জোনাই সমষ্টিত ৭৯ শতাংশ ভোটগ্ৰহণ সম্পন্ন, ৰিগিঙৰ অভিযোগ কংগ্ৰেছ প্ৰাৰ্থীৰ
সমষ্টিটোত এইবাৰ এনডিএৰ প্ৰাৰ্থী ভূৱন পেগু, বিৰোধী ঐক্য তথা কংগ্ৰেছ প্ৰাৰ্থী ৰাজু কুমাৰ মেদকে প্রার্থিত্ব আগবঢ়াইছে ।

Published : April 9, 2026 at 8:46 PM IST
জোনাই: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে জোনাই সমষ্টিটো বৃহস্পতিবাৰে ২৮২ টা ভোটকেন্দ্ৰত সুকলমে সম্পন্ন হয় ভোটগ্ৰহণ ৷ বিয়লি ৫ বজালৈ জোনাই সমষ্টিত প্ৰায় ৭৯ শতাংশ ভোটগ্ৰহণ সম্পন্ন হয় ৷ জোনাইবাসীক ধন্যবাদ জনাই কংগ্ৰেছ প্ৰাৰ্থী ৰাজু কুমাৰ মেদকে কয়, "নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ৰাইজে পুৱাৰ পৰা ভোটকেন্দ্ৰত ভিৰ কৰে আৰু নিজৰ অধিকাৰ সাব্যস্ত কৰে ৷ ই গণতন্ত্ৰৰ বাবে শুভ লক্ষণ ৷"
ইফালে সমষ্টিটোৰ বিৰোধী ঐক্য তথা কংগ্ৰেছ প্ৰাৰ্থী ৰাজু কুমাৰ মেদকে উত্থাপন কৰিলে ভোট ৰিগিঙৰ দৰে ভয়ংকৰ অভিযোগ ৷ এই সন্দৰ্ভত কংগ্ৰেছ প্ৰাৰ্থী মেদকে কয়, "জোনাই সমষ্টিৰ বৰবালি, মিলনপুৰ, ১ নং চিৰাপুৰীয়া, ৰামধন দিখাৰী, ৰামধন, দেতাগকে ধৰি কিছু ভোট কেন্দ্ৰত ভোট ৰিগিং হৈছে ৷ এজন ভোটাৰে দুবাৰকৈ ভোট দিছে ৷ বৰবালি ভোটকেন্দ্ৰত ডেৰশৰো অধিক লোকে ৰিগিঙৰ বাবে অপেক্ষা কৰি আছিল ৷ তেনে সময়তে মই উপস্থিত হোৱাত সেই স্থান ত্যাগ কৰে সেইসকল লোকে ৷ এই সন্দৰ্ভত নিৰ্বাচনী আয়োগক লিখিত অভিযোগ দাখিল কৰা হ'ব ৷ যিহেতু নীতি-নিয়ম অনুসৰি ভোটদান হ'ব লাগে, অন্যায় ভাবে ভোটদান হ'ব নালাগে ৷"
ইফালে সমষ্টিটোৰ পুৰণা জেলম এল পি স্কুলৰ ৩ নং ভোটকেন্দ্ৰত ১০০ বছৰীয়া দুগৰাকী আইতাই সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ । আনহাতে সমষ্টিটোত মুঠ ২,২২,০৮২ গৰাকী ভোটাৰে দুগৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব । সমষ্টিটোত এইবাৰ এনডিএ তথা বিজেপিৰ প্ৰাৰ্থী ভূৱন পেগু, বিৰোধী ঐক্য তথা কংগ্ৰেছ প্ৰাৰ্থী ৰাজু কুমাৰ মেদকে প্রার্থিত্ব আগবঢ়াইছে । জোনাই বিধানসভা সমষ্টিত মুঠ ২,২২,০৮২ গৰাকী ভোটাৰৰ বিপৰীতে পুৰুষ ভোটাৰ ১,১০,৯৩২ গৰাকী আৰু মহিলা ভোটাৰ ১,১১,১১৪ গৰাকী আছিল ।
লগতে পঢ়ক: বিয়লি ৫ বজালৈ লখিমপুৰ জিলাত ৮৫ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সম্পন্ন ভোটগ্ৰহণ

