ETV Bharat / politics

বিধানসভা বৃত্তান্ত : জানো আহক ধুবুৰী বিধানসভা সমষ্টিৰ বিষয়ে

অসমৰ ধুবুৰী জিলাৰ এক অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৮নং ধুবুৰী বিধানসভা সমষ্টি । পলকতে নামনি অসমৰ এই সমষ্টিটোৰ এক অৱলোকন ।

Dhubri Legislative Assembly  Constituency
জানো আহক ধুবুৰী বিধানসভা সমষ্টিৰ বিষয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 6, 2026 at 2:26 PM IST

6 Min Read
Choose ETV Bharat

ধুবুৰী : ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ অন্যতম ধুবুৰী জিলাৰ পাঁচটা বিধানসভা সমষ্টিক লৈ ব্যাপক চৰ্চা অব্যাহত আছে । আজিৰ এই প্ৰতিবেদনত জিলাখনৰ ঐতিহ্যপূৰ্ণ ধুবুৰী বিধানসভা সমষ্টিৰ বৃত্তান্ত দিবলৈ প্ৰয়াস কৰা হৈছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৰাজনৈতিক ৰেহৰূপ তথা জনগাঁথনি সলনি হৈ পৰিছে এই সমষ্টিটোৰ ।

৮নং ধুবুৰী বিধানসভা সমষ্টিৰ ভৌগোলিক পৰিসৰ

ধুবুৰী সমষ্টিৰ পশ্চিমত পশ্চিমবংগ আৰু বাংলাদেশ, দক্ষিণ দিশত বাংলাদেশ আৰু মেঘালয়, পূব দিশত গোৱালপাৰা, বঙাইগাঁও আৰু মেঘালয় আৰু উত্তৰত আছে কোকৰাঝাৰ জিলা আৰু ব্ৰহ্মপুত্ৰ নৈ । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ধুবুৰীত দেশী মুছলমান ভোটাৰৰ সংখ্যা বৃদ্ধি পায় ।

Dhubri Legislative Assembly  Constituency
ধুবুৰী বিধানসভা সমষ্টিৰ ভোটাৰৰ বিন্যাস (ETV Bharat Assam Graphics)

২০২৬ৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ চূড়ান্ত খচৰা অনুসৰি, ৮নং ধুবুৰী বিধানসভা সমষ্টিত ২ লাখ ৩১ হেজাৰ ১৬১ গৰাকী ভোটাৰ আছে । ইয়াৰে ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ১ লাখ ১৮ হাজাৰ ৯৪৪ । আনহাতে, মহিলা ভোটাৰৰ সংখ্যা হৈছে ১ লাখ ১২ হাজাৰ ৪২৪ গৰাকী ।

ধুবুৰী সমষ্টিটোত হিন্দু ভোট আছে ৫৩ হেজাৰ । আনহাতে, দেশী মুছলিম ভোট ১ লাখ ২ হেজাৰৰ বিপৰীতে মিঞা মুছলিম ভোটাৰ আছে ৭৬ হেজাৰ ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সমষ্টিটোত থকা গৌৰীপুৰ উন্নয়ন খণ্ডৰ নাম সলনি হৈ ধৰ্মশালা উন্নয়ন খণ্ড হয় । তদুপৰি সমষ্টিটোত আছে ১৮ টাকৈ গাঁও পঞ্চায়ত । ইয়াৰে ধুবুৰী জিলাৰ ৭নং গৌৰীপুৰ সমষ্টিৰ অধীনত থকা নালিয়া আৰু বেৰভাংগী গাঁও পঞ্চায়ত দুটা এইবাৰ ৮নং ধুবুৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে ।

Dhubri Legislative Assembly  Constituency
ধুবুৰী জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় (ETV Bharat Assam)

আনহাতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পূৰ্বৰ দক্ষিণ শালমাৰা সমষ্টিৰ পৰা ১৮ হেজাৰ পুৰুষ-মহিলাৰ ভোট ধুবুৰী সমষ্টিত অন্তৰ্ভুক্ত হৈছে । আনপিনে মাজেৰ চৰ আৰু পদ্মেৰ আলগা এই দুটা চৰৰ ২০ হেজাৰ ভোটাৰ সোমাইছে ৮নং ধুবুৰী বিধানসভা সমষ্টিত ।

