কংগ্ৰেছ হ'ব হিন্দুবিহীন দল ! এজন এজনকৈ কংগ্ৰেছৰ সকলো হিন্দু নেতা বিজেপিলৈ আহিব : দৃঢ়তাৰে দাবী শৰ্মাৰ
৮০ খন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম সাজু । ইতিমধ্যে ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবেহে প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে ৷

By ANI
Published : February 25, 2026 at 7:27 AM IST
গুৱাহাটী: "কোনো হিন্দু কংগ্ৰেছত থাকিব নোৱাৰে ।" এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ কংগ্ৰেছত বাকী থকা হিন্দুসকল ক্ৰমান্বয়ে বিজেপিলৈ আহিব । মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়- "হিন্দু মানুহ কংগ্ৰেছত আৰু নাথাকিব ৷ আজি বা কাইলৈ আহিবই লাগিব । হিন্দু মানুহ কেনেকৈ কংগ্ৰেছত থাকিব ? ৰাজীৱ ভৱনত যদি ১০ জনৰ ভিতৰত ৮ জন মুছলমানৰ নাম দেখা যায় তেন্তে ২ জন হিন্দু কংগ্ৰেছত কেনেকৈ থাকিব পাৰে ? লাহে লাহে তেওঁলোক (হিন্দু) আমাৰ (বিজেপি) ফালে আহিব । কিছুদিনৰ পিছত হিন্দু সাংবাদিকসকলেও তাত (ৰাজীৱ ভৱন) চাহ নাখাব । ভূপেন বৰাক মই কংগ্ৰেছৰ ভিতৰৰ কাহিনীৰ বিষয়ে অৱগত কৰিছিলো । ৰাজ্যৰ নিৰ্বাচনী প্ৰাৰ্থী তালিকাৰ সৈতে কংগ্ৰেছৰ ডকেট আছে । কালি তেওঁলোকে ডকেট সলনি কৰিলে । তথ্য আমি পাই আছো ।"
বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোনো কংগ্ৰেছ বিধায়কে বিজেপিত যোগদান কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এতিয়ালৈকে কোনো পদ খালী হোৱা নাই । "আমাৰ এতিয়া কোনো খালী পদ নাই, য'ত আমি বিধায়কক আনি টিকট দিম । আমাৰ টিকট বাছনি প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে । ৮০ খন আসনত আমাৰ নাম সাজু হৈছে । আমাৰ দলত কোনো আসনৰ খালী পদ নাই । সোণাইৰ এ আই ইউ ডি এফৰ বিধায়ক অগপলৈ আহিব আৰু তেওঁলোকৰ বুজাবুজি ইতিমধ্যে চূড়ান্ত হৈছে । বিজেপিলৈ কোন বিধায়ক আহিব - কমলাক্ষ্য দে' পুৰকায়স্থ, বসন্ত দাস, শশীকান্ত দাস ৷ কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই ।" শৰ্মাই কয় ৷ আনহাতে ভূপেন বৰাৰ বিজেপিত যোগদানৰ পাছত বিহপুৰীয়াৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়- "বিহপুৰীয়াত আমি এজন ভাল প্ৰাৰ্থী দিম আৰু ভূপেন বৰাৰ নামো বিবেচনাৰ বাবে আহিব ৷ তেওঁ বিহপুৰীয়াৰ বিধায়কো আছিল । বিহপুৰীয়া আৰু ৰঙানদী দুয়োটা সমষ্টিতে তেওঁৰ নাম বিবেচনাৰ বাবে আহিব । কংগ্ৰেছে বিচাৰে যে ভূপেন বৰাই সন্মান নাপাওক, কিন্তু আমি তেওঁক সন্মান দিম । আমাৰ দলে ইতিমধ্যে সিদ্ধান্ত লৈছে যে ভূপেন বৰাক দলে ক'ত টিকট দিব ।"
শৰ্মাই আৰু কয় যে বিজেপিয়ে ইতিমধ্যে ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে আৰু কংগ্ৰেছ নেতাসকলে দলত যোগদান কৰাৰ সম্ভাৱনা আছে ।
তেওঁ কয়- "মোৰ বিশ্বাস আছে যে কংগ্ৰেছৰ নেতাসকলে বিজেপিত যোগদান কৰিব । মোৰ বাবে সকলো নিৰ্বাচন গুৰুত্বপূৰ্ণ । ইতিমধ্যে ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰস্তুতি আৰম্ভ কৰিছে । কোনে যোগদান কৰিব লাগে তাৰ বাবে আমাৰ এটা সূচী আছে ।"
লগতে পঢ়ক: এইবাৰ বিজেপি চৰকাৰ হ'বই, কোনেও ৰখাব নোৱাৰে : মুখ্যমন্ত্ৰী

