ETV Bharat / politics

কাজিয়া-পেচাল কৰি ১০ জন মানুহে বাছত উঠি পিকনিক খোৱাৰ দৰে ঘূৰি ফুৰিছে, এইটো কি ৰাজনীতি ? কথাটো বুজা নাই মুখ্যমন্ত্ৰীয়ে

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ ! কাউণ্ট-ডাউন আৰম্ভ ৷

CM Himanta Biswa Sarma in Guwahati
মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 7, 2026 at 6:34 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী : সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ বিষয়টো আজিৰ কেবিনেটত আলোচনা কৰা হ'ব আৰু কেবিনেটে পৰৱৰ্তী তদন্তৰ ৰাস্তা নিৰ্ণয় কৰিব । এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্রীয়ে কয়, "এই গোটেই ষড়যন্ত্রটো ভাৰতক দুৰ্বল কৰাৰ বৃহৎ ষড়যন্ত্র বুলি অসম চৰকাৰে ভাবে । এই ষড়যন্ত্রৰ কেন্দ্ৰীয় ভূমিকাত পাকিস্তানৰ এজন নাগৰিক আৰু এগৰাকী বৃটিছ নাগৰিক জড়িত হৈ আছে । বৃটিছ নাগৰিকগৰাকী এগৰাকী সাংসদৰ পত্নী । এই তদন্তটো কেন্দ্ৰীয় চৰকাৰৰ ওচৰত পালে বহুত আগবাঢ়ি যাব । আমাৰ তদন্তটো সীমিত; কিন্তু সীমিতভাৱেই আমি যিমানখিনি জমা কৰিছো সেইখিনিয়ে যথেষ্ট গুৰুতৰ । এন আই এ,আই বি নাইবা চি বি আইৰ হাতত পৰিলে আৰু বহুত দূৰ আগুৱাই য‍াব । আমি যিখিনি কৰিছো সেইখিনি ১০ শতাংশ । ৯০ শতাংশ ওলাব বাকী আছে ।"

মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

মুখ্যমন্ত্রীয়ে লগতে কয়, "এইটো কোনো ৰাজনীতি নহয় । এইটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে আমি কৰা এটা তদন্ত । ইয়াৰ পৰা ৰাজনীতিত কিবা প্ৰভাৱ পৰা বা নপৰাটো গৌণ । ৰাষ্ট্ৰৰ সুৰক্ষা মূল বিষয় । গৌৰৱ গগৈয়ে সাক্ষাতকাৰবোৰত দিয়া সকলো তথ্যই ভুল । গৌৰৱ গগৈয়ে কৈছিল যে ক'ভিডৰ সময়ত পুত্রৰ নাগৰিকত্ব সলনি কৰা হৈছিল; কিন্তু আমাৰ হাতত পৰা তথ্য অনুসৰি ২০২২ চনত নাগৰিকত্ব সলনি কৰিছিল । ক'ভিডৰ বহু পিছত কৰিছিল । সকলো সাক্ষাতকাৰতে তেওঁ ভুল তথ্য দিছে ।

চাকৰি পাইছে অসমীয়া ল'ৰা-ছোৱালীয়ে :

এইখন চৰকাৰৰ দিনত অসমীয়া ল'ৰা-ছোৱালীয়ে চাকৰি পোৱা বুলি মন্তব্য় কৰি মুখ্যমন্ত্রীয়ে কয়, "হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসম পুলিচত যিমান চাকৰি হ'ল তাৰ ৯৫ শতাংশ আমাৰ ল'ৰা-ছোৱালীয়ে পাইছে । এ ডি আৰ ইত ৯২ শতাংশ আমাৰ ল'ৰা-ছোৱালীয়ে চাকৰি পাইছে । অচিনাকী মানুহ ইয়াত নাই । আমি সাহসেৰে এই কাম কৰিছো । আজি ঋণ দিয়া ৫ হাজাৰৰ ভিতৰত অচিনাকী মানুহ ২০০ । এইখন চৰকাৰে ভয় নকৰে ।"

সকলো মিঞা মুছলমান অচিনাকী নহয় :

মিঞাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়,"সকলো মিঞা মুছলমান অচিনাকী নহয় । ১৯৫১ চনৰ আগত অহা মিঞা মুছলমান আছে । গতিকে আমাৰ কথাত সাম্প্ৰদায়িকতা নাই । ১৯৫১ চনৰ আগত অহা মুছলমান খিলঞ্জীয়াৰ ভিতৰতে পৰে । আমি ধৰ্মৰ লগত নাই । ১৯৭১ চনৰ পাছত অহা মানুহক আমি বিজেপিত যোগদান কৰিব কোৱা নাই । সকলো মিঞা মুছলমান অচিনাকী নহয় । বিপ্লৱ শৰ্মা কমিটীয়ে ১৯৫১ চনৰ আগত অহাসকলক অসমীয়া বুলি কৈছে । গতিকে মই যি কও আইনৰ গণ্ডীৰ ভিতৰতে কও । আইনৰ বাহিৰত নাযাও ।"

কি হ'ব হেমাংগ আৰু হিমাংশুৰ ?

