ETV Bharat / politics

নিয়ম অনুসৰি পুঁজিৰ উচিত ব্যৱহাৰৰ নিৰ্দেশ মন্ত্ৰী তেলীৰ

অভিভাৱক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ অধ্যক্ষতাত তিনিচুকীয়া জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা সভা ৷

Guardain minister Rameswar Teli met in a meeting in Tinsukia
বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা সভাত অভিভাৱক মন্ত্ৰী ৰামেশ্বৰ তেলী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 4:56 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া: অভিভাৱক মন্ত্ৰী হিচাপে তিনিচুকীয়াত শুকুৰবাৰে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ৰামেশ্বৰ তেলীয়ে । অসম চৰকাৰৰ শ্ৰম কল্যাণ, ৰূপান্তৰ আৰু উন্নয়ন, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ দপ্তৰৰ মন্ত্ৰীগৰাকীৰ তিনিচুকীয়া জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আচঁনি আৰু কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত এই পৰ্যালোচনা সভাখন অনুষ্ঠিত হয় ।

তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাখনত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে চৰকাৰী নীতি-নিৰ্দেশনা আৰু নিয়ম অনুসৰি পুঁজিৰ উচিত ব্যৱহাৰৰ বাবে বিভাগসমূহক নিৰ্দেশ দিয়ে । তেওঁ লোকনিৰ্মাণ (পথ) বিভাগৰ দ্বাৰা বিভিন্ন আঁচনিৰ অধীনত জিলাৰখনৰ বিভিন্ন স্থানত পকীপথ আৰু দলং নিৰ্মাণ তথা উন্নীতকৰণ সন্দৰ্ভত বুজ লয় ।

Guardain minister Rameswar Teli met in a meeting in Tinsukia
কেইবাটাও বিষয়ত আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী (ETV Bharat Assam)

মন্ত্ৰীগৰাকীয়ে বাট-পথৰ উন্নীতকৰণৰ দিশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি সময়মতে আঁচনিসমূহৰ সফল ৰূপায়ণ সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা জলজীৱন মিছনৰ কামকাজৰ অগ্ৰগতিৰ বিষয়েও সভাত বিতংকৈ আলোচনা কৰা হয় । উক্ত বিভাগৰ অধীনতে ৰূপায়ণ হৈ থকা 'স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)' আচঁনিৰ অধীনৰ কাম-কাজৰ ওপৰতো সভাত বিতংভাৱে আলোচনা কৰা হয় ।

পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ অধীনত জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন আচঁনি যেনে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), এমজিএনৰেগা, স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ) আচঁনিৰ অগ্ৰগতিৰ বিষয়েও বিতংভাৱে সভাত আলোচনা কৰা হয় । মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কৃষি, শিক্ষা, জলসিঞ্চন, স্বাস্থ্য, সমাজ কল্যাণ, বিদ্যুৎ, ৰেচম, বন, লোকনিৰ্মাণ (গৃহ), হস্ততাঁত-বস্ত্ৰশিল্প আদি বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰো পুংখানুপুংখভাৱে পৰ্যালোচনা কৰে ।

তেওঁ প্ৰতিটো বিভাগকে আঁচনিসমূহৰ কাম গুৰুত্ব সহকাৰে সময়মতে সম্পাদন কৰিবলৈ আহ্বান জনায় । বিভাগীয় প্ৰতিটো আচঁনিৰ বিষয়ে ৰাইজ মাজত সজাগতা সৃষ্টি কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে । উক্ত বৈঠকত তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক পুলক গোঁহাই, মাকুম বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষান, জিলা আয়ুক্ত সুমিত সত্বাৱান, তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ভদ্ৰেশ্বৰ মৰাণ, উপ-সভাপতি চিত্ৰলেখা দুৱৰা সোনা, তিনিচুকীয়া পৌৰসভাৰ সভাপতি পুলক চেতিয়া প্ৰমুখ্যে কৰি আটাইকেখন সম-জিলাৰ আয়ুক্তসকল, অতিৰিক্ত আয়ুক্ত তথা বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল ।

লগতে পঢ়ক: ৰাস্তাৰ দুৰৱস্থা, জনপ্ৰতিনিধি টোপনিত: বৰফুকন আলিত জাকৈ বাই প্ৰতিবাদ মহিলাৰ

গুৱাহাটীত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজন