ETV Bharat / politics

মূল্যবৃদ্ধিৰ প্ৰসংগত সদনত থিয় হৈ প্ৰতিবাদ অখিল গগৈৰ: তালিকা দিলে মূল্যবৃদ্ধিৰ

সদন ত্যাগ নকৰিলেও ৰাজ্যপালৰ ভাষণৰ মাজতে বহুসময় প্ৰতিবাদ কৰি থিয় হৈ থাকিল বিধায়ক অখিল গগৈ ।

Akhil Gogoi
অখিল গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 22, 2026 at 3:03 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম বিধানসভাৰ অধিৱেশনৰ শুকুৰবাৰে দ্বিতীয়দিনা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদৰ ভাষণেৰে সদন আৰম্ভ হয় । ৰাজ্যপালে ভাষণ আৰম্ভ কৰাৰ লগে লগে মূল্যবৃদ্ধিৰ প্ৰসংগক লৈ সৰৱ হৈ পৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ।

আনহাতে, মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনাই কংগ্ৰেছ বিধায়িনী দলে সদন ত্যাগ কৰি বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে । কিন্তু বিধায়ক অখিল গগৈয়ে সদনত উপস্থিত থাকি ৰাজ্যপালৰ ভাষণৰ মাজতে বহু সময় থিয় হৈ মূল্যবৃদ্ধিৰ প্ৰসংগত সৰৱ হৈ থাকে । মূল্যবৃদ্ধিকে ধৰি জনতাৰ বিভিন্ন সমস্যাৰ কথা কৈ সদনত সৰৱ হৈ থাকে শিৱসাগৰৰ বিধায়ক অখিল গগৈ ।

মূল্যবৃদ্ধি প্ৰসংগত সংবাদ মাধ্যমৰ আগত সৰৱ অখিল গগৈ (ETV Bharat Assam)

আনহাতে, এই সন্দৰ্ভত বিধানসভা চৌহদত সংবাদ মাধ্যমক সম্বোধন কৰি বিধায়ক অখিল গগৈয়ে কয়, "প্ৰধানমন্ত্রীয়ে মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কৈছিল । কিন্তু পে'ট্ৰলৰ দাম ৭৫ টকাৰ পৰা ১০১ টকা হ'ল । ডিজেলৰ দাম ৯২.৪৯ টকালৈ বৃদ্ধি পালে । এলপিজি চিলিণ্ডাৰৰ দাম বিজেপি চৰকাৰলৈ অহাৰ পূৰ্বে ৪১৪ টকা আছিল, কিন্তু এতিয়া ৯৬২ টকা হ'ল । আনহাতে, অৰ্থনৈতিক এই সংকটৰ সময়ত এটা গেছ চিলিণ্ডাৰৰ দাম ২৫০০ টকাৰ পৰা ৩ হাজাৰ টকা পৰ্যন্ত বৃদ্ধি পাইছে ।"

সামগ্ৰীৰ মূল্যবৃদ্ধিৰ তালিকা এফালৰ পৰা উল্লেখ কৰি অখিল গগৈয়ে লগতে কয়, "২,৮০০ টকা মূল্য থকা সত্যম নামৰ ৰডৰ মূল্য এতিয়া ৭,৪০০ টকালৈ বৃদ্ধি পালে । ভিআইপি ৰডৰ দাম ২,৮০০ টকাৰ পৰা ৭,৫০০ টকালৈ বৃদ্ধি পালে। দুৰ্গাপুৰ ৰডৰ এক কুইণ্টলৰ মূল্য ২,৯০০ টকাৰ পৰা ৭,৬০০ টকালৈ বৃদ্ধি পালে। কামধেনু ৰডৰ দাম ২,৯২৯ টকাৰ পৰা ৭,৮০০ টকালৈ বৃদ্ধি পালে ।"

আনহাতে, চিমেণ্টৰ মূল্যবৃদ্ধি সন্দৰ্ভত অখিল গগৈয়ে কয়, "টপচেম চিমেণ্ট ৩০০ টকাৰ পৰা ৫৮০ টকা হ'ল । ডালমিয়া চিমেণ্টৰ মূল্য ৩০০ টকাৰ পৰা ৫৯০ টকালৈ বৃদ্ধি পালে । হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ আগতে এটা ইটাৰ মূল্য আছিল ৪ টকা । কিন্তু এতিয়া এটা ইটাৰ মূল্য ১২ টকাৰ পৰা ১৪ টকালৈ বৃদ্ধি হৈছে । সেইদৰে এক ট্ৰেক্টৰ বালিৰ মূল্য ৫০০ টকা আছিল যদিও এতিয়া ১,৪০০ৰ পৰা ১,৫০০ টকালৈ বৃদ্ধি পালে । আনহাতে, পাথৰৰ মূল্য ১,০০০ টকাৰ পৰা ২,০০০ টকালৈ বৃদ্ধি পালে । নিৰ্মাণ সামগ্ৰীৰ প্ৰতিটোৰে অভাৱনীয় মূল্যবৃদ্ধি হৈছে । তেনেস্থলত সাধাৰণ জনতাই কিদৰে নিজৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰিব ।"

নিত্যপ্ৰয়োজনীয় খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি সন্দৰ্ভত অখিল গগৈয়ে কয়, "এক লিটাৰ ইঞ্জিন মিঠাতেলৰ মূল্য আছিল ৯০ টকা আৰু এতিয়া ২১০ টকালৈ বৃদ্ধি পালে । সেইদৰে এক কেজি চুজিৰ মূল্য ২৫ টকাৰ পৰা বৃদ্ধি হৈ ১১০ টকাৰ পৰা ১১৫ টকা হ'ল । অত্যৱশ্যকীয় প্ৰতিবিধ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি হৈছে । সাধাৰণ জনতাৰ পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে । কিন্তু চৰকাৰখনৰ কোনো কাণসাৰ নাই ।"

লগতে পঢ়ক :সংকটৰ সময়ত প্ৰধানমন্ত্ৰী গৈ বিদেশত ৰীলছ বনোৱাত ব্যস্ত: কৃষক মুক্তি সংগ্ৰাম সমিতি
লগতে পঢ়ক :আগন্তুক ৩-৪ মাহৰ ভিতৰত দেশত আৰু ভয়ংকৰ হ'ব মূল্যবৃদ্ধি: ৰাহুল গান্ধীৰ ভৱিষ্যদ্বাণী