ETV Bharat / politics

বিধানসভা বৃত্তান্ত : জানো আহক ৰঙিয়া বিধানসভা সমষ্টিক

২৭-১২-২০২৫ তাৰিখে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাৰ তথ্য অনুসৰি, সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা ২,১৬,৫৯৯ জন ।

Rangia constituency
ৰঙিয়া বিধানসভা সমষ্টিৰ এক চমু অৱলোকন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 6, 2026 at 5:57 PM IST

4 Min Read
Choose ETV Bharat

ৰঙিয়া: আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ । সমান্তৰালভাৱে সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক মহলত প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ লগতে প্ৰশাসনৰ মাজতো তৎপৰতা আৰম্ভ হৈছে ।

আনহাতে, শাসকীয় আৰু বিৰোধী দলসমূহে ৰঙিয়া সমষ্টিতো নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে । বৰ্তমানৰ বিজেপি চৰকাৰখনৰ শাসনৰ সময়ত হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বিধানসভা সমষ্টিৰ সংখ্যা পূৰ্বৰ দৰে ১২৬ টা আছে যদিও প্ৰায়সংখ্যক সমষ্টিৰে সীমাৰ ব্যাপক সালসলনি হৈছে ।

Rangia constituency
বিভিন্ন ঐতিহাসিক মঠ-মন্দিৰ-নামঘৰৰ সমাহাৰ ৰঙিয়াত (ETV Bharat Assam)

ৰঙিয়া সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ

অৱশ্যে ৰঙিয়াত ইতিপূৰ্বে ১৯৭২ চনত এবাৰ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ হৈছিল । সেই সময়ত ৰঙিয়া বিধানসভা সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ মানবেন্দ্ৰ নাথ শৰ্মাই । বৰ্তমানৰ ৩১নং ৰঙিয়া বিধানসভা সমষ্টি হৈছে কামৰূপ জিলাৰ অন্তৰ্গত অন্যতম এক গুৰুত্বপূৰ্ণ সমষ্টি ।

Rangia constituency
ৰঙিয়া সমজিলা আয়ুক্তৰ কাৰ্যালয় (ETV Bharat Assam)

ৰঙিয়া সমষ্টিৰ চাৰিসীমা

এই সমষ্টিটোৰ পূব দিশত আছে নৱগঠিত গোৰেশ্বৰ সমষ্টি, পশ্চিম দিশত আছে নলবাৰী আৰু হাজো সমষ্টি, উত্তৰে নৱগঠিত তামুলপুৰ সমষ্টি আৰু দক্ষিণে আছে কমলপুৰ সমষ্টি । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই বিধানসভা সমষ্টিটোৰ পৰা গোৰেশ্বৰ আৰু বেতনা মৌজা দুটা কৰ্তন হৈ নতুনকৈ গঠন হোৱা তামুলপুৰ আৰু গোৰেশ্বৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে ।

Rangia constituency
ৰঙিয়া ক্ৰিকেট সন্থাৰ খেলপথাৰ (ETV Bharat Assam)

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৰঙিয়াৰ গুৰুত্বপূৰ্ণ সালসলনি

ইয়াৰ বিপৰীতে কমলপুৰ সমষ্টিৰ লগতে হাজো সমষ্টিৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চল ৰঙিয়াত অন্তৰ্ভুক্ত হৈছে । পূৰ্বতে হাজো সমষ্টিৰ অন্তৰ্গত ধুহী, বিষ্ণুপুৰ, কঞা-বৰপুল্লা, বাৰাংহাটী, শ্বহীদ সত্যনাথ, মনাহকুছি-বাহানা-হাদালা-চেঁচামুখ গাঁও পঞ্চায়ত ৰঙিয়া সমষ্টিত অন্তৰ্ভুক্ত হৈছে ।

Rangia constituency
বিহংগম দৃষ্টিত ৰঙিয়া (ETV Bharat Assam)

