ড৹ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা নিৰ্বাচিত
বিজেপিৰ বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে ড৹ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় ।

Published : May 10, 2026 at 12:44 PM IST
|Updated : May 10, 2026 at 1:40 PM IST
গুৱাহাটী : ১২ মে'ৰ দিনৰ ১১ বজাত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপত ল'ব ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰু বিজেপি নেতৃত্বাধীন এনডিএই তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব । ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । তাৰ মাজতে কেন্দ্ৰীয় নেতৃত্বই নিযুক্তি দিয়া পৰ্যবেক্ষক কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু সহ-পৰ্যবেক্ষক হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীৰ তদাৰকত দেওবাৰে পুৱাৰ ভাগত বিজেপিৰ বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে ড৹ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় ।
বৈঠকত বিজেপি দলৰ ফালৰ পৰা বিধায়ক ৰণজিৎ কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদ্বীপ ৰয়, অশোক সিংহল, অজন্তা নেওগ, পীযুষ হাজৰীকা, চক্ৰধৰ গগৈসহ মুঠ ৮ গৰাকী বিধায়কে বিধায়নী দলৰ নেতা হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে । লগে লগে দুজন দুজনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায় ।
ইয়াৰ পিছতে অসম গণ পৰিষদৰ ১০ গৰাকী বিধায়ক আৰু বিপিএফৰ বিধায়কসকলৰ উপস্থিতিত অসম গণ পৰিষদ দলৰ নেতা অতুল বৰা আৰু বিপিএফ দলৰ নেতা ৰিহণ দৈমাৰীয়ে এনডিএৰ নেতা হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে । এই প্ৰস্তাৱৰ পিছতে কেন্দ্ৰীয় পৰ্যবেক্ষক জগত প্ৰসাদ নাড্ডাই বিজেপি তথা এনডিএৰ নেতা হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা কৰে ।
এনডিএৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে ড৹ হিমন্ত বিশ্ব শৰ্মা লোকভৱন অভিমুখে ৰাওনা হয় । লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি ১০২ গৰাকী বিধায়কৰ স্বাক্ষৰেৰে ড৹ শৰ্মাই সাংবিধানিক প্ৰক্ৰিয়া অনুসৰি এনডিএৰ নেতৃত্বত চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ দাখিল কৰে ।
লগতে পঢ়ক :

