জম্মু-কাশ্মীৰ উপ নিৰ্বাচন: বিজেপি প্ৰাৰ্থী দেৱানী ৰাণাৰ জয়লাভ
নাগ্ৰোটা সমষ্টিৰ উপ নিৰ্বাচনৰ বেলটৰ ভোট গণনাৰ অন্তত ২৪,৫২৬ টা ভোট লাভ কৰি বিজেপি প্ৰাৰ্থীৰ জয়লাভ ।

Published : November 14, 2025 at 1:20 PM IST
জম্মু : জম্মু-কাশ্মীৰৰ উপ-নিৰ্বাচনৰ বেলট পেপাৰৰ ফলাফল ঘোষণা । বেলট পেপাৰৰ গণনাত নাগ্ৰোটা আসনৰ পৰা বিজেপিৰ প্ৰাৰ্থী দেৱানী ৰাণাৰ জয়লাভ । ২৪,৫২৬ টা ভোট লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে । আসনখনত জম্মু-কাশ্মীৰ নেশ্যনেল পেন্থাৰ্ছ পাৰ্টীৰ হৰ্ষদেৱ সিঙে ১৭,৬৮৮ টা ভোট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে । একেদৰে নেশ্যনেল কনফাৰেন্সৰ ছামিম বেগমে ১০,৮৪৬ টা ভোট লাভ কৰি সামগ্ৰিকভাৱে তৃতীয় স্থান লাভ কৰে ।
ইয়াৰ পূৰ্বে নাগ্ৰোটাৰ বিধায়ক আছিল দেৱানী ৰাণাৰ পিতৃ দেৱেন্দৰ সিং ৰাণা । দেৱেন্দৰ সিং ৰাণাৰ আকস্মিক বিয়োগৰ ফলত সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত হয় । সমষ্টিটোত পিতৃ বিধায়ক হৈ থকাৰ বাবে দেৱানীৰ জয়ৰ আশা যথেষ্ট আছে । ৩০ বছৰীয়া দেৱানী দ্বিতীয় প্ৰজন্মৰ ৰাজনীতিবিদ আৰু পিতৃৰ নিৰ্দেশত তেওঁ ৰাজনীতিত সক্ৰিয় হৈ পৰিছে । পিতৃৰ মৃত্যুৰ কিছুদিনৰ ভিতৰতে তেওঁক ৰাইজৰ মাজত দেখা গৈছিল আৰু সমষ্টিৰ চুকে-কোণে গৈ ৰাণাৰ প্ৰতি আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছিল । উপ-নিৰ্বাচন ঘোষণা হোৱাৰ পিছত বিজেপিয়ে দেৱানীক প্ৰক্ষেপ কৰে আৰু দলীয় ভোটৰ লগতে সহানুভূতি লাভ কৰি আজি বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰে দেৱানীয়ে ।
পিতৃৰ ৰাজনৈতিক পটভূমিৰ উপৰিও মাতৃৰ ফালৰ পৰাও ককাক এছ এছ বেল'ৰিয়া জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্য সচিব আছিল ৷ আনহাতে আইতাক ৰাণী বেল'ৰিয়াও বিধান পৰিষদৰ সদস্য আছিল ।
দেৱানীয়ে লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰিছে । শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ পৰিয়ালৰ ব্যৱসায়, টেক ৱান টেলিভিছন নেটৱৰ্ক আৰু জামকাছ ভেহিকেলেডছৰ দায়িত্ব লয় আৰু ব্যৱসায় সফলতাৰে চলাই আছিল ।
ইফালে নগ্ৰোটা বিধানসভা সমষ্টিৰ সকলো ই ভি এম জম্মুৰ চৰকাৰী পলিটেকনিক মহাবিদ্যালয়ৰ এটা নিৰাপদ কোঠাত জমা কৰি ৰখা হৈছিল, য'ত নিৰাপত্তা ব্যৱস্থাও আছিল অতি শক্তিশালী । সমগ্ৰ চৌহদতে চিচি টিভি কেমেৰা স্থাপন কৰা হৈছিল যাতে অঞ্চলটোৰ ওচৰত কোনো অকৰ্তৃত্বশীল লোকক অনুমতি দিয়া নহয় ।
মুঠ ১০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটোত প্ৰধানকৈ বিজেপি, এন চি আৰু নেশ্যনেল পেন্থাৰ্ছ পাৰ্টীৰ মাজত মূল যুঁজ চলিছিল । বিগত বৰ্ষৰ ৩১ অক্টোবৰত দেৱেন্দৰ ৰাণাৰ মৃত্যুৰ পিছতে আসনখন খালী হৈ আছিল ।
লগতে পঢ়ক :ফলাফলৰ পূৰ্বেই তেজস্বী যাদৱৰ ডাঙৰ বক্তব্য : পৰিৱৰ্তন হ'বলৈ গৈ আছে... আমাৰ চৰকাৰ গঠন হ'ব

