ETV Bharat / politics

সৰ্বানন্দ সোণোৱালক ৰাজনৈতিকভাৱে শেষ কৰাৰ ষড়যন্ত্ৰ হিমন্ত বিশ্ব এণ্ড কোম্পানীৰ : গৌৰৱ গগৈ

'হু ইজ হিমন্ত বিশ্ব শৰ্মা' ! আকৌ মুখ্যমন্ত্ৰীক উভতি ধৰিলে গৌৰৱ গগৈয়ে ৷ জুবিন গাৰ্গৰ মৃত্যু গোচৰকে ধৰি কেইবাটাও বিষয়ত বিস্ফোৰক মন্তব্য গগৈৰ ।

Gaurav Gogoi
গৌৰৱ গগৈৰ সংবাদমেল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 16, 2026 at 11:13 AM IST

8 Min Read
Choose ETV Bharat

গুৱাহাটী : সংখ্যালঘু নেতা ৰেজাউল কৰিমৰ জুইয়ে দহা কংগ্ৰেছত এতিয়া জুই নুমুওৱাৰ চেষ্টা অব্যাহত । বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ কাষত থিয় দিলে এ পি চি চিৰ সভাপতি গৌৰৱ গগৈয়ে ৷ আনহাতে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ শুনানি প্ৰসংগত গৌৰৱ গগৈৰ প্ৰশ্ন-অসমৰ মানুহে এতিয়া কাক বিশ্বাস কৰিব ? ছিংগাপুৰ নে হিমন্ত বিশ্ব শৰ্মাক ? লগতে মুখ্যমন্ত্ৰীক উভতি ধৰি গৌৰৱৰ প্ৰশ্ন-বিধানসভা নিৰ্বাচনৰ আগত ৬ টা জনগোষ্ঠীৰ জনজাতিকৰণ নহয় বুলি ক'বলৈ হিমন্ত বিশ্ব শৰ্মা কোন ?

নতুন দিল্লীত বৃহস্পতিবাৰে সংবাদমেলত গৌৰৱৰ প্ৰশ্ন- অসম আৰক্ষী ছিংগাপুৰলৈ যোৱাৰ পিছতো জুবিন গাৰ্গৰ মৃত্যুক লৈ তেওঁলোকৰ স্থিতি কিয় সুকীয়া হ'ল ? লগতে কংগ্ৰেছত কোনোধৰণৰ আভ্যন্তৰীণ সংঘাত নাই, বিজেপি দলতহে এতিয়া আভ্যন্তৰীণ সংঘাত বাঢ়িছে বুলি কৈ গৌৰৱৰ মন্তব্য যে সৰ্বানন্দ সোণোৱালক ৰাজনৈতিকভাৱে নিঃশেষ কৰিবলৈ হিমন্ত বিশ্ব এণ্ড কোম্পানী উঠি-পৰি লাগিছে ৷

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য (ETV Bharat)

সৰ্বানন্দ সোণোৱালক ৰাজনৈতিকভাৱে শেষ কৰাৰ ষড়যন্ত্ৰ

গৌৰৱ গগৈয়ে কয় যে কংগ্ৰেছৰ মাজত কোনোধৰণৰ আভ্যন্তৰীণ সংঘাত নাই । বিজেপিৰ ভিতৰত চলি তথা আভ্যন্তৰীণ বিবাদৰ বাবেহে দলটোৱে কংগ্ৰেছক লৈ এনেধৰণৰ মন্তব্য কৰি আহিছে বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

তেওঁ কয়, "মই জানিব বিচাৰো যে বিজেপি দলৰ ভিতৰত কি হৈ আছে ? বিজেপিয়ে নিজ দলৰ আন্তৰিক সংঘাত লুকাব বিচাৰিছে ৷ আমি একত্ৰিত হৈছোঁ হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিকভাৱে শেষ কৰিবলৈ ৷"

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয়, "হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী একত্ৰিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজনৈতিকভাৱে শেষ কৰিবলৈ ৷ আমি দেখা নাই নেকি কি হৈ আছে ৷ উজনি অসমত হিমন্ত বিশ্ব শৰ্মাই সভা কৰে ৷ সভাত সৰ্বানন্দ সোণোৱালক নাৰাখে ৷ হিমন্ত বিশ্ব শৰ্মাই সদায়েই ঘোষণা কৰে কিন্তু তিনিচুকীয়া, ডিব্ৰুগড়ৰ বাবে সৰ্বানন্দ সোণোৱালে যিখিনি ঘোষণা কৰিছিল সেই কাম এটাও নকৰিলে হিমন্ত বিশ্ব শৰ্মাই ৷ সোণোৱালে ঘোষণা কৰা স্পৰ্টছ ইউনিভাৰ্চিটিৰ স্থান নাই, নাম নাই ৷ বিজেপিত সৰ্বানন্দ সোণোৱালৰ অস্তিত্ব নাইকিয়া কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৷ এই কথাত মই নিজেই আঘাত পাইছো ৷"

