ETV Bharat / politics

অতিপাত নিচাত আছে নেকি ? জিডিপিক লৈ প্ৰশ্ন কৰাৰ বাবে কংগ্ৰেছক সমালোচনা ৰিজিজুৰ

ভাৰতৰ বিকাশৰ প্ৰতি কংগ্ৰেছ 'অন্ধ ঘৃণা'ত ইমানেই নিমজ্জিত যে তেওঁলোকে প্ৰকৃত বাস্তৱৰ কোনো আন্দাজেই নাই বুলি ৰিজিজুৱে কয় ।

Rijiju slams Congress
কিৰেণ ৰিৰিজু ফাইল ফটো (ANI)
author img

By PTI

Published : September 2, 2026 at 4:57 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : ভাৰতৰ জিডিপিৰ পৰিসংখ্যাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে কংগ্ৰেছক তীব্ৰ আক্ৰমণ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ । বুধবাৰে ৰিজিজুৱে প্ৰশ্ন কৰে যে বিৰোধী দলটো “অতিপাত নিচাসক্ত অৱস্থা”ত আছে নেকি ? নে ভাৰতৰ বিকাশৰ প্ৰতি তেওঁলোকৰ 'অন্ধ ঘৃণা'ত ইমানেই নিমজ্জিত যে তেওঁলোকে প্ৰকৃত বাস্তৱৰ কোনো আন্দাজেই নাই ?

কেৰালা কংগ্ৰেছৰ এটা পোষ্টৰ উত্তৰত X পোষ্টত ৰিজিজুৱে এই মন্তব্য কৰে । পোষ্টটোত কোৱা হৈছিল, “এতিয়া কোনেও ভুৱা কাহিনীত বিশ্বাস নকৰে । বিশ্বই এই ভুৱা কাহিনী বুজি পায় ।”

কেৰালা কংগ্ৰেছে বীয়েৰৰ মগৰ এখন ছবিও পোষ্ট কৰে, য'ত ভাৰতীয় অৰ্থনীতিক প্ৰকৃত পানীয় আৰু চৰকাৰী জিডিপি পৰিসংখ্যাক ফেন হিচাপে দেখুওৱা হৈছে ।

“অত্যধিক বীয়েৰ খোৱাৰ বাবে কংগ্ৰেছৰ গভীৰ নিচাসক্ত অৱস্থা হৈছে নে ভাৰতৰ বিকাশৰ প্ৰতি অন্ধ ঘৃণাত কংগ্ৰেছীসকল ইমানেই নিমজ্জিত হৈছে যে ভূমিৰ বাস্তৱতাৰ সৈতে যোগাযোগ হেৰুৱাই পেলাইছে ?” ৰিজিজুৱে কয় ।

প্ৰকাশিত তথ্য অনুসৰি, পশ্চিম এছিয়াৰ যুদ্ধক লৈ অৰ্থনৈতিক মন্দাৱস্থাৰ উদ্বেগৰ বিৰুদ্ধে স্থিতিস্থাপকতা প্ৰকাশ কৰি এপ্ৰিল-জুন ত্ৰৈমাসিকত ভাৰতৰ অৰ্থনীতি আশা কৰাতকৈও দ্ৰুতগতিত ৭.৮ শতাংশ বৃদ্ধি পাইছে ।

২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বিকাশৰ গতি পূৰ্বৰ ত্ৰৈমাসিকত ৮.৬ শতাংশৰ পৰা মন্থৰ হৈছিল যদিও সংঘাতৰ সৃষ্টি হৈ শক্তিৰ বজাৰত ব্যাঘাত জন্মোৱাৰ সময়তো আশা কৰাতকৈ বহু ওপৰত আছিল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জিডিপিৰ এই বিকাশক “অসাধাৰণ উপলব্ধি” বুলি অভিহিত কৰিছে ।

ইয়াৰ পূৰ্বে কংগ্ৰেছে জিডিপিৰ পৰিসংখ্যা সন্দৰ্ভত প্ৰাক্তন বিত্ত সচিব সুভাষ চন্দ্ৰ গাৰ্গৰ মন্তব্যৰ উদ্ধৃতি দি মোদী চৰকাৰক আক্ৰমণ কৰে । কংগ্ৰেছে কয় যে চৰকাৰে এইটো বুজিব লাগে যে “পিআৰৰ (জনসম্পৰ্ক) পৰা জিডিপিৰ ছবিখনতো বহু সুন্দৰ দেখা যায়, কিন্তু নিজেই অৰ্থনীতি নহয় ।"

যোগাযোগ বিভাগৰ দায়িত্বত থকা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে গাৰ্গৰ এটা ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰি কয় যে যোৱা বছৰৰ জিডিপি ৬ ট্ৰিলিয়ন টকা পৰ্যন্ত সংশোধন কৰাৰ ফলত চলিত বৰ্ষৰ জিডিপি প্ৰথম ত্ৰৈমাসিকত প্ৰায় ১০.৩ শতাংশ বৃদ্ধি পাইছে ।

এটা নিউজ চেনেলৰ আগত গাৰ্গে কয়, "যোৱা বছৰৰ জিডিপি সংশোধন নকৰিলে বৰ্তমানৰ মূল্যৰ বৃদ্ধি ২.৬ শতাংশ হ’লহেঁতেন ।"

Xত হিন্দীত দিয়া পোষ্টটোত ৰমেশে কয় যে মোদী চৰকাৰে যিমানেই “নিজৰ দল আৰু সংবাদ মাধ্যমে পৰিসংখ্যাগত খেলিমেলিৰ জৰিয়তে যাদু কৰি নিজৰ আঁভুৱা-ভৰা কাহিনীৰে জিডিপি বৃদ্ধিৰ ঢাক-ঢোল নবজাওক কিয়, ইয়াৰ প্ৰকৃত বাস্তৱতা উন্মোচিত হ’ব, কাৰণ তেওঁলোকে যিটো দাবী কৰিছে সেয়া ভূমিগত বাস্তৱতাৰ সম্পূৰ্ণ বিপৰীত” ।

কংগ্ৰেছে ৭.৮ শতাংশ জিডিপি বৃদ্ধি “অৰ্থনৈতিক উত্তৰণ” নহয় বুলি অভিযোগ উত্থাপন কৰি দাবী কৰিছে যে ই ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ “বহুত বিকৃত ছবি” দাঙি ধৰে । কাৰণ ই বিনিয়োগক লৈ 'সুস্থ' পৰিৱেশ প্ৰকাশ নকৰে ।

লগতে পঢ়ক :মনে সজা জিডিপি প্ৰকাশেৰে ভাৰতৰ প্ৰকৃত অৰ্থনীতি লুকুৱাব বিচাৰিছে মোদী চৰকাৰে: কংগ্ৰেছ নেতা
লগতে পঢ়ক :দেশৰ ৭.৮% জিডিপি বৃদ্ধিত দেশবাসীক প্ৰশংসা প্রধানমন্ত্রীৰ: জনসাধাৰণক স্থানীয় সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান