ETV Bharat / politics

বি এল এসকলক ময়েই নিৰ্দেশ দিছোঁ সন্দেহজনক লোকৰ নাম দেখিলে কমপ্লেইন দিবলৈ: মুখ্যমন্ত্ৰী

কংগ্রেছক চোকা সমালোচনা কৰি লখিমপুৰত সমাগত নিৰ্বাচনৰ ৰণডংকা বজালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

CM Himanta Biswa Sarma distributes checks under the women entrepreneurship scheme in Lakhimpur
মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 8, 2026 at 8:38 PM IST

3 Min Read
Choose ETV Bharat

লখিমপুৰ: "মিঞাৰ বহুত দুৰ্ভাগ্য । তেওঁলোকে কংগ্রেছক টকাও দিব লাগে, ভোটো দিব লাগে আৰু এভেকচনো খাব লাগে । মই নিজেই কৈ আছো যে যিমান পাৰে সন্দেহজনক লোকসকলৰ ওপৰত অভিযোগ দিয়ক । বি এল এসকলক মই নিৰ্দেশ দিছোঁ যাতে সন্দেহজনক মিঞা মুছলমানৰ ভোট কৰ্তন কৰিব পাৰোঁ । বি এল এসকলক মই নিৰ্দেশ দিছোঁ যদি সন্দেহজনক লোকৰ নাম দেখে তেন্তে কমপ্লেইন দিব । কংগ্রেছ দলেও এনে কমপ্লেইন দিব পাৰে ।" এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । কংগ্ৰেছক চোকা সমালোচনা কৰি মিঞা মুছলমানৰ বিৰুদ্ধে সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰীগৰাকী ।

আজি লখিমপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই কয়, "বিজেপিৰ যিখিনি স্বাধীনতা আছে সেয়া কংগ্রেছৰো আছে । আন সকলো দলৰেই এই অধিকাৰ আছে ৷ অনাগত সময়ত অসমৰ বাবে দুৰ্ভাগ্যজনক বাতৰি কঢ়িয়াই আনিব । বাংলাদেশী মিঞা মুছলমানৰ সংখ্যাই ৪০ ৰ ঘৰ স্পৰ্শ কৰিব । তেওঁ কংগ্রেছক সমালোচনা কৰি কয়- "বিৰোধী দল ফিল্ডত নাই । আমি যেতিয়া বিৰোধীত আছিলো তেতিয়া দিনে-ৰাতিয়ে আমি ফিল্ডত আছিলোঁ । তেওঁলোক কিন্তু এতিয়া ক'তো নাই । তেওঁলোকে হাত দাঙিয়েই দিছে । কিন্তু তেওঁলোক শূন্য বুলি নকওঁ । কাৰণ মিঞা তেওঁলোকৰ লগত আছে ।"

মিঞা মুছলমানক লৈ সৰৱ মুখ্যমন্ত্ৰী (ETV Bharat Assam)

কংগ্ৰেছক সমালোচনা কৰি ড৹ শৰ্মাই কয়, "কংগ্রেছক ৭৫ বছৰ দেখাৰ পাছত এতিয়াও যে একাংশই ভোট দিয়ে, চিৰিয়াছলি লয়, সংবাদ মাধ্যমে মোক প্ৰশ্ন কৰে, তাত মই আচৰিত হওঁ । কংগ্রেছৰ প্ৰাসংগিকতা ক'ত আছে ? অবৈধ বাংলাদেশীক বাদ দিলে কোনজন খিলঞ্জীয়া অসমীয়াই কংগ্রেছক ভোট দিব ?"

এইদৰে প্ৰশ্ন তুলি মুখ্য়মন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈ, অখিল গগৈয়ে প্ৰেছ কনফাৰেন্স কৰি থকাতকৈ বিজেপিৰ সদস্যসকলে যেনেকৈ গ্ৰাউণ্ডত কাম কৰি আছে তেনেদৰে কাম কৰিবলৈ পৰামৰ্শ দিয়ে । অগপৰে মিত্রতাৰ প্ৰসংগ তুলি মুখ্য়মন্ত্ৰীগৰাকীয়ে কয়,"অগপৰ প্ৰতি আমাৰ সন্মান আছে । আমাৰ তেওঁলোকৰ ওপৰত কোনো হেঁচা নাই । তেওঁলোকে য'ত যেনেকৈ পাৰে প্ৰাৰ্থী ঠিয় কৰাব পাৰে । আমি কেইটাত প্ৰতিদ্বন্দ্বিতা নকৰোঁ সেয়া ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সিদ্ধান্ত ল'ম । তেওঁলোকে অতিৰিক্তভাৱে যিসমূহ সমষ্টিত প্ৰাৰ্থী দিব তাত আমাৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব ।"

CM Himanta Biswa Sarma distributes checks under the women entrepreneurship scheme in Lakhimpur
ৰাইজক সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat Assam)

উল্লেখ্য যে বৃহস্পতিবাৰে লখিমপুৰ নগৰৰ সমীপৰ চুকুলীভৰীয়াত মুখ্য়মন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্রহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সভাখনত লখিমপুৰ সমষ্টিৰ ২৭ হেজাৰ মহিলাক মহিলা উদ্যমিতা আঁচনিৰ দহ হেজাৰ টকাৰ চেক বিতৰণ কৰা হয় ।

চেক বিতৰণ কৰি মুখ্য়মন্ত্ৰীগৰাকীয়ে কয়, "ইতিমধ্যে ৰাজ্যৰ ৭১ টা সমষ্টিত এনেদৰে চেক বিতৰণ কৰা হৈছে । মই এনে ৬০ খন সভাত অংশগ্রহণ কৰিছোঁ ।" উল্লেখ্য এই সভাৰ পূৰ্বে মুখ্য়মন্ত্ৰী গৰাকীয়ে ন-আলি কলিতা গাঁও সংযোগী 'অসম মালা'ৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা এটা পথৰ ভূমি পূজন কৰাৰ উপৰিও জহিঙত নিৰ্মাণ সম্পূৰ্ণ কৰা লখিমপুৰ বিশ্ববিদ্যালয়ৰ নতুন চৌহদটো উদ্বোধন কৰে ।

লগতে পঢ়ক: সমাগত বিধানসভা নিৰ্বাচন : ৭৪ টা সমষ্টিত পুৰুষক অতিক্ৰম কৰিলে মহিলা ভোটাৰৰ সংখ্যাই

১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব বিজেপি মিত্ৰজোঁটৰ আসন ভাগ-বাটোৱাৰা প্ৰক্ৰিয়া