘাত জন্মায় ।

বেণুগোপালে কেৰালাৰ পালাক্কাড় জিলাত সংঘটিত হোৱা এক কাণ্ডৰ উল্লেখ কৰে ৷ য’ত এটা দলে বৰদিনৰ কেৰল শোভাযাত্ৰাত আক্ৰমণ চলাইছিল, যাৰ বেছিভাগেই শিশু আছিল আৰু দুৰ্বৃত্তৰ দলটোৱে বাদ্যযন্ত্ৰসমূহ ধ্বংস কৰিছিল । তেওঁ লিখিছে, ‘‘যেতিয়া শিশুৰ শান্তিৰ গীতবোৰো ধৰ্মীয় অসহিষ্ণুতাৰ লক্ষ্য হৈ পৰে, তেতিয়া আমি কিমান নিম্নগামী হ'ম ?’’ কংগ্ৰেছ নেতাগৰাকীয়ে এনে কাৰ্যক ‘‘ভাৰতৰ ধাৰণাটোৰ ওপৰত দাগ’’ বুলি অভিহিত কৰে ।

তেওঁ প্ৰশ্ন কৰে, ‘‘ৰাষ্ট্ৰই যেতিয়া নিজৰ নাগৰিকসকলকে গণ শাসনৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰায়, তেতিয়াহ’লে আমি কেনেকৈ ‘সবকা সাথ, সবকা বিকাশ’ শ্লোগান দিম ?’’

বেণুগোপালে লগতে কয়, ‘‘প্ৰধানমন্ত্ৰী আৰু চৰকাৰৰ মৌনতাই ঘৃণা বিয়পোৱাসকলক আৰু অধিক সাহসী কৰি তুলিছে আৰু সংখ্যালঘুৰ বিৰুদ্ধে হিংসাৰ উচতনি দিয়াৰ বাবে মুকলি আমন্ত্ৰণ যেন অনুভৱ হৈছে । এয়া গ্ৰহণযোগ্য নহয় ।’’

নৱবৰ্ষৰ পূৰ্বৰ সন্ধিয়াটোত সংঘটিত মৰেল পুলিচিঙৰ ঘটনাৰ কথা উল্লেখ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ তেওঁ কয় যে এই কাণ্ডবোৰে আনন্দৰ মুহূৰ্তবোৰক আতংকৰ নিশালৈ ৰূপান্তৰিত কৰিছে । নৱবৰ্ষৰ আগমনৰ লগে লগে তেওঁ কেন্দ্ৰীয় চৰকাৰক জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

‘‘সেয়ে এই বিষয়টোক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি তাৎক্ষণিক আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু এনে হিংসাত্মক ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চৰকাৰক আহ্বান জনাইছোঁ । ইয়াৰোপৰিও দেশৰ জনসাধাৰণে কোনো ভয় নোহোৱাকৈ নিজৰ পছন্দৰ ধৰ্ম পালন কৰাৰ অধিকাৰ লাভ কৰাটোও নিশ্চিত কৰিব লাগে’’ - তেওঁ লগতে কয় ।

উল্লেখ্য যে, চলিত বৰ্ষৰ বৰদিন উদযাপনৰ প্ৰাকক্ষণত অথবা বৰদিনৰ দিনটোত দেশৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছিল কেইবাটাও হিংসাত্মক ঘটনা ৷

লগতে পঢ়ক: মাজৰাতি দাওদাওকৈ জ্বলি উঠিল চলন্ত ৰে’লৰ দবা; জীৱন্তে দগ্ধ হ’ল শুই থকা এজন যাত্ৰী