ETV Bharat / politics

বিটিচি পৰিষদৰ কাৰ্যবাহী সদস্যৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি

বিটিচি পৰিষদত কাৰ্যবাহী পদৰ সম্প্ৰসাৰণ, ১৪ জনৰ পৰা ১৭ জনলৈ বৃদ্ধি পালে সংখ্য়া ৷ বিজেপিৰ দুজন আৰু বিপিএফৰ এজনক কাৰ্যবাহী সদস্য পদ দিয়া হৈছে ৷

Hagrama Mohilary
১৭ জনলৈ বৃদ্ধি বিটিচি পৰিষদৰ কাৰ্যবাহী সদস্যৰ সংখ্যা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 4, 2026 at 12:28 PM IST

2 Min Read
Choose ETV Bharat

কোকৰাঝাৰ : হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি টি চি পৰিষদত কাৰ্যবাহী সদস্যৰ পদৰ সংখ্য়া মঙলবাৰে সম্প্ৰসাৰণ কৰা হয় ৷ ৩ মাৰ্চত ৰাজ্যপাল ভৱনৰ অতিৰিক্ত সচিব বিদিত দাসে স্বাক্ষৰ কৰা gsa.160/2025/92 পত্ৰযোগে অন্য় তিনিজন পাৰিষদক কাৰ্যবাহী সদস্যৰ পদ দিয়া হয় ৷ ইয়াৰ লগে লগে বিটিচি পৰিষদত কাৰ্যবাহী সদস্য ১৪ জনৰ পৰা ১৭ জনলৈ বৃদ্ধি হয় ৷

এক বিভাগীয় পত্ৰ মতে বিপিএফ দলৰ তথা ৩০ নম্বৰ গোৰেশ্বৰ সমষ্টিৰ মহেশ্বৰ বসুমতাৰী, ২৭ নাগ্ৰীজুলি সমষ্টিৰ বিজেপি দলৰ সমৰ্থিত লক্ষী দাস আৰু বিজেপিৰ মনোনীত প্ৰাৰ্থী কৰ্মেশ্বৰ ৰায়ক কাৰ্যবাহী সদস্য হিচাপে দায়িত্ব দিয়া হৈছে ৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশমৰ্মে গ্ৰহণ কৰা হোৱা এই সিদ্ধান্ত অনুসৰি তিনিওজন পাৰিষদে এতিয়া কাৰ্য্য়বাহী সদস্য় পদ গ্ৰহণ কৰি দায়িত্ব পালন কৰিব ।

Hagrama Mohilary
ৰাজ্যপালৰ নিৰ্দেশ (ETV Bharat Assam)

উল্লেখ্য যে লক্ষী দাস আৰু কৰ্মেশ্বৰ ৰায়ক ইয়াৰ পূৰ্বে ভাৰপ্ৰাপ্ত হিচাবে দায়িত্ব দিয়া হৈছিল ৷ অহা ৬ মাৰ্চত তিনিগৰাকী সদস্যই বি টি চি এল এৰ সভাকক্ষত শপত ল’ব বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য় যে বিগত বৰ্ষৰ ছেপ্তেম্বৰত বড়োলেণ্ড পৰিষদীয় এলেকাত নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ সেই নিৰ্বাচনৰ ফলাফলৰ অন্তত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে একক সংখ্য়াগৰিষ্ঠতা লাভ কৰি পৰিষদৰ দায়িত্ব গ্ৰহণ কৰিছিল ৷ বড়োভূমিৰ নিৰ্বাচন হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলটোক ক্ষমতাচ্য়ুত কৰিছিল ৷

উল্লেখ্য় যে কিছুদিন পূৰ্বে বিপিএফৰ পৰা ইউপিপিএলত যোৱা খাম্পা বৰগয়াৰীয়ে বড়োভূমিৰ নিৰ্বাচনত ইউপিপিএলৰ টিকটত জয়ী হৈছিল ৷ শেহতীয়াকৈ তেওঁ পুনৰাই বিপিএফ দললৈ প্ৰত্য়াৱৰ্তন কৰিছে ৷

লগতে পঢ়ক :

UPPLৰ পৰা পদত্যাগৰ ঘোষণা উপ সভাপতি খাম্পা বৰগয়াৰীৰ, বিধানসভা নিৰ্বাচনৰ পূৰ্বে বড়ো ৰাজনীতিত নতুন সমীকৰণ?

পুনৰাই বিপিএফলৈ আহিল খাম্পা বৰগয়াৰী, ৰাজনীতিত মনৰ কথা ক'লে খাম্পাই