ETV Bharat / politics

আগ্ৰাসী বিজেপিক কেনেকৈ ৰুধিব নলবাৰী জিলাৰ তিনি কংগ্ৰেছ প্ৰাৰ্থীয়ে ?

৪২ টা সমষ্টিৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতে নলবাৰী জিলাৰ তিনি কংগ্ৰেছ প্ৰাৰ্থীৰ মনৰ ভাৱ ।

Congress granted candidature in three constituencies of Nalbari district
নলবাৰী জিলাৰ তিনি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 4, 2026 at 3:32 PM IST

6 Min Read
Choose ETV Bharat

নলবাৰী: মঙলবাৰে কংগ্ৰেছ দলে প্ৰকাশ কৰে প্ৰথমখন প্ৰাৰ্থী তালিকা । প্ৰথমখন প্ৰাৰ্থী তালিকাত ৪২ টাকৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে কংগ্ৰেছে । এই তালিকাত নলবাৰী জিলাৰ তিনিওটা বিধানসভা সমষ্টি ক্ৰমে ৩৮ নং বৰক্ষেত্ৰী, ৩৯ নং নলবাৰী আৰু ৪০ নং টিহু বিধানসভাৰ প্ৰাৰ্থীৰ নাম ঘোষিত হয় ।

বৰক্ষেত্ৰীত দিগন্ত বৰ্মন, নলবাৰীত অশোক শৰ্মা আৰু টিহুত ৰাতুল পাটোৱাৰীয়ে পায় কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব । এই সন্দৰ্ভত তিনিওগৰাকী নেতাই ব্যক্ত কৰে প্ৰতিক্ৰিয়া আৰু মনোভাৱ ।

আগ্ৰাসী বিজেপিক কেনেকৈ ৰুধিব নলবাৰী জিলাৰ তিনি কংগ্ৰেছ প্ৰাৰ্থীয়ে ? (ETV Bharat Assam)

৩৮ নং বৰক্ষেত্ৰীত দিগন্ত বৰ্মন:

দিগন্ত বৰ্মনে কয়,"কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব পাই অতিকৈ সন্তোষ পাইছোঁ । কংগ্ৰেছৰ সকলো শীৰ্ষ নেতৃত্বক ধন্যবাদ জনাইছোঁ । তেওঁলোকৰ মোৰ ওপৰত যি আস্থা সেয়া মই ১০০ ভাগ পূৰণ কৰিবলৈ চেষ্টা কৰিম । টিকট পোৱা নোপোৱাক লৈ কোনো কথা নাই । মই দলৰ হৈ লাগি আছো আৰু সদায় লাগি থাকোঁ । দলে যিহেতু প্ৰাৰ্থিত্ব দিছে । বৰক্ষেত্ৰী সমষ্টিৰ পৰা এইবাৰো মই জয়ী হম বুলি ১০০ শতাংশ নিশ্চিত ।"

তেওঁ আৰু কয়,"যোৱা পাঁচ বছৰত অসম বিধানসভাত বৰক্ষেত্ৰী সমষ্টিৰ সকলো সমস্যা উত্থাপন কৰি আহিছোঁ । ইয়াৰে কিছু কাম হৈছে, কিন্তু কিছু কাম বিৰোধী বিধায়ক হিচাপে চৰকাৰে কৰিবলৈ সুযোগ নিদিলে । তাত মই অত্যন্ত দুখ পাইছোঁ । আৰম্ভণিৰে পৰা শেষলৈ মই যুদ্ধ কৰি আহিছোঁ । আনকি বিধানসভাৰ অন্তিমটো অধিৱেশনতো বৰক্ষেত্ৰীৰ ভিন্ন সমস্যাৰ সমাধানৰ দাবীত অন্তিম দিনটোতও উপস্থিত আছিলোঁ । মিত্ৰতা সন্দৰ্ভত আমি ৰাইজৰ দলৰ সৈতে ১০০ ভাগ আশাবাদী । স্বভাৱিকতে প্ৰাৰ্থীৰ ক্ষেত্ৰত কিছু অসন্তোষ হয় । বিজেপিক পৰাজিত কৰাৰ ক্ষেত্ৰত অসন্তষ্টি ত্যাগ কৰিব লাগিব ।"

বৰ্মনে কয়,"বিজেপি দলে যিধৰণে প্ৰচাৰ কৰিছে, তেওঁলোক যথেষ্ট টকা পইচা থকা দল । তেওঁলোকক সহায় কৰা মানুহ আছে । কিন্তু আমাৰ কোনো নাই । যি আছে দিনে নিশাই লাগি থাকে দলৰ হৈ ।" উল্লেখযোগ্য যে এইগৰাকী প্ৰাৰ্থী দিগন্ত বৰ্মনে বৰ্তমানৰ জি এম ডি এৰ অধ্যক্ষ তথা বিজেপি নেতা নাৰায়ণ ডেকাক পৰাস্ত কৰি বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক হৈছিল । এগৰাকী প্ৰশাসনিক শিক্ষাৰে অৰ্হতা সম্পন্ন বিধায়ক দিগন্ত বৰ্মন । তেওঁৰ পিতৃ আছিল অশীতিপৰ ৰাজনীতিক, তথা অসমৰ প্ৰাক্তন ৰাজহ, স্বাস্থ্য , তথা কিছুদিনৰ বাবে হোৱা মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন ।

৩৯ নং নলবাৰীত অশোক শৰ্মা:

দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পাছতে দীৰ্ঘদিনে বিজেপিত থাকি, বিজেপিৰ পৰা ওলাই আহি কংগ্ৰেছত যোগদান কৰা অশোক শৰ্মাই কয়,"দলৰ শীৰ্ষতম নেতৃত্বৰ পৰা তৃণমূল সহকৰ্মীলৈ দলীয় আস্থা বুজি পাই মোক টিকট দিয়া বাবে মই আনন্দ অনুভৱ কৰিছোঁ । গৌৰৱ গগৈয়ে কোৱাৰ দৰে সঁচাকৈ এইবাৰ যুজঁ এখন হ'ব আৰু আমি এই যুঁজত জয়ী হ'ম । হাতে হাত ধৰো বৰ অসম গঢ়ো এই শ্ল'গানেৰ আমি সকলো কৰ্মী লগ হৈ গৌৰৱ গগৈৰ নেতৃত্বত অসমত এখন চৰকাৰ গঢ়াৰ লক্ষ্যৰে আমি এতিয়াৰ পৰাই যুঁজি যাম ।"

শৰ্মাই কয়, "প্ৰত্যাহ্বান বহুত থাকিব । কিন্ত এই প্ৰত্যাহ্বানক কেনেকৈ মোকাবিলা কৰি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম সেইটোহে প্ৰধান কথা হ'ব । যিহেতু আগতেও মোৰ নিৰ্বাচন খেলাৰ অভিজ্ঞতা আছে । গতিকে মই কাইলৈৰ পৰাই নলবাৰী সমষ্টিৰ ৰাইজৰ ওচৰলৈ গৈ এই নিৰ্বাচনী প্ৰক্ৰিয়াত সহায় বিচাৰি আৱেদন ৰাখিম ।"

উল্লেখযোগ্য যে ১৯৮৬ চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল অশোক শৰ্মা । তাৰ পিছত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৈতে জড়িত হৈ নলবাৰী জিলা বিজেপিৰ এসময়ৰ শীৰ্ষ নেতা আছিল । পৰৱৰ্তী সময়ত ২০১৬ চনত নলবাৰী সমষ্টিৰ পৰা বিজেপি দলৰ হৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । লাহে লাহে বিজেপি দলত এলাগী হৈ বিজেপিৰ কিছু নেতাৰ বিৰুদ্ধে ক্ষোভিত হৈ দল ত্যাগ কৰি যোগদান কৰে কংগ্ৰেছত আৰু এতিয়া কংগ্ৰেছৰ পৰা পুনৰ নলবাৰী সমষ্টিৰ পৰা দলীয় টিকট লাভ কৰে অশোক শৰ্মাই ।

৪০ নং টিহুত ৰাতুল পাটোৱাৰী:

ৰাতুল পাটোৱাৰীয়ে কয়, "টিহু সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলোঁ । দলৰ হৈ যিধৰণে লাগি আছিলোঁ, নিৰৱচ্ছিন্নভাৱে লাগি থকা বাবে দলে মোক দ্বিতীয়বাৰলৈ প্ৰাৰ্থিত্ব দিলে । তাৰ বাবে মই দলৰ সকলো শীৰ্ষ নেতৃত্বক ধন্যবাদ জনাইছোঁ । মোৰ ওপৰত বিশ্বাস ৰখা বাবে এইবাৰ ভালকৈ যুঁজিম । মই যুৱ প্ৰাৰ্থী । অতি দুখীয়া পৰিয়ালৰ পৰা আহি ৰাজনীতিত জড়িত হৈ আহিছোঁ । গতিকে টিহু সমষ্টিৰ ৰাইজৰ পৰা দল মত নিৰ্বিশেষে সকলো স্তৰৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ ।"

তেওঁ কয়, "সকলোৱে দলৰ মতৰ ভিতৰত থাকি মোক যাতে আশীৰ্বাদ কৰে সেয়াই আহ্বান । টিহুখন নতুনকৈ গঠিত হৈছে । পাটাছাৰকুছি, বৰমা, পুৰণি ধৰ্মপুৰ, বৰক্ষেত্ৰীৰ এক অংশ, নলবাৰীৰ কিছু অংশ এই সমষ্টিত অন্তৰ্ভুক্ত হৈছে । গতিকে সকলোকে সমানে আগুৱাই নিবলৈ ভিন্ন পৰিকল্পনা প্ৰস্তুত আছে । মই জয়ী হ'লেই সমূহ টিহু সমষ্টিৰ সামগ্ৰিক উন্নয়ন কৰিবলৈ চেষ্টা কৰিম ।"

উল্লেখযোগ্য যে এইগৰাকী কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰী এগৰাকী অধিবক্তা । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত এল এল বি উত্তীৰ্ণ ৰাতুল পাটোৱাৰীয়ে পৰৱৰ্তী সময়ত ৰাজনৈতিক জগতলৈ আহে । যুৱ কংগ্ৰেছৰ পৰা নেতৃত্ব দি জিলা কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি তেওঁ । ৰাতুল পাটোৱাৰীয়ে বিগত ২০২১ বৰ্ষতো কংগ্ৰেছৰ পৰা টিকট লাভ কৰিছিল । মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত পৰাস্ত হৈছিল ৰাতুল পাটোৱাৰী ।

লগতে পঢ়ক: যাও যাও বুলিও নাযায়, এৰো এৰো বুলিও নেৰে... চাৰি দশকৰ প্ৰাপ্তিয়েও উদৰ পূৰোৱা নাই এইসকল নেতাৰ

বৃহস্পতিবাৰে কংগ্ৰেছৰ ৩ বিধায়কে পিন্ধিব গেৰুৱা বসন...