ETV Bharat / politics

এইবাৰ বিজেপিৰ চৰকাৰ নাহিলে মুখ্যমন্ত্ৰী ক'ত থাকিব ? অজাপৰ প্ৰশ্ন

বৰ্তমান বিজেপিৰ পৰা সকলো মিত্ৰদল ওলাই আহিব বিচাৰিছে । কাৰণ আঞ্চলিক দলক বিজেপিয়ে গোলাম হিচাপে ব্যৱহাৰ কৰে । এই অভিযোগ জাতীয় পৰিষদৰ ৷

Assam Assembly elections 2026
আঞ্চলিক দলক বিজেপিয়ে গোলাম হিচাপে ব্যৱহাৰ কৰে । অভিযোগ জাতীয় পৰিষদৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 11, 2026 at 1:33 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : সমাগত বিধানসভা নিৰ্বাচন । তাৰ পূৰ্বে এতিয়া ৰাজনৈতিক নেতাসকলৰ মাজত বাক বিতণ্ডা আৰম্ভ হৈছে । ইজনে সিজনক সমালোচনাৰ ৰাজনীতি আৰম্ভ কৰিছে । অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও শেহতীয়াকৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক কঠোৰ ভাষাৰে সমালোচনা কৰে । সেই সমালোচনাৰ প্ৰত্যুত্তৰ দি শনিবাৰে যোৰহাটত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে দলটোৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰী ।

দলটোৰ যোৰহাট জিলা কাৰ্যালয়ত অনুষ্ঠিত এক দলীয় পৰ্যালোচনা সভাত উপস্থিত থাকি সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীক উদ্দেশ্যি বসুমতাৰীয়ে বহুকেইটা মন্তব্য কৰে ।

এইবাৰ বিজেপিৰ চৰকাৰ নাহিলে মুখ্যমন্ত্ৰী ক'ত থাকিব ? অজাপৰ প্ৰশ্ন (ETV Bharat Assam)

বসুমতাৰীয়ে কয়, "বৰ্তমান সময়ত ৰাজ্যত বিজেপিৰ অৱস্থা অতি বেয়া আৰু বিৰোধী ঐক্যৰ উত্থান দেখি শংকিত হৈ পৰিছে মুখ্যমন্ত্ৰী । অসম জাতীয় পৰিষদৰ স্থিতি খোৱাঙত অতি সবল বাবে লুৰীণজ্যোতি গগৈক লৈ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে । লুৰীণজ্যোতি গগৈয়ে যি সমষ্টিতে ইচ্ছা কৰে আৰু দলে যদি সমষ্টিত সাংগঠনিক স্থিতি সবল বুলি অনুমান কৰিব পাৰে তেন্তে ৰাজ্যৰ যিকোনো সমষ্টিতে তেওঁ নিৰ্বাচন খেলিব পাৰে । শংকাত ভুগি ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীয়ে এটা চৰকাৰী কাৰ্যসূচীত আই-মাতৃসকলৰ সন্মুখত ইমান তৰল মন্তব্য কৰিব নালাগে ।"

ইফালে মুখ্যমন্ত্ৰীৰ নিজৰ স্থিতি স্পষ্ট নহয় বুলি দাবী কৰি বসুমতাৰীয়ে কয়, "তেওঁ ছাত্ৰ সন্থাৰ পৰা সামাজিক জীৱন আৰম্ভ কৰি কেতিয়া আলফা-ছালফা হ'ল । আকৌ কেতিয়া কংগ্ৰেছী হ'ল । কংগ্ৰেছ দলতে মুখ্যমন্ত্ৰী হ'বৰ বাবে বিসম্বাদ কৰি মুখ্যমন্ত্ৰী হ'বলৈ নাপাই বিজেপিত যোগদান কৰিলে । তাৰ পিছত বিভিন্ন কেলেংকাৰী আৰু পুঁজিপতিক অসমৰ ভূমি গতাই দি আছে । গতিকে মুখ্যমন্ত্ৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰিব লাগে । এইবাৰ যদি বিজেপি চৰকাৰ নাহে তেওঁ ক'ত থাকিব ? তেওঁ অসমৰ কাৰণে কৰিছে নে আদানী, আম্বানী বা অমিত শ্বাহৰ পুত্ৰৰ বাবে কৰিব বিচাৰে । ৰাজ্যৰ উন্নয়ন বিচাৰে নে মন্ত্ৰী অশোক সিংহলক অসমখন বিক্ৰী কৰিব বিচাৰিছে ।"

AJP meeting in Jorhat
যোৰহাটত অসম জাতীয় পৰিষদৰ দলীয় পৰ্যালোচনা সভা (ETV Bharat Assam)

আনহাতে তেওঁ কয়, "বিৰোধী ঐক্যবদ্ধ হোৱাটো বিজেপিয়ে নিবিচাৰে আৰু বিৰোধী ঐক্যত আউল লগাবলৈ বিজেপিয়ে চেষ্টা চলাই আছে ৷ কিন্তু সকলো চেষ্টা বিফল হৈছে আৰু ইতিমধ্যে বিৰোধী ঐক্যবদ্ধ হৈছে, মাত্ৰ আনুষ্ঠানিকতাহে বাকী ।" অসমৰ বিভিন্ন প্ৰান্তত অসম জাতীয় পৰিষদৰ সাংগঠনিক ভেটি শক্তিশালী হৈছে বুলি দাবী কৰি চিত্তৰঞ্জন বসুমতাৰীয়ে কয়, " অসমৰ ৩৪ টা সমষ্টিত দলৰ স্থিতি সবল আৰু এই বিষয়সমূহ আলোচনাৰ মাজলৈ আহিব । আলোচনাৰ মাজেৰে আসনৰ ভাগ-বাটোৱাৰা হ'ব ।"

তেওঁ দাবী কৰা মতে বৰ্তমান সময়ত বিজেপিৰ পৰা সকলো মিত্ৰদল ওলাই আহিব বিচাৰিছে । কাৰণ আঞ্চলিক দলক বিজেপিয়ে গোলাম হিচাপে ব্যৱহাৰ কৰে । চিত্তৰঞ্জন বসুমতাৰীয়ে কয়, "দুই-তিনি দিনৰ পিছত জাতীয় পৰিষদত কেইবাজনো নেতাই যোগদান কৰিব । মাঘৰ বিহু পিছত অসম জাতীয় পৰিষদত বিধায়ক হোৱা নেতাইও যোগদান কৰিব । অগপ আৰু বিজেপিৰ লোকেও যোগদান কৰিব ।" সেয়েহে বিজেপিৰ নিস্তাৰ নাই বুলি দাবী কৰি তেওঁ কয়, "ভোটাৰ তালিকাৰ সংশোধনীৰ দ্বাৰা বাহিৰৰ পৰা অচিনাকি মানুহক আমদানি কৰি অন্তৰ্ভুক্ত কৰিছে, সেয়েহে ৰাজ্যৰ দল-সংগঠন নিৰ্বিশেষে সকলোৱে ইয়াৰ বিৰুদ্ধে জাগ্ৰত হওঁক আৰু প্ৰতিবাদ কৰক ।"

লগতে পঢ়ক :যিসকলৰ অভাৱ আছে তেওঁলোকেহে চুৰি কৰে: 'ভোট চুৰি' অভিযোগৰ প্ৰসংগত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস