চৰকাৰ গঠনৰ দাবীৰে ৰাজ্যপালক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ
বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ৰাজভৱনলৈ গৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক ডঃ হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে ৷

By ANI
Published : May 10, 2026 at 4:36 PM IST
গুৱাহাটী: মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে সাজু হৈছে ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ বিজেপিৰ বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ লগতে এনডিএৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় । গুৱাহাটীত নৱনিৰ্বাচিত এনডিএৰ বিধায়কসকলৰ বৈঠকৰ অন্তত এই ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা পৰ্যবেক্ষকৰ দায়িত্বত থকা জে পি নাড্ডাই । তাৰপিছতে মুখ্যমন্ত্ৰীৰ পদ চম্ভালিবলৈ সাজু হৈছে ডঃ শৰ্মা ৷
ইয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মাই ৰাজভৱনলৈ গৈ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায় ৷ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ জয়লাভৰ পিছত ৰাজ্যত একেৰাহে তৃতীয়বাৰৰ বাবে এনডিএ চৰকাৰ গঠন হোৱাটো নিশ্চিত হোৱাৰ পিছতে এই বৈঠক অনুষ্ঠিত হয় ।
বিধায়িনী দলৰ নেতা হিচাপে বিজেপিৰ আঠগৰাকীকৈ বিধায়কে হিমন্ত শৰ্মাৰ নামটো প্ৰস্তাৱ কৰা বুলি নাড্ডাই কয় ৷ এই আঠগৰাকী বিধায়কৰ ভিতৰত আছে ক্ৰমে - জ্যেষ্ঠ বিজেপি নেতা ৰণজিৎ কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰামেশ্বৰ তেলী, ৰাজদ্বীপ ৰায়, অশোক সিংহাল, পীযুষ হাজৰীকা আৰু চক্ৰধৰ গগৈ ৷
নাড্ডাই লগতে কয় যে এনডিএৰ পৰা বিজেপি, অগপ, বিপিএফকে ধৰি প্ৰতিটো দলৰ বিধায়কসকল এই সভাত উপস্থিত আছিল ৷ অগপৰ অতুল বৰা আৰু বিপিএফৰ ৰিহণ দৈমাৰীৰ দৰে নেতায়ো এই প্ৰস্তাৱক সমৰ্থন জনায় । সকলো সদস্যই সৰ্বসন্মতিক্ৰমে ডঃ শৰ্মালৈ সমৰ্থন আগবঢ়ায় ৷ তাৰপিছতে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আনুষ্ঠানিকভাৱে হিমন্ত বিশ্ব শৰ্মাক বিজেপি আৰু এনডিএৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰে ।
নিৰ্বাচনত জয়ী হোৱাৰ পাছত দিয়া ভাষণত শৰ্মাই কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠনৰ বাবে আশীৰ্বাদ দিছে । প্ৰধানমন্ত্ৰীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো । ৰাইজে আমাক আশীৰ্বাদ দিছে আৰু আগন্তুক পাঁচবছৰত আমি উন্নয়নমূলক কাম-কাজ কৰি যাম ।’’ সমান্তৰালকৈ ডঃ শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক ধন্যবাদ জ্ঞাপন কৰে ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিৰে ১২ মে’ত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী পৰিষদে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপতগ্ৰহণ কৰিব ।
Himanta Biswa Sarma meets Assam governor, stakes claim to form government
— ANI Digital (@ani_digital) May 10, 2026
Read @ANI Story | https://t.co/fnzElypfLb#HimantaBiswaSarma #Assam #BJP pic.twitter.com/7T2woOrdku
অসমৰ ভাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘অসমৰ ৰাইজক ভৱিষ্যতেও আমাক আশীৰ্বাদ কৰি যাবলৈ অনুৰোধ জনালোঁ । আমাৰ লক্ষ্য হৈছে অসমক আগুৱাই নি দেশৰ অন্যতম উন্নত ৰাজ্য হিচাপে গঢ়ি তোলা । ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো । পৰৱৰ্তী চৰকাৰ গঠনৰ দাবীৰে আমি অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰিম ৷’’
ডঃ শৰ্মাই অসমবাসীৰ হৈ জেপি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীক কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ কয়, ‘‘অসমবাসীৰ হৈ জেপি নাড্ডা জী, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰিছো ।’’
উল্লেখ্য যে, এই নিৰ্বাচনত বিজেপিয়ে ৮২ খন আসন লাভ কৰাৰ বিপৰীতে মিত্ৰদল অগপ আৰু বিপিএফে ১০ খন আসন লাভ কৰাত এনডিএৰ মুঠ আসনৰ সংখ্যা ১০২ খনলৈ বৃদ্ধি পায় । আনহাতে, বিৰোধী ঐক্যমঞ্চই ১৯ খন আসন লাভ কৰাৰ বিপৰীতে ৰাইজৰ দলে মাত্ৰ দুখন আসন লাভ কৰে ৷ অৱশ্যে অসম জাতীয় পৰিষদে এই নিৰ্বাচনত কোনোধৰণৰ আসন লাভ কৰা নাই ৷ এআইইউডিএফে দুখন আসন লাভ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক: ড৹ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা নিৰ্বাচিত

