ETV Bharat / politics

আজমলে ভংগ কৰিব এ আই ইউ ডি এফ ! তাৰ বাবে কংগ্ৰেছক দিলে চৰ্ত

কংগ্ৰেছে যদি এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা নকৰে, তেন্তে এ আই ইউ ডি এফো হাৰিব-কংগ্ৰেছো হাৰিব । আজমলৰ উপলব্ধি ৷

AIUDF President Badruddin Ajmal
এআইইউডিএফৰ সভাত দলটোৰ মূৰব্বী মৌলানা বদৰুদ্দিন আজমল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 16, 2025 at 4:19 PM IST

3 Min Read
Choose ETV Bharat

বৰপেটা : এইবাৰ গৌৰৱ গগৈক মুকলি আহ্বান জনালে বদৰুদ্দিন আজমলে । প্ৰয়োজনত এ আই ইউ ডি এফ দলটোকেই ভংগ কৰি দিব বুলি ক'লে আজমলে । ইয়াৰ বাবে আজমলে আৰোপ কৰিলে চৰ্ত । আহিব লাগিব ৰাহুল গান্ধী । ৰাহুল গান্ধীয়ে আহি এ আই ইউ ডি এফৰ সৈতে আলোচনাত বহিলেই আদৰি ল'ব আজমলে । ৰাহুল গান্ধীয়ে আহি এ আই ইউ ডি এফৰ সমস্যা সমাধান কৰিলে এ আই ইউ ডি এফ দলটোকেই ভংগ কৰি দিব বুলি উল্লেখ কৰি আজমলে কয়, "ৰাহুল গান্ধীয়ে আহি আমাৰ সৈতে আলোচনাত বহক । আমাৰ সমস্যাসমূহ সমাধান কৰি দিব বুলি কলেই আমি এ আই ইউ ডি এফ ভংগ কৰি দিম ।"

এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা নকৰা প্ৰসংগত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি আজমলে গৌৰৱ গগৈৰ দলটোৰ উজনি অসমত কোনো ভেটি নাই বুলিও মন্তব্য় কৰে । বিহাৰৰ নিৰ্বাচনত ওৱেইছিৰ উদাহৰণ দি কংগ্ৰেছলৈ সতৰ্কবাণী আজমলৰ ৷ তেওঁ কয়, "বিহাৰত আছাদুদ্দিন ওৱেছিৰ সৈতে মিত্ৰতা হ'লে কংগ্ৰছে ৩০/৪০ টা ছীট পালেহেতেন । এ আই ইউ ডি এফৰ লগত মিত্ৰতা নহ'লে '২৬ত কংগ্ৰেছৰ ফলাফল বিহাৰতকৈও বেয়া হ'ব ।"

আজমলে ভংগ কৰিব এ আই ইউ ডি এফ ! (ETV Bharat Assam)

গৌৰৱ গগৈক আহ্বান :

সোমবাৰে বৰপেটাত আয়োজিত এক দলীয় সভাত অংশগ্ৰহণ কৰি আজমলে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ কয়, "মই মুকলিকৈ আহ্বান জনাইছো গৌৰৱ গগৈক । আমাৰ যুদ্ধ কাৰ সৈতে-কংগ্ৰেছৰ যুদ্ধ এ আই ইউ ডি এফৰ লগত ? এ আই ইউ ডি এফৰ যুদ্ধ কংগ্ৰেছৰ লগত ? নে আমাৰ দুয়োৰে শত্ৰু বিজেপি ? যদি বিজেপি তেতিয়াহ'লে ভাগ ভাগ কিয় ? কংগ্ৰেছে জানে, আমিও জানো । সংখ্য়ালঘু অঞ্চলত আমিও টিকট দিম আৰু কংগ্ৰেছেও টিকট দিব । ভোট ভাগ হ'লে বিজেপি জয়ী হ'ব । এইটো মুখ্য়মন্ত্ৰীৰ ভিতৰুৱা পৰিকল্পনা নেকি ?"

AIUDF meeting in Barpeta
এ আই ইউ ডি এফৰ সভাত বদৰুদ্দিন আজমল (ETV Bharat Assam)

কংগ্ৰেছৰ বাবে দোৱা কৰিব আজমলে :

কংগ্ৰেছৰ উজনি অসমত কোনো ভোট নাই বুলি মন্তব্য় কৰি আজমলে পুনৰ কয়, "নিৰ্বাচনৰ বাবে কংগ্ৰেছে বিচাৰি বিচাৰি প্ৰাৰ্থী পোৱা নাই । এই বিষয়ে মই ৰিপ'ৰ্ট পাইছো । পঞ্চায়ততেই পোৱা নাই, এতিয়া বিধানসভাত পাব নেকি ? নাপাই, গতিকে কি সপোন দেখিছে । বিহাৰৰ নিৰ্বাচনৰ আগত যি সপোন দেখিছিল ? ইয়াৰ পিছতেই দৃশ্য়পট সলনি হৈছে । আমাৰ লগত মিত্ৰতা কৰিব নালাগে । কংগ্ৰেছে সৰু সৰু সংগী লৈছে । এজন হৈছে অখিল গগৈ যিয়ে বিধায়ক হৈছে, আনজন লুৰীণজ্যোতি গগৈয়েতো বিধায়কেই হ'ব পৰা নাই । লুৰীণজ্যোতি গগৈৰ দলে কিমান ঠাইত নিৰ্বাচন খেলাৰ ক্ষমতা আছে আমি নাজানো । আমি বিজেপিক ৱাকঅভাৰ দি আছো । মই কংগ্ৰেছৰ বাবে দোৱা কৰিম ।"

AIUDF meeting in Barpeta
এ আই ইউ ডি এফৰ সভাত দলটোৰ মূৰব্বী আজমল (ETV Bharat Assam)

'২৬ৰ নিৰ্বাচনক লক্ষ্য কৰি ৰণত নামিছে বদৰুদ্দিন আজমল । বৰপেটাত কৰ্মীসভাত অংশ লৈ আজমলে ক'লে, "কংগ্ৰেছে যদি এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা নকৰে, তেন্তে এ আই ইউ ডি এফো হাৰিব-কংগ্ৰেছো হাৰিব আৰু বিজেপিৰ লাভ হ'ব ।"

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক শাসনৰ পৰা আঁতৰাব লাগে বুলি মন্তব্য় কৰি আজমলে কয়, "ফেচিষ্ট আৰু সাম্প্ৰদায়িক বিজেপিয়ে অসমৰ পৰিৱেশ বিনষ্ট কৰিছে ৷ অসমৰ ৰাজনৈতিক পৰম্পৰাক ধূূলিস্যাৎ কৰিছে ৷"

লগতে পঢ়ক:বিধায়ক নুৰুল হুদাই এতিয়া মোৰ ছাঁ টোকে বাঘ দেখা হৈছে : আমিনুল ইছলাম

আমাৰ মিত্ৰতা হৈ আছে, আপোনালোক সকলোৱে জানে: সংবাদমেলত অখিল গগৈৰ প্ৰতিক্ৰিয়া