ধুবুৰী সমষ্টিত পূৰ্বতে থকা মধুশ'লমাৰী-টিয়ামাৰী গাঁৱৰ ১০ হেজাৰ ভোট সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ধুবুৰী সমষ্টিৰ পৰা কৰ্তন কৰা হৈছে । ইপিনে ধুবুৰী সমষ্টিত পূৰ্বতে থকা কালাহাট, কাছাৰীহাট গাঁও দুখনৰ হিন্দু ভোট থকা ৱাৰ্ডকেইটা ৬নং গোলকগঞ্জ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে ।

Dhubri Legislative Assembly  Constituency
কেইগৰাকীমান প্ৰাক্তন বিধায়ক (ETV Bharat Assam)

ধুবুৰীৰ ৰাজনৈতিক ইতিহাস

ধুবুৰী এখন ইতিহাস প্ৰসিদ্ধ ঠাই । ধুবুৰী চহৰত থকা গুৰুদ্বাৰ, পাঁচপীৰ দৰগাহ, হৰিসভা, কালীবাড়ী মন্দিৰকে ধৰি প্ৰাচীনকালৰ পৰা থকা বিভিন্ন ধৰ্মীয় অনুষ্ঠান, ঐতিহাসিক কীৰ্তিচিহ্নই চহৰখনক চিৰযুগমীয়া কৰি ৰাখিছে ।

ব্ৰিটিছৰ ৰাজত্বকালৰ সময়ৰ ১৮৭৬ চনৰ পৰা গোৱালপাৰা জিলাৰ মহকুমা সদৰ আছিল এই ধুবুৰী চহৰ । ১৯৮৩ চনৰ ১ জুলাইত ধুবুৰী এখন পৃথক জিলা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল । ১৮৮৩ চনত ধুবুৰী পৌৰসভা গঠন হৈছিল । ১৬ টা ৱাৰ্ডেৰে গঠিত ধুবুৰী পৌৰসভাখন বৰ্তমানে বিজেপি-অগপ দলৰ মিত্ৰজোঁটৰ দ্বাৰা পৰিচালিত হৈ আছে আৰু বিজেপি দলৰ জ্যেষ্ঠ নেতা ডাঃ দেৱময় সান্নাল ধুবুৰী পৌৰসভাৰ পৌৰপতিৰ দায়িত্বত আছে ।

ধুবুৰী বিধানসভা সমষ্টিৰ বিধায়কসকল

Dhubri Legislative Assembly  Constituency
ধুবুৰী সমষ্টিৰ বিধায়কসকলৰ তালিকা (ETV Bharat Assam Graphics)
  1. ১৯৫২ : তমিজউদ্দিন প্ৰধানী (কংগ্ৰেছ)
  2. ১৯৫৭ : তমিজউদ্দিন প্ৰধানী (কংগ্ৰেছ)
  3. ১৯৬২ : মহম্মদ ওমৰ উদ্দিন( কংগ্ৰেছ)
  4. ১৯৬৭ : এছ এ আলী (কংগ্ৰেছ)
  5. ১৯৭২ : মহম্মদ ওমৰ উদ্দিন (কংগ্ৰেছ)
  6. ১৯৭৮ : মহম্মদ ওমৰ উদ্দিন (কংগ্ৰেছ)
  7. ১৯৮৩ : মহম্মদ ওমৰ উদ্দিন (কংগ্ৰেছ)
  8. ১৯৮৫ : মছিৰ উদ্দিন শ্বেখ (কংগ্ৰেছ)
  9. ১৯৯১ : ধ্ৰুৱ কুমাৰ সেন (বিজেপি)
  10. ১৯৯৬ : নজিবুল ওমৰ (কংগ্ৰেছ)
  11. ২০০১ : নজিবুল ওমৰ (কংগ্ৰেছ)
  12. ২০০৬ : ৰছুল হক (এআইইউডিএফ)
  13. ২০১১ : জাহান উদ্দিন (এআইইউডিএফ)
  14. ২০১৬ : নজৰুল হক (এআইইউডিএফ)
  15. ২০২১ : নজৰুল হক (এআইইউডিএফ)

নিৰ্বাচিত বিধায়কসকলৰ চমু তথ্য

১৯৮৫ চনত মছিৰ উদ্দিন শ্বেখ ধুবুৰী বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । ধুবুৰী আদালতৰ এগৰাকী অধিবক্তা মছিৰ উদ্দিন শ্বেখে ১৯৮৫ চনৰ বিধানসভা নিৰ্বাচনত চি পি এমৰ ছাবেৰ আলী শ্বেখক পৰাস্ত কৰি কংগ্ৰেছ দলৰ হৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ।

