ETV Bharat / politics

গুৱাহাটীত নাড্ডা, ছাইনী: বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ তদাৰক কৰিব নেতাদ্বয়ে

অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপিৰ বিধায়কসকল বৈঠকত মিলিত হৈ নিৰ্বাচিত কৰিব নতুন নেতা ।

Nayab Singh Saini and JP Nadda
বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ তদাৰক কৰিব জেপি নাড্ডা-নয়ব সিং ছাইনীয়ে (ANI/PTI)
author img

By ETV Bharat Assamese Team

Published : May 10, 2026 at 8:53 AM IST

|

Updated : May 10, 2026 at 10:40 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীয়ে শপতগ্ৰহণ কৰাৰ পিচত অহা ১২ মে' অসমতো নতুন মুখ্য়মন্ত্ৰীগৰাকীয়ে শপত ল'ব ৷ ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কোনগৰাকী নেতাক নিৰ্বাচিত কৰা হ’ব সেয়া দেওবাৰে নিশ্চিত হৈ পৰিব । দেওবাৰে বিজেপি বিধায়িনী দলৰ নেতাগৰাকী নিৰ্বাচন কৰা হ'ব ।

বিজেপি বিধায়িনী দলৰ নেতাগৰাকী নিৰ্বাচিত কৰাৰ সময়ত পৰ্যবেক্ষক হিচাপে অংশগ্ৰহণ কৰিবলৈ শনিবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনী । নিশা নেতাদ্বয়ে গুৱাহাটীত বিজেপিৰ বিধায়কসকলৰ সৈতে অনানুষ্ঠানিক মত বিনিময় কৰে ।বিজেপিৰ এগৰাকী মুখপাত্ৰই উল্লেখ কৰা মতে, দেওবাৰে পুৱা ১০ বজাত ৰাজ্যিক দলৰ মুখ্য কাৰ্যালয়ত নৱ-নিৰ্বাচিত বিধায়কসকলে বৈঠকত মিলিত হৈ এগৰাকী নতুন নেতা নিৰ্বাচন কৰিব । বিজেপি বিধায়নী দলৰ নেতা নিৰ্বাচনৰ বৈঠক দুয়োগৰাকী পৰ্যবেক্ষকৰ নিৰীক্ষণতে অনুষ্ঠিত হ'ব ।

JP Nadda welcomed by the acting Chief Minister
গুৱাহাটীত জেপি নাড্ডাক আদৰণি ভাৰপ্ৰাপ্ত মুখ্য়মন্ত্ৰীৰ (ETV Bharat Assam)

বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয়,"অটল বিহাৰী বাজপেয়ী ভৱনত দলটোৰ বিধায়কসকল বৈঠকত মিলিত হ’ব আৰু বিধায়িনী দলৰ নতুন নেতা নিৰ্বাচন কৰিব । নড্ডা জী আৰু ছাইনী জী ক্ৰমে কেন্দ্ৰীয় পৰ্যবেক্ষক আৰু সহ-পৰ্যবেক্ষক হিচাপে উপস্থিত থাকিব ।" ইতিমধ্যে নৱ-নিৰ্বাচিত বিধায়কসকলৰ বৈঠকত অগপই মুখ্যমন্ত্ৰীৰ পদৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰিছে ।

বিজেপি বিধায়িনী দলৰ নেতা নির্বাচন হোৱাৰ পাছতে বাজপেয়ী ভৱনতে এনডিএৰ বৈঠক অনুষ্ঠিত হ'ব । এনডিএৰ যৌথ বৈঠকত বিজেপি বিধায়িনী দলৰ নেতাক সমৰ্থন জনোৱা হ'ব । এই প্রক্রিয়া সম্পূৰ্ণ হোৱাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দলে বলে বিজেপি বিধায়িনী দল আৰু এনডিএৰ নেতা পুৱা ১১.১৫ বজাত লোক ভৱনলৈ ৰাওনা হ'ব আৰু ৰাজ্যপালক লক্ষ্মণ প্রসাদ আচার্যক সাক্ষাৎ কৰি চৰকাৰৰ গঠনৰ অনুমতিৰ বাবে আনুষ্ঠানিক আবেদন কৰিব ।

Welcome to the Chief Minister of Haryana in Guwahati
গুৱাহাটীত হাৰিয়ানাৰ মুখ্যমন্ত্ৰীক আদৰণি (ETV Bharat Assam)

উল্লেখ্য আজি সাংবিধানিক এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে ১২ মে'ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে । ১২ মে'ত গুৱাহাটীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা বিশাল অনুষ্ঠানত বিজেপি নেতৃত্বাধীন এনডিএই তৃতীয়টো কাৰ্যকালৰ বাবে চৰকাৰ গঠন কৰিব আৰু নতুন মন্ত্রীসভাই শপত ল'ব । ইতিমধ্যে খানাপাৰৰ খেলপথাৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে সাজু কৰি তোলা হৈছে । ১২ মে’ৰ দিনৰ ১১ বজাত খানাপাৰাত অনুষ্ঠিত হ'ব শপত গ্ৰহণৰ অনুষ্ঠান । ঐতিহাসিক জয়ৰ পিছত তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিব বিজেপি নেতৃত্বাধীন এনডিএ ।

শপতগ্ৰহণ বিশাল অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লগতে কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্রী । তদুপৰি প্ৰায় ২০ খন ৰাজ্যৰ মুখ্যমন্ত্রী, উপ-মুখ্যমন্ত্রী উপস্থিত থকাৰ সম্ভাৱনা আছে । দেশৰ কেইবাগৰাকী উদ্যোগপতি অহাৰ সম্ভাৱনা আছে। অসমৰ সত্রাধিকাৰ সকল অহাৰ কথা আছে । বিজেপি আৰু মিত্রদলৰ বিষয়ববীয়া আৰু গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকল উপস্থিত থাকিব ।

JP Nadda welcomed by BJP state president
গুৱাহাটীত জেপি নাড্ডাক আদৰণি (ETV Bharat Assam)

উল্লেখ্য় যে এইবাৰ বিজেপি নেতৃত্বাধীন এনডিএয়ে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে ৰাজ্যত একেৰাহে তৃতীয়বাৰৰ বাবে শাসনভাৰ গ্ৰহণ কৰিব । ১২৬ জনীয়া অসম বিধানসভাত বিজেপি নেতৃত্বাধীন এনডিএই ১০২ খন আসন লাভ কৰিছে । বিজেপিয়ে অকলে ৮২ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰে । আনহাতে, আন দুটা মিত্ৰ দল অসম গণ পৰিষদে ১০ খন আৰু বিপিএফেও ১০ খনকৈ আসন লাভ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:তৃতীয়বাৰলৈ শপত ল’বলৈ সাজু এনডিএ, খানাপাৰাত প্ৰস্তুতি নিৰীক্ষণ মুখ্যমন্ত্ৰীৰ

এটা অভিযোগৰ পৰা মুক্ত হ'ল অগপ: ষাঠি শতাংশ নতুন মুখেৰে এইবাৰ বিধানসভা গৰকিব অগপই

Last Updated : May 10, 2026 at 10:40 AM IST