'হু ইজ হিমন্ত বিশ্ব শৰ্মা' ! আকৌ ক'লে গৌৰৱে

'হু ইজ হিমন্ত বিশ্ব শৰ্মা' বুলি পুনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে । ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য প্ৰসংগত নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত গৌৰৱ গগৈয়ে কয়, "হিমন্ত বিশ্ব শৰ্মাই বিধানসভা নিৰ্বাচনৰ আগত ৬ টা জনগোষ্ঠীৰ জনজাতিকৰণ নহয় বুলি কৈছে ৷ তেনেকৈ ক'বলৈ হু ইজ হিমন্ত বিশ্ব শৰ্মা ? বিধানসভা নিৰ্বাচনৰ আগত ৬ টা জনগোষ্ঠীৰ জনজাতিকৰণ নহয় বুলি ক'বলৈ হিমন্ত বিশ্ব শৰ্মা কোন হয় ? তেওঁ সিদ্ধান্ত ল'ব নেকি ? এয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ আইন ৷"

জুবিন গাৰ্গৰ মৃত্যু তদন্তক লৈ এলানি প্ৰশ্ন গৌৰৱৰ

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰৰ আদালতত দাখিল কৰা তথ্য সন্দৰ্ভতো অসম চৰকাৰক উদ্দেশ্যি কেবাটাও প্ৰশ্ন কৰে । অসম আৰক্ষীৰ দলে ছিংগাপুৰলৈ গৈ স্থানীয় আৰক্ষীৰে আলোচনা কৰাৰ পিছতো ছিংগাপুৰৰ আদালতত সেই দেশখনৰ তদন্তকাৰী বিষয়াই জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু আছিল বুলি কৰা মন্তব্যৰ প্ৰসংগ উল্লেখ কৰি গগৈয়ে প্ৰশ্ন উত্থাপন কৰি কয়, "এতিয়া প্ৰশ্ন হৈছে অসমৰ ৰাইজে বিশ্বাস কৰিব কাক ? ছিংগাপুৰৰ চৰকাৰক বিশ্বাস কৰিব নে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস কৰিব ?"

ছিংগাপুৰৰে অসম চৰকাৰৰ কথাবোৰৰ মিল নাই কিয় ?

গৌৰৱ গগৈয়ে কয় যে ছিংগাপুৰ চৰকাৰৰ প্ৰতিনিধিয়ে স্পষ্টকৈ কৈছে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু । কিন্তু তাৰ বিপৰীতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এবাৰ নহয়, কেইবাবাৰো ৰাজহুৱাকৈ কোৱাৰ লগতে বিধানসভাৰ পৱিত্ৰ মজিয়াতো কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে । এইখিনিতে গৌৰৱ গগৈয়ে কয়, "অসমৰ ৰাইজে কাক বিশ্বাস কৰিব ?"

এই প্ৰসংগত তেওঁ লগতে কয় যে প্ৰশ্ন হৈছে দুয়োখন চৰকাৰৰ কথাবোৰৰ মিল নাই কিয় । তেওঁ উল্লেখ কৰে যে ছিংগাপুৰলৈ অসম আৰক্ষী গৈছিল, আলোচনা কৰিছিল, তাৰ পৰা কাগজবোৰ লৈছিল । দুয়োখন চৰকাৰৰ মাজত কথা-বতৰা হৈ থকা দৃশ্য তেওঁলোকে দেখিছে । অসমৰ চৰকাৰৰ প্ৰতিনিধিয়ে ছিংগাপুৰৰ হাইকমিছনাৰক লগ পোৱাৰ টুইটো তেওঁলোকে দেখিছে ।

আনহাতে ছিংগাপুৰৰ এম্বেছেডৰে জুবিন গাৰ্গৰ ক্ষেত্ৰত পোষ্টো কৰিছে । তথাপিও গৌৰৱ গগৈয়ে প্ৰশ্ন তোলে, "এটা প্ৰশ্ন, জুবিন গাৰ্গৰ ক্ষেত্ৰত দুয়োখন চৰকাৰৰ কথাবোৰৰ মিল নাই কিয় ?"

দায়িত্ব পালন কৰা নাই কোনে ?

এজন দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গৰ হত্যা হ'ল । কিন্তু তাৰ বিপৰীতে ছিংগাপুৰ চৰকাৰৰ প্ৰতিনিধিয়ে কৈছে যে এয়া স্বাভাৱিক মৃত্যু । সেয়ে গৌৰৱ গগৈয়ে প্ৰশ্ন তোলে, "প্ৰশ্ন হৈছে দায়িত্ব কোনে পালন কৰা নাই ? ছিংগাপুৰ চৰকাৰে দায়িত্ব পালন কৰা নাই নে হিমন্ত বিশ্ব শৰ্মাই গঠন কৰা এছ আই টিয়ে দায়িত্ব পালন কৰা নাই ?"

