ETV Bharat / politics

অনুপ্ৰৱেশকাৰীক কংগ্ৰেছৰ ৰঙা দলিচা ! মোদীয়ে কলিয়াবৰত মাৰিলে টিপা মহাৰাষ্ট্ৰ পালেগৈ শিপা

'মিছা কথা কোৱাই তেওঁৰ কাম ৷' ক্ষুব্ধ মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা উদিত ৰাজ ৷

Udit Raj
প্ৰধানমন্ত্ৰীক আক্ৰমণ কংগ্ৰেছ নেতা উদিত ৰাজৰ (ANI)
author img

By ANI

Published : January 19, 2026 at 1:09 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : ৰাজনৈতিক স্বাৰ্থৰ বাবে কংগ্ৰেছে অনুপ্ৰৱেশকাৰীৰ বাবে দুৱাৰ মুকলি কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰ পিছতে দেশজুৰি ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কংগ্ৰেছে এই মন্তব্যক গৰিহণা দিয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক উভতি ধৰিছে । তাৰ মাজতে মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা উদিত ৰাজে প্ৰধানমন্ত্ৰীক সমালোচনা কৰি কয়, "মিছা কথা কোৱা প্ৰধানমন্ত্ৰীৰ একমাত্ৰ কাম ।" এক দশকৰো অধিক সময় শাসনত থাকি সীমান্তৰ নিৰাপত্তাৰ দায়িত্ব লোৱা বিজেপিয়ে অনুপ্ৰৱেশৰ সমস্যাৰ দায়িত্ব ল'ব লাগিব বুলিও তেওঁ দাবী কৰে ।

অসম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে অনুপ্ৰৱেশ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উদিত ৰাজে কয়, "২০০৪ চনৰ পৰা ২০১৩ চন আৰু ২০১৪ চনৰ পৰা এতিয়ালৈকে প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সময়ত বিদেশলৈ ঘূৰাই পঠিওৱা লোকৰ সংখ্যা তুলনা কৰিলে সকলো কথা স্পষ্ট হৈ পৰিব । তেওঁলোকেই এই অনুপ্ৰৱেশকাৰীক আনিছে । যদি তেওঁলোক আহিব নিবিচাৰে তেন্তে মই ভাবো মোদী চৰকাৰৰ মানুহে তেওঁলোকক আনি দিয়ে ।"

কেন্দ্ৰক জবাবদিহি কৰি তেওঁ লগতে কয়, "মোদী ইমান দিনে প্ৰধানমন্ত্ৰী হৈ আছে আৰু সীমান্তৰ নিৰাপত্তা তেওঁৰ নিয়ন্ত্ৰণত আছে । তেনেহ'লে অনুপ্ৰৱেশকাৰী কেনেকৈ আহিল আৰু তেওঁলোকে ইয়াত কেনেকৈ থাকিবলৈ সক্ষম হৈছে ? ঝাৰখণ্ড, দিল্লী আৰু বিহাৰ নিৰ্বাচনৰ সময়ত অনুপ্ৰৱেশকাৰী দেখা গৈছিল । এছ আই আৰৰ কাৰণটোৱেই আছিল এই অনুপ্ৰৱেশকাৰীক আঁতৰাই পঠিওৱা, কিন্তু একো লাভ হোৱা নাই ।"

উদিত ৰাজে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি কয়, "মই লাজ পাইছোঁ যে আমাৰ দেশে এনে এজন প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰিছে যাৰ একমাত্ৰ কাম মিছা কথা কোৱা । তেওঁ ইমান মিছলীয়া ।"

অসম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰসংগত কৈছিল, "কেৱল চৰকাৰ গঠন আৰু কেইটামান ভোটৰ স্বাৰ্থত কংগ্ৰেছ দলে অসমৰ ভূমি অনুপ্ৰৱেশকাৰীক গতাই দিছিল । দশক দশক ধৰি কংগ্ৰেছ দলে অসমত চৰকাৰ গঠন কৰিছিল আৰু এই সময়ছোৱাত অনুপ্ৰৱেশ বাঢ়ি গৈ থাকিল ।" কংগ্ৰেছৰ নিৰ্বাচনী ৰূপৰেখা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কৈছিল যে কংগ্ৰেছৰ জন্ম হোৱা চহৰ মুম্বাইত এতিয়া দলটো চতুৰ্থ বা পঞ্চম স্থানলৈ অৱনমিত হৈছে । তেওঁ কৈছিল, "বছৰ বছৰ ধৰি কংগ্ৰেছে শাসন কৰা মহাৰাষ্ট্ৰত দলটো সম্পূৰ্ণৰূপে সংকুচিত হৈছে । উন্নয়নৰ কোনো এজেণ্ডা নথকাৰ বাবে কংগ্ৰেছে দেশৰ আস্থা হেৰুৱাই পেলাইছে ।"

ইফালে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতৰ মুম্বাইত কৰ্প'ৰেটৰক বন্দী কৰি ৰখাৰ অভিযোগ সন্দৰ্ভত উদিত ৰাজে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেক ৰাজনৈতিক বিশ্বাসঘাতকতাৰ অভিযোগ উত্থাপন কৰি সমালোচনা কৰে ।

তেওঁ কয়, "সিন্দেই উদ্ধৱ থাকৰেক ছুৰীৰে আঘাত কৰিছে আৰু সিন্দেই জানে যে বিজেপিয়েও একে কামকে কৰে । গতিকে দুয়োজনেই পিঠিত ছুৰী মাৰিছিল । সেইবাবেই তেওঁ এই কাম কৰি আছে যাতে তেওঁৰ কাউন্সিলাৰসকলে চোৰাংচোৱাগিৰি কৰিব নোৱাৰে । তেওঁ কেৱল নিজৰ দৰদামৰ ক্ষমতা বচাবলৈ চেষ্টা কৰিছে ।"

উল্লেখ্য যে ইউ বি টিৰ সাংসদ সঞ্জয় ৰাউতে মুম্বাইৰ এখন হোটেলত আৱদ্ধ কৰি ৰখা কৰ্প'ৰেটৰসকলক মুকলি কৰাৰ দাবী জনাইছিল আৰু মুম্বাইৰ মেয়ৰৰ নিৰ্বাচনৰ পূৰ্বে একনাথ সিন্দেই তাজ হোটেলখনক জে'ললৈ ৰূপান্তৰিত কৰিছিল বুলি অভিযোগ কৰে ।

ৰাউতে কয়, "তেওঁলোকে নিজৰ কৰ্প'ৰেটৰক আবদ্ধ কৰি ৰাখিছে । বিধায়কক বন্দী কৰিছিল, গতিকে এতিয়া নিগমক বদ্ধ কৰি ৰাখিব লাগিব । বিধায়কক চুৰাটলৈ লৈ গৈছিল । একনাথ সিন্দে নিজেই উপ-মুখ্যমন্ত্ৰী, তথাপিও তেওঁৰ কৰ্প'ৰেটৰ পলাই যাব বুলি ভয় কৰে, এইটো কি হাস্যকৰ পৰিস্থিতি ।"

লগতে পঢ়ক :কংগ্ৰেছে অসমক অসন্মান কৰি অনুপ্ৰৱেশকাৰীৰ বাবে দুৱাৰ মুকলি কৰি দিলে : প্ৰধানমন্ত্ৰী