১১ মে’ৰ পাছতহে শপত ল’ব অসমৰ নতুন চৰকাৰে, উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী
কেন্দ্ৰীয় পৰ্যৱেক্ষক জেপি নাড্ডা আৰু নায়াব সিং ছৈনীৰ উপস্থিতিত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰি তাতেই নেতা নিৰ্বাচন কৰা হ’ব ৷

Published : May 6, 2026 at 11:32 AM IST
গুৱাহাটী: বুধবাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইতিমধ্যে তেওঁ ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰদান কৰি নতুনকৈ চৰকাৰ গঠন কৰিবৰ বাবে অনুমতি গ্ৰহণ কৰে ৷ সাংবিধানিক বিধি অনুসৰি ৰাজ্যপালে পদত্যাগ পত্ৰ গ্ৰহণ কৰিলেও নতুনকৈ শপতগ্ৰহণ নোহোৱা পৰ্যন্ত ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী হৈ থাকিব ড৹ হিমন্ত বিশ্ব শৰ্মা ৷
কেন্দ্ৰীয় পৰ্যৱেক্ষক জেপি নাড্ডা আৰু নায়াব সিং ছৈনীৰ উপস্থিতিত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰি তাতেই নেতা নিৰ্বাচন কৰা হ’ব ৷ সেই বৈঠকৰ পাছত এনডিএৰ বৈঠক হ’ব ৷ তাতেই মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীৰ বিষয়ে আলোচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ৷
মুখ্যমন্ত্ৰীয়ে জনোৱা মতে অহা ১১ মে’ৰ পিছতহে অসমত নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ মুখ্যমন্ত্ৰীয়ে অকলেই শপত গ্ৰহণ কৰিব নে নতুনকৈ মন্ত্ৰীসভা গঠন কৰি সকলো সদস্যৰ সৈতে শপত ল’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ৷ প্ৰধানমন্ত্ৰী তথা জেপি নাড্ডা আৰু নায়াব সিং ছৈনীৰ সেউজ সংকেতৰ পাছতেই চূড়ান্ত কৰা হ'ব শপত গ্ৰহণৰ তাৰিখ ৷ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী উপস্থিত থকাৰ সম্ভাৱনা আছে ৷
তাৰ পাছতেই অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বিশেষ বৈঠক ৷ এই বৈঠকতেই সকলো বিধায়কে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰিব ৷ বৈঠকৰ পূৰ্বেই নিৰ্বাচন কৰা হ’ব প্ৰ’টেম অধ্যক্ষ ৷ তেৱেঁই বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব ৷
এইবাৰ অসম বিধানসভাত বিৰোধী দলপতিৰ পদটোক লৈ সকলোৰে মাজত চৰ্চা আৰম্ভ হৈছে ৷ বিৰোধী দলৰ বিধায়কসকলে এই ক্ষেত্ৰত কি স্থিতি গ্ৰহণ কৰে সেয়া সময়ত হে জানিব পৰা হ'ব ।
উল্লেখ্য যে, এইবাৰৰ নিৰ্বাচনত এক ঐতিহাসিক জনাদেশ লাভ কৰিলে এনডিএই ৷ বিজেপিয়ে ৮২ খন আসনত বিজয় সাব্যস্ত কৰাৰ লগতে অগপই ১০ খন আৰু বিপিএফে ১০ খন আসন লাভ কৰে । ইফালে এইবাৰৰ নিৰ্বাচনত সম্পূৰ্ণৰূপে বিধ্বস্ত হয় বিৰোধী । কংগ্ৰেছে ১৯ খন আসন লাভ কৰাৰ বিপৰীতে ৰাইজৰ দলে দুখন আসন লাভ কৰে । তাৰোপৰি এআইইউডিএফে দুখন আৰু তৃণমূল কংগ্ৰেছে এখন আসন লাভ কৰিছে ।
লগতে পঢ়ক:
ষষ্ঠদশ অসম বিধানসভাত নাথাকিব বিৰোধী দলপতি ?

