ETV Bharat / politics

মুখ্যমন্ত্ৰীৰ শপত ল'বলৈ হিমন্ত বিশ্ব শর্মাক অনুমোদন ৰাজ্যপালৰ

ভাৰতীয় সংবিধানৰ ১৬৪ নম্বৰ অনুচ্ছেদৰ ১ নং দফাৰ অধীনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ড° হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছে ৷

CHIEF MINISTER OF ASSAM
মুখ্যমন্ত্ৰীৰ শপত ল'বলৈ ড° হিমন্ত বিশ্ব শর্মাক অনুমোদন ৰাজ্যপালৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2026 at 7:37 AM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : চৰকাৰ গঠনৰ বাবে বিজেপি আৰু এনডিএৰ বিধায়িনী দলৰ নেতা হিচাপে হিমন্ত বিশ্ব শৰ্মাই দিয়া ‌আবেদনত অনুমোদন জনালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৷ ভাৰতীয় সংবিধানৰ ১৬৪ নম্বৰ অনুচ্ছেদৰ ১ নং দফাৰ অধীনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ড° হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছে ৷ সেই অনুসৰি ১২ মে'ৰ পুৱা ১১:৪০ বজাত গুৱাহাটীৰ খানাপাৰাত শপত গ্ৰহণ অনুষ্ঠান আয়োজিত হ'ব ৷ এই সন্দৰ্ভত দেওবাৰে অধিসূচনা জাৰি কৰা হয় ৷

জাৰি কৰা অধিসূচনা অনুসৰি ৰাজ্যপালে হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্রী হিচাপে নিযুক্তি দিয়ে ৷ অহা ১২ মে'ৰ দিনৰ ১১.৪০ বজাত গুৱাহাটীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব বুলি অধিসূচনাত উল্লেখ কৰা হয় ৷ দেওবাৰে দিনৰ ভাগত ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালৰ ওচৰত পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰি আৰ্জি প্ৰদান কৰিছিল ৷

CHIEF MINISTER OF ASSAM
মুখ্যমন্ত্ৰীৰ শপত ল'বলৈ ড° হিমন্ত বিশ্ব শর্মাক অনুমোদন ৰাজ্যপালৰ (ETV Bharat Assam)

উল্লেখ্য যে কেন্দ্ৰীয় নেতৃত্বই নিযুক্তি দিয়া পৰ্যবেক্ষক আৰু সহ-পৰ্যবেক্ষকৰ তদাৰকত দেওবাৰে পুৱাৰ ভাগত বিজেপি বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় ৷ এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে দলৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্রী জে পি নাড্ডাক পৰ্যবেক্ষক আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীক সহ-পৰ্যবেক্ষক হিচাপে কেন্দ্ৰীয়ভাৱে নিযুক্তি দিয়া হৈছিল ৷

শনিবাৰে নিশা দুয়োগৰাকী গুৱাহাটীত উপস্থিতি হোৱাৰ পিছত দেওবাৰে পুৱা বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত ভাৰপ্ৰাপ্ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হয় ৷ ইয়াৰ পিছতে এনডিএৰ বৈঠক অনুষ্ঠিত হয় আৰু সেই বৈঠকতো এনডিএৰ নেতা হিচাপে হিমন্ত বিশ্ব শৰ্মাকে বাচনি কৰা হয় ৷

সাংবিধানিক এই প্রক্রিয়া সম্পূৰ্ণ হোৱাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দলে বলে বিজেপি বিধায়িনী দল আৰু এনডিএৰ নেতা লোক ভৱনলৈ ৰাওনা হয় আৰু ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যক সাক্ষাৎ কৰি চৰকাৰৰ গঠনৰ অনুমতিৰ বাবে আনুষ্ঠানিক আবেদন জনায় ৷ ইয়াৰ পিছতে ৰাজ্যপালে মুখ্যমন্ত্রী হিচাপে হিমন্ত বিশ্ব শৰ্মাক নিযুক্তি দিয়াৰ লগতে শপত গ্ৰহণৰ বাবে অনুমতি প্ৰদান কৰে ৷ ৰাজ্যপালৰ অনুমোদনৰ পাছতে ১২ মে'ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে ৷

১২ মে'ত গুৱাহাটীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা বিশাল অনুষ্ঠানত বিজেপি নেতৃত্বাধীন এনডিএই তৃতীয়টো কাৰ্যকালৰ বাবে চৰকাৰ গঠন কৰিব আৰু নতুন মন্ত্রীসভাই শপত ল'ব ৷ আনহাতে হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্রী হিচাপে শপত ল'ব ৷ ইতিমধ্যে খানাপাৰৰ খেলপথাৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে সাজু কৰি তোলা হৈছে ৷ শপত গ্ৰহণ বিশাল অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লগতে কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্রী ৷ তদুপৰি প্ৰায় ২০ খন ৰাজ্যৰ মুখ্যমন্ত্রী, উপ-মুখ্যমন্ত্রী উপস্থিত থাকিব ৷

CHIEF MINISTER OF ASSAM
মুখ্যমন্ত্ৰীৰ শপত ল'বলৈ ড° হিমন্ত বিশ্ব শর্মাক অনুমোদন ৰাজ্যপালৰ (ETV Bharat Assam)

শপত গ্ৰহণ অনুষ্ঠানত দেশৰ কেইবাগৰাকী আগশাৰীৰ উদ্যোগপতি উপস্থিত থকাৰ সম্ভাৱনা আছে ৷ তদুপৰি অসমৰ সত্রাধিকাৰসকল শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব ৷ লক্ষাধিক লোকৰ সমাগম হ'ব শপত গ্ৰহণৰ ঐতিহাসিক অনুষ্ঠানত ৷ উল্লেখ্য যে ২০২৬ৰ নিৰ্বাচনত বিৰোধীক বিধ্বস্ত কৰি অভূতপূৰ্ব জয়ৰে ইতিহাস গঢ়িলে বিজেপিয়ে ৷ মুঠ ১২৬ খন আসনৰ ভিতৰত বিজেপিয়ে এককভাৱে ৮২ খন আসন লাভ কৰাৰ লগতে দুই মিত্ৰদল অগপ আৰু বিপিএফে ১০ খনকৈ আসন লাভ কৰে ৷ এনডিএই মুঠ ১০২খন আসন লাভ কৰিবলৈ সক্ষম হয় ৷ ১২ মে'ত নতুন চৰকাৰে শপত গ্ৰহণ কৰি কাৰ্যভাৰ ল'ব ৷

লগতে পঢ়ক : ড৹ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা নিৰ্বাচিত

মঙলবাৰটো হ'ব অসমৰ বাবে ঐতিহাসিক দিন : দিলীপ শইকীয়া

চৰকাৰ গঠনৰ দাবীৰে ৰাজ্যপালক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