ETV Bharat / politics

ভাৰতলৈ অহা বিদেশী গণ্য-মান্য ব্যক্তিক চৰকাৰে বিৰোধী নেতাক লগ কৰিবলৈ নিদিয়ে: পুটিনৰ ভ্ৰমণৰ পূৰ্বে ৰাহুলৰ অভিযোগ

অটল বিহাৰী বাজপেয়ী, মনমোহন সিঙৰ সময়ৰে পৰা ভাৰতলৈ অহা বিদেশী গণ্য-মান্য ব্যক্তিয়ে বিৰোধী নেতাক সাক্ষাৎ কৰাৰ পৰম্পৰা চলি আহিছিল ৷

Rahul Gandhi on Putin visit
ৰাহুল গান্ধী ফাইল ফটো (ANI)
author img

By PTI

Published : December 4, 2025 at 3:37 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰে যে চৰকাৰে ভাৰতলৈ অহা বিদেশী গণ্য-মান্য ব্যক্তিসকলক বিৰোধী দলৰ নেতাক সাক্ষাৎ নকৰিবলৈ কয় । ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দুদিনীয়া ভাৰত ভ্ৰমণৰ কেইঘণ্টামান পূৰ্বে ৰাহুল গান্ধীয়ে আজি এই মন্তব্য কৰে ।

লোকসভাত বিৰোধী দলৰ নেতাগৰাকীয়ে কয় যে ভ্ৰমণকাৰী বিদেশী গণ্য-মান্য ব্যক্তিয়ে বিৰোধী দলৰ নেতাক সাক্ষাৎ কৰাটো এটা পৰম্পৰা যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এই নিয়ম মানি চলা নাই ।

সংসদ ভৱন চৌহদত সাংবাদিকৰ আগত ৰাহুল গান্ধীয়ে কয়, "সাধাৰণতে পৰম্পৰা অনুসৰি বহিঃৰাষ্ট্ৰৰ পৰা অহা অতিথিসকলে বিৰোধী দলৰ নেতাৰ সৈতে বৈঠকত মিলিত হয় । আগতে বাজপেয়ীজী (অটল বিহাৰী)ৰ সময়ত, মনমোহন সিংজীৰ সময়ত এনেকুৱা হৈছিল, ই এক পৰম্পৰা হৈ আহিছে । কিন্তু আজিকালি যিটো হৈছে সেয়া হ'ল যেতিয়া বিদেশী গণ্য-মান্য ব্যক্তি আহে আৰু মই বিদেশলৈ যাওঁ, তেতিয়া চৰকাৰে তেওঁলোকক বিৰোধী দলৰ নেতাক সাক্ষাৎ নকৰিবলৈ পৰামৰ্শ দিয়ে ।"

তেওঁ লগতে কয়, "এয়া তেওঁলোকৰ নীতি, তেওঁলোকে প্ৰতিবাৰেই এই কাম কৰে । মই বহিঃৰাষ্ট্ৰলৈ গ'লে আৰু ইয়ালৈ মানুহ আহিলে তেওঁলোকে এই কামটো কৰে । আমি এই বাৰ্তা পাওঁ যে তেওঁলোকক কোৱা হৈছে যে চৰকাৰে 'আপোনালোকক সাক্ষাৎ নকৰিব' বুলি কৈছে ।"

"কেৱল চৰকাৰেই ভাৰতক প্ৰতিনিধিত্ব নকৰে, আমিও ভাৰতক প্ৰতিনিধিত্ব কৰোঁ । চৰকাৰে নিবিচাৰে যে বিৰোধী নেতাসকলে বিদেশী নেতাক সাক্ষাৎ কৰক । এয়া এক পৰম্পৰা (বিৰোধী নেতাই বিদেশী গণ্য-মান্য ব্যক্তিক লগ কৰা), এটা নিয়ম । কিন্তু মোদীজীয়ে এই নিয়ম মানি নচলে, বৈদেশিক মন্ত্ৰণালয়ে এই নীতি অনুসৰণ নকৰে ।" পুটিনৰ নাম উল্লেখ নকৰাকৈ ৰাহুল গান্ধীয়ে কয় ।

চৰকাৰে কিয় এনে কৰিছে বুলি সোধাত তেওঁ কয়, “এয়া তেওঁলোকৰ নিৰাপত্তাহীনতা ।”

উল্লেখ্য যে আজি (বৃহস্পতিবাৰ) সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে শীৰ্ষ বৈঠকৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন দিল্লীত উপস্থিত হ’ব ।

প্ৰতিৰক্ষা সম্পৰ্ক বৃদ্ধি কৰা, ভাৰত-ৰাছিয়াৰ বাণিজ্যক বাহ্যিক চাপৰ পৰা বিচ্ছিন্ন কৰা আৰু ক্ষুদ্ৰ মডিউলাৰ ৰিয়েক্টৰত সহযোগিতা অন্বেষণ কৰাটোৱেই শুকুৰবাৰে মোদী আৰু পুটিনৰ মাজত অনুষ্ঠিত হ’বলগীয়া শীৰ্ষ সন্মিলনৰ কেন্দ্ৰবিন্দু হ’ব । আনহাতে, ইয়াৰ ওপৰত পশ্চিমীয়া দেশবোৰে তীক্ষ্ণ দৃষ্টি ৰাখিব বুলি অনুমান কৰা হৈছে ।

লগতে পঢ়ক :আপোনাৰ গাড়ীখন ঘাইপথত বেগেৰে গৈ থকা দেখি আমি অসমৰ মানুহে ঈৰ্ষা কৰিছিলো... ! গাডকাৰীক কিয় ক'লে গৌৰৱে ?
লগতে পঢ়ক :জুবিন গাৰ্গক 'ভাৰতৰত্ন' সন্মান দিয়ক: লোকসভাত গৌৰৱ গগৈৰ আহ্বান