ইয়াৰ উপৰি নিকটৱৰ্তী কমলপুৰ সমষ্টিৰ পুঠিমাৰী, কেন্দুকোনা, বৰডেকপাৰ, আঠগাঁও, বোৰ্কা, সোণাপুৰ, গুইয়া আদি গাঁও পঞ্চায়তৰ বহু অঞ্চল ৰঙিয়াৰ অন্তৰ্ভুক্ত হৈছে ।

ভোটাৰৰ সংখ্যা

২৭-১২-২০২৫ তাৰিখে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাৰ তথ্য অনুসৰি, এই সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা ২,১৬,৫৯৯ জন । ইয়াৰে ভিতৰত ১,০৭,২৫৮ গৰাকী মহিলা ভোটাৰৰ বিপৰীতে ১,০৯,৩৪১ গৰাকী পুৰুষ ভোটাৰ আছে । লগতে ৬২১ গৰাকী ছাৰ্ভিচ ভোটাৰ আছে ।

Rangia constituency
ৰঙিয়া সমষ্টিৰ ভোটাৰৰ সংখ্যা (ETV Bharat Assam graphics)

আনহাতে, সমষ্টিটোত আগন্তুক বিধানসভা নিৰ্বাচনত ২৬৫ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব ।

বিধায়কসকল

উল্লেখ্য যে ১৯৫১ চনৰ পৰা অসম বিধানসভালৈ ৰাইজে প্ৰতিনিধি নিৰ্বাচিত কৰি পঠিওৱা সমষ্টিটোত যোৱা দুটা কাৰ্যকালত ভাৰতীয় জনতা পাৰ্টীৰ পৰা ভৱেশ কলিতাই জয়লাভ কৰিছে । তেওঁ ২০১৬ চনত কংগ্ৰেছৰ ঘনশ্যাম কলিতাতকৈ ৩২,০৬৭ টাতকৈ অধিক ভোট লাভ কৰি জয়ী হৈছিল । লগতে ২০২১ চনত চি পি এমৰ ডাঃ ভগৱান দেৱ মিশ্ৰতকৈ ২০,২২০ ভোট অধিক লাভ কৰি পুনৰবাৰ বিধায়ক হৈছিল ।

Rangia constituency
ৰঙিয়া সমষ্টিৰ বিধায়কসকল (ETV Bharat Assam Graphics)

ক্ৰম অনুসৰি বিধায়কসকল

  1. ১৯৫১ : সিদ্ধিনাথ শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছ
  2. ১৯৫৭ : নিৰ্বাচন হোৱা নাই
  3. ১৯৬২ : সিদ্ধিনাথ শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছ
  4. ১৯৬৭ : কে এম শৰ্মা, ভাৰতীয় কমিউনিষ্ট পাৰ্টী
  5. ১৯৭২ : মানবেন্দ্ৰ নাথ শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছ
  6. ১৯৭৮ : পূৰ্ণ বড়ো, ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)
  7. ১৯৮৩ : পূৰ্ণ বড়ো, ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)
  8. ১৯৮৫ : থানেশ্বৰ বড়ো, অসম গণ পৰিষদ
  9. ১৯৯১ : থানেশ্বৰ বড়ো, অসম গণ পৰিষদ
  10. ১৯৯৬ : থানেশ্বৰ বড়ো, অসম গণ পৰিষদ
  11. ২০০১ : ভূৱনেশ্বৰ কলিতা, ভাৰতীয় জাতীয় কংগ্ৰেছ
  12. ২০০৬ : অনন্ত ডেকা, ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)
  13. ২০১১ : ঘনশ্যাম কলিতা, ভাৰতীয় জাতীয় কংগ্ৰেছ
  14. ২০১৬ : ভৱেশ কলিতা, ভাৰতীয় জনতা পাৰ্টী
  15. ২০২১ : ভৱেশ কলিতা, ভাৰতীয় জনতা পাৰ্টী
লগতে পঢ়ক: বিধানসভা বৃত্তান্ত : জানো আহক ধুবুৰী বিধানসভা সমষ্টিৰ বিষয়ে
বিধানসভা বৃত্তান্ত: জানো আহক বৰপেটা বিধানসভা সমষ্টিক