চাৰ্জশ্বীটত তথ্য কম, চৰিত্ৰহনন বেছি

গৌৰৱ গগৈৰ লগতে প্ৰশ্ন, "অসমৰ ৰাইজৰ সন্মুখত কোনে ভুল তথ্য দাঙি ধৰিছে ? ছিংগাপুৰে নে হিমন্ত বিশ্ব শৰ্মাৰ এছ আই টিয়ে ?" গৌৰৱ গগৈয়ে কয় যে যদি দুয়োখন চৰকাৰৰ মাজত সঠিক সন্তুলন থাকিলেহেঁতেন, তেন্তে কথাবোৰৰ মিল থাকিলেহেঁতেন । কিন্তু আকৌ এবাৰ জুবিন গাৰ্গৰ ঘটনাৰ তথ্য জনাৰ পৰা আৰু ন্যায়ৰ পৰা অসমৰ জনসাধাৰণ দূৰ হ'ল বুলি তেওঁ মন্তব্য কৰে । ছিংগাপুৰৰ আদালতত তেওঁলোকৰ চৰকাৰৰ সংস্থাই কৈছে যে শেষ সময়ত জুবিন গাৰ্গৰ সৈতে ১৮ৰ পৰা ২০ জন মানুহ আছিল । কিন্তু মুখ্যমন্ত্ৰীয়ে গঠন কৰা এছ আই টিয়ে ১০ জনক এৰি দিলে আৰু ৫ জনক হে বিশেষ জোৰ দিলে বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে প্ৰশ্ন তোলে, "কিহৰ বাবে এৰি দিয়া হ'ল ?"

তেওঁ লগতে কয়, "এৰি দিয়া সকলৰ ভিতৰত মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ সৈতে ভাল সম্পৰ্ক থকা আছে নেকি ?" এই প্ৰসংগত গৌৰৱ গগৈয়ে কয় যে প্ৰশ্ন উত্থাপন হৈছে মুখ্যমন্ত্ৰীয়ে কাৰোবাক বচাব খুজিছে নেকি ? তেওঁ কয় যে যিখন চাৰ্জশ্বীট দিয়া হৈছে সেইখনত তথ্য কম, চৰিত্ৰহনন বেছি দেখা গৈছে । সেয়ে তেওঁ প্ৰশ্ন তোলে, "কাৰোবাক বচাবলৈ আৰু কাৰোবাৰ চৰিত্ৰত দাগ লগোৱাৰ এয়া প্ৰয়াস নেকি ?"

জুবিন গাৰ্গৰ মৃত্যুক লৈ চৰকাৰে ৰাজনীতি কৰিব খুজিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে কয়, "প্ৰথমে মুখ্যমন্ত্ৰীয়ে ক'লে হত্যাৰ কথা । আমি কৈছোঁ যে চাৰ্জশ্বীটত হত্যাৰ কথা কম, চৰিত্ৰহননৰ কথা বেছি আছে ।" তেওঁ লগতে কয়, "আমি ভাবিছিলো ছিংগাপুৰৰ পৰা তথ্য উলিয়াই আনিব । কিন্তু এতিয়া কথাটো বিপৰীত হ'ল ।"

ৰেজাউল কৰিম প্ৰসংগত দেৱব্ৰত শইকীয়াক সমৰ্থন গৌৰৱৰ :

প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিম সৰকাৰে কংগ্ৰেছত যোগদান কৰাৰ দুদিন পিছতে দলত্যাগ কৰাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি গৌৰৱ গগৈয়ে কয় যে যদি আমি ঘটনাক্ৰম চাও তেন্তে দেখিম যে সিদিনা যোগদান কাৰ্যসূচীত ৯০ শতাংশ কথাবোৰ বৰ অসম সম্পৰ্কীয় আছিল ৷

গগৈয়ে কয়, "শিৱসাগৰ আৰু ধুবুৰীক ৰেজাউল কৰিমে যিধৰণে তুলনা কৰিব বিচাৰিলে সেয়া ভুল আছিল, অনুচিত আছিল ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই সেইখিনি কথাকে কৈছিল ৷ মই দেৱব্ৰত শইকীয়াৰ কথাখিনিক সমৰ্থন জনাইছিলো ৷ তেওঁ ক'লে যে ভৱিষ্যৎ বক্তৃতা দিয়াৰ আগত ভাবি-চিন্তি কথাবোৰ ক'ব লাগে ৷ মইও তাকে ক'লো যে ভৱিষ্যতে কথা কোৱাৰ আগত সাৱধান হ'ব লাগে ৷ পিছত ৰেজাউল কৰিমে নিজৰ বিবেকৰ কথা মতে দল এৰিছে ৷ মোক পদত্যাগ পত্ৰ দিছে ৷"

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক বিজেপিৰ এজেণ্ট বুলি কোৱা কথাটো অনুচিত বুলিও কয় গগৈয়ে ৷ তেওঁ কয় যে কংগ্ৰেছ দলৰ এটাই লক্ষ্য ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সৈতে সম্পৰ্ক থকা ৩-৪ জন ব্যক্তি আগতে কংগ্ৰেছ দলত আছিল ৷

লগতে পঢ়ক :গৌৰৱ গগৈয়ে ৰেজাউলক হিৰো হোৱাৰ সুযোগ দিলে: মুখ্যমন্ত্ৰী