Bihar Election Results 2025

ETV Bharat / politics

জুবিন গাৰ্গে যে ন্যায় পাব তাত মোৰ সন্দেহ আছে : ৰাজেন গোঁহাই

নাম উল্লেখ নকৰাকৈ মুখ্যমন্ত্ৰী প্ৰসংগত ৰাজেন গোঁহায়ে কয় যে এজন নেতাক বাদ দি আন কোনো ৰাজনৈতিক নেতাৰে জুবিনৰ সংঘাত নাছিল ।

Rajen Gohain on Zubeen Garg
বুধবাৰে আনুষ্ঠানিকভাৱে অজাপত যোগদান কৰে ৰাজোন গোঁহায়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 5, 2025 at 7:27 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: "জুবিন গাৰ্গে যে ন্যায় পাব তাত মোৰ সন্দেহ আছে । ন্যায় পালে ভাল পাম । কিন্তু জুবিন গাৰ্গে ন্যায় পাব বুলি মোৰ মনে নকয় ।" এই মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী তথা বিজেপিত্যাগী প্ৰবীণ ৰাজনীতিক ৰাজেন গোঁহাইৰ ।

এক দীঘলীয়া সময় বিজেপিত থাকি চাৰিবাৰকৈ সাংসদ হোৱাৰ উপৰি কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্রী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব পালন কৰা ৰাজেন গোঁহায়ে বুধবাৰে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদ দলত যোগদান কৰে । দিছপুৰৰ লোক নিৰ্মাণ বিভাগৰ সন্মিলন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক অনুষ্ঠানত ৰাষ্ট্ৰীয় দল বিজেপি ত্যাগ কৰা প্ৰবীণ ৰাজনীতিক ৰাজেন গোঁহায়ে আঞ্চলিক দল অসম জাতীয় পৰিষদত যোগদান কৰে ।

জুবিন গাৰ্গে যে ন্যায় পাব তাত মোৰ সন্দেহ আছে : ৰাজেন গোঁহাই (ETV Bharat Assam)

অসম জাতীয় পৰিষদ দলত যোগদান কৰি দিয়া ভাষণত ৰাজেন গোঁহায়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰসংগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয়, "জীৱিতকালত মই তেওঁৰ বিষয়ে বৰ বেছিকৈ জনা নাছিলোঁ । কিন্তু মৃত্যুৰ পাছত তেওঁৰ ব্যক্তিত্ব দেখা পাই মই অভিভূত হৈ পৰিছোঁ । হয়তো কিবা ঐশ্বৰিক শক্তি আছে যে তেওঁৰ মৃত্যুটো তেওঁৰ চিনেমাখনৰ লগত মিলি গৈছে । যিটো ডাঙৰ কথা । মই যিটো দেখা পাইছোঁ জুবিনে যে ন্যায় পাব তাত মোৰ সন্দেহ আছে । ন্যায় পাব বুলি মোৰ মনে নকয় । পালে বৰ ভাল হ'ব ।"

তেওঁ লগতে কয়, "জুবিন পানীত ডুবি যোৱা বা উঠোৱা অংশটো আমি এতিয়ালৈকে দেখা নাই । হয়তো লুকুৱাই ৰখা হৈছে । সেইটোৰ পৰা বহুত বস্তু উদ্ধাৰ কৰিব পৰা যাব । তেওঁৰ যিটো পৰিৱেশ-পৰিস্থিতিত মৃত্যু হৈছিল তেতিয়া তেওঁৰ কাষত বহু মানুহ আছিল । তেওঁলোকৰ লগত নাও, জেকেট আদি সকলো আছিল । যদি দূৰলৈ পঠিয়াই ৰং চাইছিল তেতিয়া হ’লেতো তেওঁলোকেই দায়ী ।"

Rajen Gohain on Zubeen Garg
বুধবাৰে আনুষ্ঠানিকভাৱে অজাপত যোগদান কৰে ৰাজোন গোঁহায়ে (ETV Bharat Assam)

আনহাতে, নাম উল্লেখ নকৰাকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি তেওঁ কয়, "আমাৰ সেইজনৰ কথা সকলোৱে জানে । সকলো বস্তুৰে এটা সীমা আছে । এক্সট্ৰিমটো সকলোৰে বাবে বেয়া । এজন নেতাক বাদ দি আন কোনো ৰাজনৈতিক নেতাৰে জুবিনৰ সংঘাত নাছিল । এজন নেতাৰ সৈতেহে জুবিনৰ সংঘাত আছিল । এই কথা মুকলিকৈ জুবিনেও কৈছিল । এইগৰাকীয়েও ৰাজহুৱাকৈ কৈছিল । তাৰ বাহিৰে কোনো ৰাজনৈতিক নেতাৰ লগত জুবিনৰ সংঘাত নাছিল ।"

তেওঁ লগতে কয়, "গতিকে বহুত কথা আমাক ভাবিবলৈ বাধ্য কৰায় । সেইটোও হয়তো কাৰণ হ'ব পাৰে মই ভাবোঁ । জুবিনৰ প্ৰতি যদি অলপো সদ্ভাৱনা থাকিলহেঁতেন তেন্তে জুবিনে গছ কটাৰ বিৰোধিতা কৰা সেই প্ৰকল্প বাতিল কৰিব লাগিছিল । তেওঁ জুবিনৰ বাবে একো কৰা নাই ।"

লগতে পঢ়ক :অৱশেষত বিজেপিৰে ৪০ বছৰীয়া সম্পৰ্ক ছেদ কৰি জাহাজত উঠিল ৰাজেন গোঁহাই
লগতে পঢ়ক :বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই 'লাডেন' বুলি কাক ক'লে ড৹ হিমন্ত বিশ্ব শৰ্মাই