ETV Bharat / politics

প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণ : ডেৰ লাখ জনসমাগমৰ বাবে হাগ্ৰামা-জয়ন্ত মল্লৰ উপস্থিতিত মন্ত্ৰণা

১৩ মাৰ্চত প্ৰধানমন্ত্ৰীক আদৰিবলৈ নলবাৰীৰ কনভেনচন চেণ্টাৰত হাগ্ৰামা মহিলাৰী, বি টি চিৰ সকলো বিধায়ক, মন্ত্ৰী, এম চি এল এৰ আলোচনা ।

Hagrama Mohilary
প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ মন্তব্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 27, 2026 at 9:40 AM IST

3 Min Read
Choose ETV Bharat

নলবাৰী : অহা ১৩ মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । কেইবাটাও কাৰ্যসূচীৰে কোকৰাঝাৰ জিলালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী । সেই উদ্দেশ্যে বৃহস্পতিবাৰে নলবাৰীত এক প্ৰস্তুতি পৰ্যালোচনা বৈঠকৰ আয়োজন কৰা হয় ।

প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ লক্ষ্যৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, সকলো এম চি এল এ, মন্ত্ৰী চৰণ বড়ো , জয়ন্ত মল্লবৰুৱা নলবাৰীৰ কনভেনচন চেণ্টাৰত মিলিত হয় । অৱশ্যে প্ৰধানমন্ত্ৰীয়ে কি কি কাৰ্যসূচী হাতত লৈ কোকৰাঝাৰলৈ আহিব সেয়া বৰ্তমানো জানিব পৰা হোৱা নাই ।

প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ মন্তব্য (ETV Bharat Assam)

এক দীঘলীয়া বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয়, "অহা ১৩ মাৰ্চত কোকৰাঝাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব । কোকৰাঝাৰ বুলিতো বেলেগ ঠাই নহয়, অসমৰেই হয় । সেই হিচাপত আমি এন ডি এ হিচাপে ভাল এটা গণ ৰেলী হ'ব । অসমৰ ৰাইজৰ কাৰণেই প্ৰধানমন্ত্ৰী আহিব কোকৰাঝাৰলৈ । অসমৰ ৰাইজক ভাল এটা মেছেজ দিবলৈ তেওঁ আহিব । তাৰবাবে প্ৰস্তুতি সন্দৰ্ভত আজি এনেদৰে আলোচনা কৰা হয় ।"

তেওঁ লগতে কয়, "যিহেতু প্ৰধানমন্ত্ৰী আহি আছে, ইয়াত মানুহৰ সমাগম কৰি দেখুৱাই দিয়াটো আমাৰ দায়িত্ব । প্ৰধানমন্ত্ৰী বুলি ক'লে সকলো জাতি-জনগোষ্ঠীৰ বাবে । তেওঁ যিহেতু আহিব, ভাল এটা মেছেজ দি যাব । সেইকাৰণে সকলো জাতি জনগোষ্ঠীক সমাগম হৈ প্ৰধানমন্ত্ৰীক দেখুৱাই দিবলৈ আহ্বান জনাইছোঁ । প্ৰধানমন্ত্ৰী কোকৰাঝাৰলৈ আহিবৰ দিনা কমেও ডেৰ লাখ মানুহ আমি গোটাম ।"

PM Modi Kokrajhar visit
বৈঠকৰ এক দৃশ্য (ETV Bharat Assam)

হাগ্ৰামা মহিলাৰীৰ মন্তব্য, "নিৰ্বাচন আহিব, যাব । কিন্তু নৰেন্দ্ৰ মোদী আমাৰ মাজলৈ অহাটো ডাঙৰ কথা । যিটো এটা ভাল মেছেজ যাব । অসমৰ উন্নয়নৰ স্বাৰ্থত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন আঁচনি লৈ আছে । গতিকে এইবাৰো যিহেতু আহি আছে, ভাল খবৰেই দি যাব ।"

আনহাতে, বিটিআৰ চুক্তি সন্দৰ্ভত মহিলাৰীয়ে কয়, "বিটিআৰ চুক্তি হওক বা বিটিচি চুক্তিয়েই হওক, তাত যাতে প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব সহকাৰে লৈ কাম কৰে সেয়াই আহ্বান ।"

আগন্তুক নিৰ্বাচন সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয়, "এইবাৰ নিৰ্বাচনত মিত্ৰজোঁটে ১২৬ টা সমষ্টিতেই নিৰ্বাচন খেলিব । এনডিএ হিচাপে কোনটো দলে ক'ত খেলিব সেয়া চূড়ান্ত হোৱা নাই । বিটিচিত ১৫ খন আসন আছে । এনডিএ হিচাপে গোটেই ১৫ খনেই ল'ম । প্ৰমোদ বড়োও আছে । তেওঁৰো দায়িত্ব আছে । গতিকে বিটিচিত ১৫ খন আসনেই আমি লৈ যাম ।"

আনহাতে, আজিৰ এই প্ৰস্তুতি বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্লবৰুৱায়ো প্ৰতিক্ৰিয়া আগবঢ়ায় । মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় , "১৩ মাৰ্চ তাৰিখে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী কোকৰাঝাৰলৈ আহি বহুকেইটা প্ৰকল্পৰ শিলান্যাস কৰিব । লগতে এখন বিশাল জনসভাতও সম্বোধন কৰিব । এই জনসভা সম্পৰ্কে আজি বিশদভাৱে আলোচনা কৰিবলৈ নলবাৰীত সকলোৱে লগ হৈ অনুষ্ঠান সফল কৰিবৰ বাবে সকলো কাৰ্যপন্থা আলোচনা কৰা হৈছে । সকলো উৎসাহী হৈ আছে, দুয়োটা দলৰে নেতা-কৰ্মীসকল ।"

এক বিশাল ৰেলী হ'ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্য, "প্ৰায় ডেৰ-দুই লাখ লোকৰ সমাগম হ'ব প্ৰধানমন্ত্ৰীৰ জনসভাত । এইবাৰ বিধানসভা নিৰ্বাচনত আমি সকলোৱে এনডিএ হিচাপেই নিৰ্বাচন খেলিম । আজিৰ এই আলোচনা সভা কোনো মিত্ৰতা বা ৰাজনৈতিক উদ্দেশ্যে নহয় । কেৱল প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰা হৈছে ।"

লগতে পঢ়ক :ৰিপুণ-ৰকিবুলক সোঁৱে-বাৱেঁ লৈ গোলাঘাটত গৌৰৱৰ যাত্ৰা
লগতে পঢ়ক :এ ডি আৰ ই : সংৰক্ষিত পদত ভুৱা নথিপত্রৰে চাকৰি ল'লে কোনে কোনে ? চৰকাৰৰ তদন্ত ঘোষণা