ETV Bharat / politics

বিধানসভা বৃত্তান্ত : জানো আহক বাক্সা বিধানসভা সমষ্টিক

বিটিচিত অন্তৰ্ভুক্ত অঞ্চলসমূহক লৈ বাক্সা বিধানসভা সমষ্টি গঠন কৰা হৈছে ৷

Baksa Legislative Assembly Constituency
জানো আহক বাক্সা বিধানসভা সমষ্টিক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 7, 2026 at 4:54 PM IST

4 Min Read
Choose ETV Bharat

বাক্সা: ২০২৬ৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ১২৬টা সমষ্টিৰ অন্যতম বাক্সা জিলাৰ নৱগঠিত ৪২ নং বাক্সা বিধানসভা সমষ্টিক লৈ অব্যাহত ব্যাপক চৰ্চা । শেহতীয়াকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত বিধানসভা সমষ্টিটো(জনজাতি) নতুনকৈ গঠন কৰা হৈছে । এই সমষ্টিটো পূৰ্বৰ বি টি চিৰ চাপাগুৰি বিধানসভা আৰু বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত অঞ্চলসমূহক লৈ গঠন কৰা হৈছে ৷

যদিও আমি নৱগঠিত ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ ৰূপৰেখা প্ৰস্তুত কৰিছো, তথাপি এই প্ৰতিবেদন পূৰ্বৰ বৰমা সমষ্টিৰ তথ্য় প্ৰকাশ কৰা হৈছে । মুঠ ভোটাৰ ২,০২,১৫০ গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰ ৯৯,৮৭২ জন, মহিলা ভোটাৰ ১,০২,২৭৭ গৰাকী আৰু এগৰাকী তৃতীয় লিংগৰ ব্যক্তি ৷

জানো আহক বাক্সা বিধানসভা সমষ্টিক (ETV Bharat Assam)

ভৌগোলিক চাৰিসীমা

সমষ্টিটোৰ দক্ষিণে নলবাৰী, পূবে তামুলপুৰ, পশ্চিমে ৪১ নং মানাহ বিধানসভা সমষ্টি আৰু উত্তৰে সুউচ্চ হিমালয় পৰ্বত আছে ৷ সমষ্টিটোত ভূটান পাহাৰৰ পৰা দিৰিং, মৰাপাগলদিয়া নৈ বৈ আহিছে ৷

বৰমা বিধানসভা সমষ্টি (জনজাতি)টোৰ পৰা ১৯৬২ চনৰ পৰা একেৰাহে দুবাৰ প্ৰতিনিধিত্ব কৰে সুৰেন্দ্ৰনাথ দাসে (নিৰ্দলীয়), ১৯৭৪ চনত বৈকুণ্ঠ নাথ দাস (নিৰ্দলীয়), ১৯৮৩ চনত অলিত চন্দ্ৰ বড়ো (নিৰ্দলীয়), ১৯৮৫ চনত ৰেখাৰাণী দাস বড়ো(অগপ), ১৯৯১ চনত পানীৰাম ৰাভা (নিৰ্দলীয়), ১৯৯৬ চনত পুনৰ ৰেখাৰাণী দাস বড়ো (অগপ), ২০০১ চনত পুনৰ পানীৰাম ৰাভা (কংগ্ৰেছ), ২০০৬ চনৰ পৰা ২০১৬ চনলৈকে একেৰাহে তিনিটা কাৰ্যকালৰ বাবে বি পি এফ দলৰ পৰা মনেশ্বৰ ব্ৰহ্ম নিৰ্বাচিত হয় ৷

Barama Legislative Assembly constituency
বৰমা বিধানসভা সমষ্টি (ETV Bharat Assam)

২০২১ চনৰ নিৰ্বাচনত বৰমা সমষ্টিৰ পৰা বি পি এফ দলক হৰুৱাই ইউ পি পি এল দলৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হয় ভূপেন বড়ো ৷ ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বি এল টিৰ মাজত হোৱা চুক্তি অনুসৰি বি টি চি চুক্তি হোৱাৰ লগে লগে অসমৰ ৰাজনীতিৰ আমোল পৰিৱৰ্তন ঘটে ৷ সেই অনুসৰি বি টি চিত অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহক লৈ বৰ্তমানলৈকে পাঁচখন জিলা গঠন কৰে ৷ পূৰ্বতে সমষ্টি নিৰ্ধাৰণ নোহোৱালৈকে বি টি চি অন্তৰ্ভুক্ত আৰু বাহিৰৰ অঞ্চলসমূহেৰে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ আছিল ৷