পলাশবাৰী সমষ্টি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,"হেমাংগ আৰু হিমাংশু দুয়োটাই মোৰ নটিছত আছে । দুয়োটাকে মই বৰ্তমান আঁতৰত ৰাখিছো । মই এতিয়া তৃতীয়জন প্ৰাৰ্থী কৰাৰ চিন্তাত আছো ।"

প্ৰসংগ- কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ যাত্রা :

কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ যাত্রা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়,"কালি জাতি বচাব গ'ল আৰু লগত অচিনাকী মানুহ লৈ গ'ল । আমাৰ মিঞা ভাইসকল তাত আছে । তেওঁলোকে লিখিছে নতুন বৰ অসম । লিখিব লাগিছিল চাওলুং চ্যুকাফাৰ বৰ অসম । তেওঁলোকে নতুন অসমৰ কথা কৈছে ।"

মুখ্যমন্ত্রীয়ে লগতে কয়, "কালি নগাঁৱৰ এখন হোটেলত ৬০ প্লেট ভাতৰ অ'ৰ্ডাৰ দিছে । নেতা কেইজনৰ বাবে ৩০ প্লেট চিকেন ৰাইচৰ অ'ৰ্ডাৰ দিয়া হৈছে আৰু বুথৰ মানুহখিনিৰ বাবে ৩০ প্লেট নিৰামিষ থালিৰ অ'ৰ্ডাৰ দিছে । এয়াই কংগ্ৰেছৰ সংস্কৃতি । এখন বাছত উঠি ঘূৰি ফুৰিছে । আগত আৰু পাছত মানুহ নাই । ১০ জন মানুহে বাছত উঠি পিকনিক খোৱাৰ দৰে ঘূৰি আছে । এইটো কি ৰাজনীতি । লগতে কাজিয়াও লাগিছে ।"

প্ৰসংগ ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াৰ ইংগিত :

মুখ্যমন্ত্রীয়ে কয়,"বাছৰ ওপৰৰ পৰা কালি ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াই বৰ বেয়া এটা ইংগিত দিছে । অসমীয়া মহিলা আৰু ছোৱালীসকলক লক্ষ্য কৰি দুয়োজনে ইমান বেয়া ইংগিত দিছে তা ৰবাবে দলে যদি তেওঁলোকক বহিস্কাৰ নকৰে তেন্তে মই ভাবো তেওঁলোকে অসমীয়া মানুহৰ তাত সোমাব নোৱাৰিব । আজি দিল্লীৰ পৰা মোক কাটিংটো পঠাই দিছে । ভাবিব নোৱাৰা ঘৃনণীয়, বিভৎস ইংগিত দিছে । তেওঁলোকৰ মানসিকতা ইমান বেয়া নেকি । মহিলা আয়োগলৈ ভিডিঅ'টো প্ৰেৰণ কৰাৰ কথা কৈছো । এইক্ষেত্রত মহিলা আয়োগক ব্যৱস্থা ল'বলৈ কৈছো ।"

মুখ্যমন্ত্রীয়ে কয়, "নিউজ লাইভৰ সন্মূখত ধৰ্ণা দিয়াটো বাচ্চাৰ কাম নহয় জানো । তাত কংগ্ৰেছৰ নেতাবোৰেই ট'ক শ্ব'ত যায় । কাইলৈ উত্তৰ দিব লাগিব যে পাকিস্তানৰ একাউণ্টত কিমান টকা আছিল । সেইটো নিৰ্বাচনৰ শপতনামাত দিয়া নাই । নিৰ্বাচনৰ শপতনামাত ইংলেণ্ড আৰু পাকিস্তানৰ একাউণ্টত থকা টকা দেখুৱাব লাগিব নে নাই । পৃথানীয়ে সংগ্ৰহ কৰা টকাবিলাক ক'ত গ'ল । এইবাৰ খুচৰি উলিওৱা হ'ব । প্ৰদ্যুৎ বৰদলৈৰ এফ এম ৰেডিঅ'ষ্টেচন নাই নেকি । তাতে আমি গৈছো নেকি । হাতীগাঁৱৰ গোটেই হোটেলবোৰ কংগ্ৰেছৰ নেত‍বোৰৰ হয় নে নহয় । গঁড়ৰ খৰ্গবোৰৰ পইচাবোৰ ক'ত আছে, ত‍াৰো এটা হিচ‍াপ হ'ব লাগিব । গতিকে আমাক বেছি টানি নাথাকিব । এইবাৰ অসমীয়া মানুহে কংগ্ৰেছক ডাঙৰ শাস্তি দিব ।"

লগতে পঢ়ক:পৰিৱৰ্তন যাত্ৰাত ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত কাজিয়া; মুখ্যমন্ত্ৰীয়ে জানে সকলো

কংগ্ৰেছৰ মিঞাপ্ৰীতি ! ভূপেন বৰা-ৰিপুণ বৰাৰে গৌৰৱ গগৈক তুলনা মুখ্যমন্ত্ৰীৰ