জন আশীৰ্বাদ যাত্ৰাত হাতী-বুলড'জাৰত উঠি ৰাইজে আদৰিলে মুখ্যমন্ত্ৰীক
জাগীৰোডত হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে নাচিলে মুখ্যমন্ত্ৰীয়ে ।

Published : March 1, 2026 at 10:07 PM IST
|Updated : March 1, 2026 at 10:30 PM IST
মৰিগাঁও: বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি আছিল দ্বিতীয়টো দিন । শোণিতপুৰ জিলাৰ বৰছলাত শনিবাৰে এই যাত্ৰা আৰম্ভ হোৱাৰ পিচত দেওবাৰে মুখ্যমন্ত্ৰী উপস্থিত হয় মৰিগাঁও জিলাৰ জাগীৰোডত । এই যাত্ৰাৰ দ্বিতীয়টো দিনত জাগীৰোডত অংশগ্ৰহণ কৰি হাজাৰ হাজাৰ সমৰ্থকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আদৰণি জনায় ।
উল্লেখ্য় যে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত জাগীৰোডত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক বুলড'জাৰৰ লগতে হাতীৰে আদৰণি জনায় দলীয় সমৰ্থকসকলে । মুখ্য়মন্ত্ৰীয়েও দলীয় সমৰ্থকৰ সৈতে হাত মিলাই তেওঁলোকক উৎসাহ যোগায় ।
শনিবাৰে ঢেকীয়াজুলিৰ পৰা এই যাত্ৰা আৰম্ভ কৰি শোণিতপুৰ জিলাৰ পাঁচটা সমষ্টিৰ ভোটাৰ ৰাইজৰ সৈতে যাত্ৰা কৰাৰ পিছত দেওবাৰে জাগীৰোডৰ দেওশাল মন্দিৰৰ পৰা আনুষ্ঠানিকভাৱে যাত্ৰা আৰম্ভ কৰে মুখ্য়মন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীয়েও সমৰ্থকৰ সৈতে নাচি-বাগি ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা চলায় ।

জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপনৰ লক্ষ্য়ৰে বিজেপিয়ে আৰম্ভ কৰিছে জন আশীৰ্বাদ যাত্ৰা । বিজেপিয়ে পথসভা আৰু চৰকাৰৰ উন্নয়নমূলক আঁচনি, আন্তঃগাঁথনিৰ উন্নয়ন, শিক্ষা-স্বাস্থ্য খণ্ডৰ সংস্কাৰ আৰু আত্মনিৰ্ভৰ অসমৰ দৃষ্টিভংগী আদিৰ বিষয়ে ৰাইজৰ মাজত প্ৰচাৰ কৰিব ।
Magnificent Morigaon ❤️
— Himanta Biswa Sarma (@himantabiswa) March 1, 2026
Over the years, our government has worked tirelessly to take development to every doorstep. Today, your love and blessings reaffirm that we are on the right path.
Your ashirwad strengthens my resolve to serve you with even greater commitment.… pic.twitter.com/zatS5A258k
অসমত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাই দেওবাৰে মৰিগাঁও জিলাখনৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰাত সমৰ্থকসকলৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি হয় । অৱশ্যে বিজেপিৰ এই জন আশীৰ্বাদ যাত্ৰা লাহৰীঘাটত উপস্থিত নোহোৱাত দলীয়ে কৰ্মীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
উল্লেখ্য় যে বিগত লোকসভাৰ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে লাহৰীঘাট সমষ্টিৰ পৰা প্ৰায় ৫৫ হেজাৰ ভোট লাভ কৰিছিল ।

