উচ্ছেদ হ'লে লুৰীণজ্যোতি গগৈয়ে খুব কান্দে: মুখ্যমন্ত্ৰী
বিজেপিৰ বাবে কোনো প্ৰত্যাহ্বান নহয় লুৰীণজ্যোতি গগৈ । তীব্ৰ সমালোচনা কৰি লুৰীণজ্যোতি গগৈ সন্দৰ্ভত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

Published : January 8, 2026 at 8:27 PM IST
ডিব্ৰুগড়: "অসমৰ ডেৰ লাখ বিঘা মাটিত আমি সন্দেহজনক লোকক উচ্ছেদ কৰিছোঁ । উচ্ছেদ হ'লে লুৰীণজ্যোতি গগৈয়ে খুব কান্দে । তেওঁলোকে মিঞাৰ দুখত কান্দে । চাহ বাগিচাৰ মহিলাই মাটি পোৱা নাছিল তাৰ দুখত কন্দা নাছিল ।" খোৱাঙত লুৰীণজ্যোতি গগৈয়ে নিৰ্বাচন খেলাৰ প্ৰসংগ উল্লখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীক ।
খোৱাঙৰ ৰাংচালি ৰাজহুৱা খেলপথাৰত উপস্থিত হৈ লুৰীণজ্যোতি গগৈক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "লুৰীণজ্যোতি গগৈ এবাৰ দুলীয়াজানত উঠিল, এবাৰ নাহৰকীয়াত উঠিল আৰু এইবাৰ খোৱাঙত পৰাজিত হ’লে তেওঁ ধুবুৰীলৈ গুচি যাব । তেওঁ কোনো এটা স্থানত স্থিৰ হৈ থাকিব নোৱাৰে । লুৰীণজ্যোতি গগৈয়ে আজিকালি কেৱল 'মিঞা'ৰ স্বাৰ্থতহে কথা কয়, অসমীয়া মানুহৰ বাবে নহয় । সেয়েহে তেওঁ বিজেপিৰ বাবে কোনো প্ৰত্যাহ্বান নহয় ।"
খোৱাং সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বক লৈ সৃষ্টি হোৱা জল্পনা-কল্পনা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়,"খোৱাং সমষ্টিত আমাৰ দলৰ ৪-৫ জন প্ৰাৰ্থী আছে যদিও সকলোৰে লগত আলোচনা কৰি ১ মিনিটতে এই সমস্যা সমাধান কৰা হ’ব । আজিয়েই খোৱাং সমষ্টিত টিকট বিচৰা দুগৰাকীক মঞ্চতে নমাই দিলোঁ । আজিয়ে টিকট বিচৰা সংখ্যা কমাই দিলোঁ চিন্তা নাই । বিজেপিৰ সকলো সদস্যৰ ওপৰত মোৰ 'মৰমৰ অধিকাৰ' আছে ।"
আনহাতে উজনি অসমৰ ৰাস্তা-ঘাটৰ শোচনীয় অৱস্থা সন্দৰ্ভত প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে ৰাজ্যৰ বৰষুণ প্ৰধান জলবায়ুক জগৰীয়া কৰে । তেওঁ কয়,"ডিব্ৰুগড় আৰু শিৱসাগৰৰ দৰে ঠাইত বছৰৰ চাৰি মাহেই বৰষুণ দিয়ে, যাৰ ফলত ৰাস্তা টিকাই ৰখাটো কঠিন হৈ পৰে । এইক্ষেত্ৰত দিল্লীক মেৰামতিৰ বাবে অধিক পুঁজি দিয়াৰ কথা আমি কৈ আহিছোঁ ।"

আনহাতে, পথ নিৰ্মাণত গাফিলতি কৰা ঠিকাদাৰক ‘নাকী লগোৱা’ৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে নৰম স্থিতি গ্ৰহণ কৰে । তেওঁ কয়,"নাকী লগোৱা শব্দটোত মই বিশ্বাসী নহয় । ঠিকাদাৰসকলে কেতিয়াবা বিল নাপালে কাম লেহেমীয়া কৰে আৰু পালে দ্ৰুতগতিত কৰে । এইবোৰ আমাৰেই অসমীয়া ল’ৰা, মৰমেৰে বুজাই কাম কৰাই ল’ব লাগে ।"
খোৱাঙত চলি থকা অবৈধ বালি মহল সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বিষয়টো জিলা আয়ুক্তক তদন্ত কৰিবলৈ নিৰ্দেশ দিব বুলি জানিবলৈ দিয়ে । খোৱাং সমষ্টিৰ মৰাণত যুদ্ধ বিমান অৱতৰণ কৰিব পৰা ইতিমধ্যে সম্পূৰ্ণ হৈছে । সেয়ে অহা ফেব্ৰুৱাৰী মাহত খোৱাঙৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডত প্ৰধানমন্ত্ৰী বা প্ৰতিৰক্ষা মন্ত্ৰীৰ বিমান অৱতৰণ কৰাৰ সম্ভাৱনা থকা বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে ।
ইয়াৰ লগতেই নিজৰ ভাষণত কংগ্ৰেছ চৰকাৰে কেৱল লুঙি ধূটি দিছিল বুলিও কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে । লগতে কয়,"কংগ্ৰেছে অৰুণোদয় বন্ধ কৰিব নোৱাৰে, অসমৰ মহিলাই কংগ্ৰেছ বন্ধ কৰি দিব ।"

উল্লেখ্য যে, মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰিবলৈ বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ খোৱাঙত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । খোৱাঙৰ ৰাংচালি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত সভাত উপস্থিত হৈ খোৱাং সমষ্টিৰ ২৩ হাজাৰ মহিলাক মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ সভাক লৈ খোৱাঙত মহিলাসকলৰ মাজত দেখা গ'ল ব্যাপক উচাহ ।
পুৱাই মহিলাসকলে আহি মুখ্যমন্ত্ৰীৰ সভাস্থলীত উপস্থিত হোৱা পৰিলক্ষিত হয় । দুপৰীয়া খোৱাং চাহ বাগিছা খেলপথাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে হেলিকপ্তাৰেৰে অৱতৰণ কৰি পোনে পোনে ৰাংচালিত অনুষ্ঠিত কৰা সভাখনত নিজৰ ভাষণ আৰম্ভ কৰি মহিলা উদ্যমিতা আঁচনি সম্পৰ্কে সভাত উপস্থিত থকা মহিলা সকলক অৱগত কৰে ।

এই জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰা আজি এইখন ৬০ খন সভাত অংশগ্ৰহণ কৰিছোঁ । উদ্যমী মহিলাসকলক ব্যক্তিগতকৈ বৰ্তমান প্ৰথম পৰ্যায়ত ১০০০০ টকা দিয়া হ'ব । যদি এই ধন ৰাশি সদব্যৱহাৰ কৰে তেতিয়া দ্বিতীয় পৰ্যায়ত ২৫ হাজাৰ প্ৰদান কৰা হ'ব । ইয়াৰ পাছতে দ্বিতীয় পৰ্যায়ৰ পঁচিশ হাজাৰ ধন ভালদৰে ব্যৱহাৰ কৰাসকলক তৃতীয় পৰ্যায়ত ৫০ হাজাৰ টকা উদ্যমিতাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ আৰ্থিক সহযোগিতা আগবঢ়োৱা হ'ব ।"
উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অসম চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকন, মন্ত্ৰী যোগেন মহন, ৰাজ্যৰ সভাৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক চক্ৰধৰ গগৈ, তেৰছ গোৱলা, তৰংগ গগৈ, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