ধুবুৰীৰ ৰাজনৈতিক ইতিহাসত ১৯৫২ চনৰ পৰা বৰ্তমানলৈকে যিমানকেইটা বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে তাৰে ভিতৰত বিজেপি দলে মাত্ৰ এবাৰহে ধুবুৰী বিধানসভা আসনখন দখল কৰিবলৈ সক্ষম হৈছে । ১৯৯১ চনৰ বিধানসভাৰ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ সেনে চি পি এমৰ প্ৰাৰ্থী ছাবেৰ আলী শ্বেখক পৰাস্ত কৰি জয়ী হৈছিল ।

Dhubri Legislative Assembly  Constituency
জিলা আয়ুক্তৰ কাৰ্যালয় (ETV Bharat Assam)

১৯৯৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নজিবুল ওমৰে বিজেপিৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ সেনক পৰাস্ত কৰি ধুবুৰী বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । একেদৰে ২০০১ চনৰ বিধানসভা নিৰ্বাচনতো কংগ্ৰেছৰ নজিবুল ওমৰে বিজেপিৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ সেনক পুনৰ পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে বিধায়ক হৈছিল ।

২০০৬ চনৰ বিধানসভা নিৰ্বাচনৰ পৰাই ধুবুৰী বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰৱেশ একেবাৰে বন্ধ হৈ পৰে । সমষ্টিটোত ক্ৰমে উত্থান ঘটে এআইইউডিএফৰ । কংগ্ৰেছৰ দুৰ্গ বুলি পৰিচিত ধুবুৰী বিধানসভা সমষ্টিত এআইইউডিএফে চমকপ্ৰদভাৱে উত্থান কৰি ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত এআইইউডিএফৰ প্ৰাৰ্থী ৰছুল হকে কংগ্ৰেছ প্ৰাৰ্থী নজিবুল ওমৰক পৰাস্ত কৰি জয়ী হয় ।

Dhubri Legislative Assembly  Constituency
ঐতিহাসিক গুৰুদ্বাৰ (ETV Bharat Assam)

২০১১ৰ বিধানসভা নিৰ্বাচনত এআইইউডিএফে সমষ্টিটোত নিজৰ বিজয় ধাৰা অব্যাহত ৰাখি এআইইউডিএফৰ প্ৰাৰ্থী জাহান উদ্দিনে কংগ্ৰেছ প্ৰাৰ্থী নজিবুল ওমৰক পৰাস্ত কৰি জয়ী হয় । ২০১৬ৰ বিধানসভা নিৰ্বাচনত পুনৰ এআইইউডিএফে সমষ্টিটোত নিজৰ বিজয়ধ্বজা উৰুয়াবলৈ সক্ষম হয় ।

এআইইউডিএফৰ প্ৰাৰ্থী নজৰুল হকে প্ৰাক্তন কংগ্ৰেছী নেতা তথা নিৰ্দলীয় প্ৰাৰ্থী নজিবুল ওমৰক পৰাস্ত কৰি জয়ী হয় । একেদৰে ২০২১ৰ বিধানসভা নিৰ্বাচনতো এআইইউডিএফৰ প্ৰাৰ্থী নজৰুল হকে বিজেপিৰ প্ৰাৰ্থী ডাঃ দেৱময় সান্নালক পৰাস্ত কৰি জয়ী হয় ।

Dhubri Legislative Assembly  Constituency
ধুবুৰী পৌৰসভাৰ কাৰ্যালয় (ETV Bharat Assam)

মন কৰিবলগীয়া যে বৰ্তমানৰ ধুবুৰী বিধানসভা সমষ্টিৰ এআইইউডিএফৰ বিধায়ক নজৰুল হকে দুবাৰকৈ বিধানসভা নিৰ্বাচনত জয়ী হৈছে । ইতিহাস প্ৰসিদ্ধ ধুবুৰী সমষ্টিটোত এইবাৰ বিভিন্ন ৰাজনৈতিক দলৰ আগমনে নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ পৰিব বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক :বিধানসভা বৃত্তান্ত: জানো আহক তেজপুৰ সমষ্টিক
লগতে পঢ়ক :বিধানসভা বৃত্তান্ত: জানো আহক নৱগঠিত ৰূপহীহাট বিধানসভা সমষ্টিক