Barama Legislative Assembly constituency
বৰমা বিধানসভা সমষ্টি (ETV Bharat Assam)

এইবাৰ যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে, সেয়েহে বি টি চিত অন্তৰ্ভুক্ত অঞ্চলসমূহক লৈ বাক্সা বিধানসভা সমষ্টি গঠন কৰা হৈছে ৷ সেই অনুসৰি বৰমা বিধানসভা সমষ্টিটোৰ নলবাৰী জিলাৰ সুৰাদী, গোবৰাদল, শিয়ালমাৰী, ভোজকুছি, হাৰিভাঙা আদি গাঁওসমূহ বাদ পৰে । ইপিনে, ৬১ নং চাপাগুৰি সমষ্টিৰ বৃহৎ অংশ বাক্সা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে ৷

বৰমা সমষ্টিৰ শিক্ষা প্ৰতিষ্ঠান

সমষ্টিটোত শিক্ষা প্ৰতিষ্ঠান বুলি ক'লে ১৯৩৫ চনত স্থাপিচ সুমতি বালিকা প্ৰাথমিক বিদ্যালয়, ১৯৪৪ চনত স্থাপিত বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১৯৬১ চনত স্থাপিত বৰমা ছোৱালী হাইস্কুল, ১৯৭১ চনত স্থাপিত বৰমা মহাবিদ্যালয় আছে ৷

Surendranath Das
সুৰেন্দ্ৰনাথ দাস (ETV Bharat Assam)

অবিভক্ত নলবাৰী জিলা আৰু বাক্সা জিলাৰে গঠিত বৰমা বিধানসভা সমষ্টিৰ উন্নয়ন বুলি ক'লে সমষ্টিটোৰ কাম লেহেমীয়া গতিৰে আগবাঢ়ি আছে ৷ যাৰ ফলত একাংশ যু্ৱক- যুৱতীয়ে বহিঃৰাজ্যত কাম বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে ৷ চৰকাৰে উন্নয়নৰ ঢাকঢোল বজালেও বৰমা সমষ্টিৰ উন্নয়ন লেহেমীয়া গতিৰে আৰম্ভ হয় ৷

Rekharani Das Boro
ৰেখাৰাণী দাস বড়ো (ETV Bharat Assam)

এজন স্থানীয় ব্য়ক্তিয়ে কয়, "চৰকাৰে সদায় যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন আশ্বাস দি নিৰ্বাচনৰ বৈতৰণী পাৰ হৈ থাকে ৷ ১৯৮৫ চনত অগপ দলৰ পৰা ৰেখাৰাণী দাস বড়োৱে প্ৰতিনিধিত্ব কৰাৰ পৰা সমষ্টিটোত উন্নয়নৰ গতি তৰান্বিত হৈছে ৷ কংগ্ৰেছ দলৰ পানীৰাম ৰাভা, বি পি এফ দলৰ মনেশ্বৰ ব্ৰহ্মই সমষ্টিটোত যাতায়ত, কৃষি আদিত কাম কৰা দেখা যায় ৷ বৰ্তমানৰ বি জে পি আৰু ইউ পি পি এল দলৰ চৰকাৰে অসমৰ ৰাইজৰ হিতাধিকাৰীক সাহাৰ্য দিয়াত ব্যস্ত ৷"

Maneswar Brahma
মনেশ্বৰ ব্ৰহ্ম (ETV Bharat Assam)

বৰ্তমান নতুনকৈ গঠন হোৱা সমষ্টিটোত দুটাকৈ পৌৰসভা গঠন কৰা হৈছে ৷ এই পৌৰসভা গঠনক লৈ অঞ্চলবাসী যথেষ্ট আশাবাদী ।

লগতে পঢ়ক:বিধানসভা বৃত্তান্ত: জানো আহক বৰপেটা বিধানসভা সমষ্টিক

বিধানসভা বৃত্তান্ত : জানো আহক ৰঙিয়া বিধানসভা সমষ্টিক