"অসম কংগ্ৰেছৰ সকলো হিন্দু নেতা বিজেপিলৈ আহিব" : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ৰাজ্য়জুৰি চলি থকা বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাই দেওবাৰে নগাঁৱ জিলা অতিক্ৰম কৰে । নিশা ১২ বজাত বঢ়মপুৰ সমষ্টিত উপস্থিত মুখ্যমন্ত্ৰী ৷

Published : March 2, 2026 at 11:35 AM IST
|Updated : March 2, 2026 at 12:09 PM IST
নগাঁও : কংগ্ৰেছ দলৰ সকলো হিন্দু নেতাই বিজেপিত যোগদান কৰিব বুলি বিস্ফোৰক দাবী অসমৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, ৰাজ্য়জুৰি চলি থকা বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ সময়ত অসমৰ মুখ্য়মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই মন্তব্য় কৰে ৷
"কংগ্ৰেছত যিকেইজন হিন্দু নেতা আছে গোটেই কেইজন আজি নহয় কাইলৈ বিজেপিলৈ আহিব । তেওঁলোক কংগ্ৰেছত থাকিব নোৱাৰে । যিয়ে হিন্দু পৰম্পৰা মানে, ঘৰত মন্দিৰত চাকি জ্বলাই বা ভাগৱতত পূজা সেৱা কৰে তেওঁলোকে বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে । এই কথা ২০১৫ত যোগদান কৰিয়ে কৈছিলোঁ ।" এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।
নগাঁৱত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত অংশ লৈ এই বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । কেৱল এয়াই নহয় তেওঁ দাবী কৰে যে নগাঁৱৰ সাংসদো বিজেপিত যোগদান কৰিব । এই সন্দৰ্ভত তেওঁ কয়, "প্ৰদ্যুৎ বৰদলৈতো আহিবই লাগিব ৰাজ্য়সভা নিৰ্বাচনৰ আগত ।"
উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হোৱা জন আশীৰ্বাদ যাত্ৰা দেওবাৰে নিশা নগাঁৱত উপস্থিত হয় । নগাঁৱৰ বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক লগত লৈ মুখ্যমন্ত্ৰীয়ে নিশা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে । এই জন আশীৰ্বাদ যাত্ৰাই ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় । নগাঁৱত বুল্ড'জাৰৰ সহায়ত পুষ্পবৃষ্টিৰে আদৰণি জনোৱা হয় জন আশীৰ্বাদ যাত্ৰাক ।
হাজাৰ হাজাৰ অনুৰাগী আৰু সমৰ্থকৰ আদৰণি তথা পুষ্পবৃষ্টিৰ মাজেৰে মুখ্যমন্ত্ৰীয়ে জিলাখনৰ বেবেজীয়া একশৰণ ভাগৱতী সমাজৰ পালনাম থানত দেওবাৰে সন্ধিয়া ৮ বজাত উপস্থিত হয় । ধৰ্মীয় অনুষ্ঠানটিত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে একশৰণ ভাগৱতী সমাজ, অসমৰ নৱনিৰ্মিত কেন্দ্ৰীয় প্ৰশাসনিক ভৱনটো মুকলি কৰে । আছুতীয়া পুঁজিৰে এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰা এই ভৱনটোৰ ২০২৪ চনৰ ২৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে নিজেই আধাৰশিলা স্থাপন কৰিছিল । ভৱনটো মুকলি কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই একশৰণ ভাগৱতী সমাজৰ ভকত-বৈষ্ণৱসকলৰ সৈতে আলোচনাত মিলিত হৈ নামঘৰত সেৱা জনাই চমু বক্তব্য প্ৰদান কৰে । এই অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।
তাৰ পাছতেই নিশা ৯ মান বজাত মুখ্যমন্ত্ৰীৰ নেতৃত্বত উলিওৱা জন আশীৰ্বাদ যাত্ৰা উপস্থিত হয় নগাঁও চহৰত । নিশা নগাঁও চহৰত সহস্ৰাধিক অনুৰাগীয়ে পুষ্পবৃষ্টিৰে আদৰণি জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক । পথৰ দুয়োকাষে ৰৈ থকা জনতাৰ আদৰণি গ্ৰহণ কৰি নিশা প্ৰায় ১২ মান বজাত উপস্থিত হয় বঢ়মপুৰ বিধামসভা সমষ্টিৰ পুৰণিগুদামত । নিশা ১২ বজাত বিশাল জনসভা সম্বোধন কৰি আগন্তুক ২০২৬ চনত পুনৰ চৰকাৰ গঠনৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰে মুখ্যমন্ত্ৰীয়ে ।
বঢ়মপুৰত নিশা প্ৰায় ১ বজাত সংবাদ মাধ্যমৰ সন্মুখত জন আশীৰ্বাদ যাত্ৰা সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, "পোন্ধৰ দিন অবিৰতভাৱে জন আশীৰ্বাদ যাত্রা কৰিম । আজিৰ দিনটোৰ যাত্ৰা বঢ়মপুৰত সামৰণি পৰিছে । ৰাইজক দেখাৰ লগে লগে ভাগৰ নাইকিয়া হৈ যায় । চাকৰি পোৱা ল'ৰা ওলাই আহি মাতিছে । ১৬ তাৰিখলৈকে এই যাত্ৰা সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছোঁ ।"
অখিল গগৈসহ বিৰোধী ঐক্য সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "বিৰোধীৰ কেৱল কাজিয়া হে শুনিছোঁ, আপুনি ক'ৰপৰা শুনিছে মই নাজানোঁ । মই মোৰ ভাল কামখিনি দেখুৱাম, বিৰোধীৰ সৈতে যুঁজ বাগৰ কৰি লাভ নাই ।" অৱশ্যে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ কংগ্ৰেছ বা বিৰোধীয়ে কেনেদৰে দিয়ে সেয়াহে লক্ষণীয় হ'ব ।
লগতে পঢ়ক :
অসমৰ ৬ জনগোষ্ঠী একত্ৰিত হৈ মুখ্যমন্ত্ৰীক পৰাজিত কৰিব : গৌৰৱ গগৈ

