ETV Bharat / politics

সাম্প্ৰতিক যুদ্ধকালীন সংকটৰ পিছতো সুস্থিৰ-শক্তিশালী হৈ আছে অসমৰ অৰ্থনীতি: ৰাজ্যপাল

বিধানসভাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ১ ঘণ্টা ১৫ মিনিটৰ ভাষণ ৷ শেহতীয়া নিৰ্বাচনী ফলাফল ৰাজ্য শান্তি-সুস্থিৰতা-সামগ্ৰিক উন্নয়নৰ প্ৰতি জনতাৰ সমৰ্থনৰ প্ৰতিফলন । চৰকাৰৰ জয়গান ।

16TH ASSAM LEGISLATIVE ASSEMBLY
অসম বিধানসভা (Assam Assembly)
author img

By ETV Bharat Assamese Team

Published : May 22, 2026 at 5:52 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: ‘‘ভাৰতবৰ্ষত নির্বাচন হৈছে গণতন্ত্ৰৰ এক বুনিয়াদ । স্বাধীনতাৰ পিছত অসমত প্রথম নির্বাচন ১৯৫২ চনৰ ২৭ মাৰ্চত অনুষ্ঠিত হৈছিল । তেতিয়াৰে পৰা সাত দশকতকৈও অধিক সময় ধৰি ৰাজ্য আৰু দেশৰ জনসাধাৰণে গণতান্ত্রিক প্রতিষ্ঠানসমূহৰ সৈতে মিলি এই বুনিয়াদ সুৰক্ষিত আৰু শক্তিশালী কৰি আহিছে । অসমত শেহতীয়াকৈ সমাপ্ত হোৱা বিধানসভা নির্বাচন এই গণতান্ত্রিক যাত্ৰাৰ এক মাইলৰ খুঁটি হিচাপে স্মৰণীয় হৈ ৰ'ব । প্ৰকৃত অৰ্থত এই নির্বাচন গণতন্ত্ৰৰ এক উৎসৱ হৈ পৰিছে ৷’’ - এই মন্তব্য ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ।

চলিত ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশনৰ শুকুৰবাৰে দ্বিতীয় দিনা সদনত ভাৰতীয় সংবিধানৰ ১৭৬(১) অনুচ্ছেদৰ অধীনত ভাষণ প্ৰদান কৰে । ভাষণত ৰাজ্যপালগৰাকীয়ে কয়, ‘‘৮৫.৯৬ শতাংশৰ অভূতপূর্ব ভোটদান আৰু ৰাষ্ট্রীয় গণতান্ত্রিক মিত্রজোঁটৰ প্ৰতি থকা স্পষ্ট আৰু নিৰংকুশ জনাদেশে গণতান্ত্রিক শাসন ব্যৱস্থাত জনসাধাৰণৰ আস্থাৰ প্রমাণ দাঙি ধৰিছে । এই ৰায় হৈছে ধাৰাবাহিকতাৰ বাবে দিয়া এক স্পষ্ট জনাদেশ । ২০১৪ চনৰ পৰা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জনসাধাৰণে ৰাষ্ট্ৰীয় গণতান্ত্রিক মিত্রজোঁটৰ দৃষ্টিভংগী আৰু শাসন ব্যৱস্থাক নিৰন্তৰভাৱে সমর্থন জনাই আহিছে । এই নির্বাচনত প্রাক নির্বাচনী মিত্রজোঁটে ১২৬ খন আসনৰ ভিতৰত ১০২ খন আসন লাভ কৰিছে, যিটো হৈছে চৰকাৰৰ প্ৰতি থকা জনসাধাৰণৰ অভূতপূর্ব সমর্থনৰ এক প্রতিফলন ।’’

16TH ASSAM LEGISLATIVE ASSEMBLY
অসম বিধানসভাৰ ভিতৰৰ দৃশ্য (Assam Assembly)

সদনত ১ ঘণ্টা ১৫ মিনিটৰ দীঘলীয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয়, ‘‘এই জনাদেশ হৈছে বিগত দহ বছৰত অনুসৰণ কৰি অহা শান্তি, অর্থনৈতিক সুস্থিৰতা আৰু সামগ্রিক উন্নয়নৰ প্ৰতি থকা জনসাধাৰণৰ আকুণ্ঠ সমৰ্থনৰ প্ৰতিফলন ৷ শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত লাভ কৰা সফলতাসমূহ ঐতিহাসিক আৰু তাৎপর্যপূর্ণ । বর্তমান ৰাজ্যখনৰ ৩৫ খন জিলাৰ ভিতৰত মাত্ৰ তিনিখন জিলাক বাদ দি সমগ্ৰ ৰাজ্যখনৰ পৰা সশস্ত্র বাহিনী(বিশেষ ক্ষমতা) আইন প্ৰত্যাহাৰ কৰা হৈছে । কেইবাখনো শান্তি চুক্তি আৰু বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে আৰু ১০,০০০ তকৈও অধিক প্রাক্তন উগ্রপন্থী মূলসুঁতিলৈ ঘূৰি আহিছে । প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সক্রিয় সমর্থন আৰু নিৰ্দেশনাৰ বাবেই এই সাফল্য লাভ কৰাটো সম্ভৱ হৈছে ।’’

‘‘একে সময়তে এতিয়াও এই শান্তি প্ৰক্ৰিয়াৰ বাহিৰত থকা একমাত্র প্রধান উগ্রপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন)-ৰ প্ৰতি মই আহ্বান জনাইছোঁ যে তেওঁলোকেও মূলসুঁতিলৈ ঘূৰি আহি অসমৰ বিকাশ আৰু উন্নয়নত অৰিহণা যোগাওক’’ - ৰাজ্যপালগৰাকীয়ে কয় ৷

আনহাতে, ৰাজ্যৰ সামগ্ৰিক অৰ্থনৈতিক অৱস্থাৰ ছবিখন দাঙি ধৰি ৰাজ্যপালগৰাকীয়ে বিধানসভাৰ মজিয়াৰ দিয়া ভাষণত কয়, ‘‘ৰাজ্যখনে অর্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰতো এক উল্লেখনীয় সফলতা অর্জন কৰিছে । বিগত পাঁচ বছৰত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন প্রায় ১৬ শতাংশৰ বাৰ্ষিক চক্ৰবৃদ্ধি হাৰত(CAGR) বৃদ্ধি পাইছে । ২০২৮-২৯ বৰ্ষৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতি হৈ উঠাৰ লক্ষ্যৰে অসম ধীৰ গতিত আগবাঢ়ি আছে । বিগত কেইবছৰমানত চলিত মূল্যত জনমূৰি আয় দুগুণতকৈও অধিক বৃদ্ধি পাইছে । মূলধনী ব্যয় ২০২১-২২ বৰ্ষৰ ১৩,৫০২ কোটি টকাৰ পৰা ২০২৫-২৬ বর্ষত ২৬,৫৩১ কোটি টকালৈ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে । গুৰুত্বপূৰ্ণ কথাটো হ'ল, বিনিয়োগৰ এই বৃহৎ বৃদ্ধি স্বত্বেও ৰাজ্যখনে ইয়াৰ ঋণ জিএছডিপি-ৰ অনুপাত ২৫ শতাংশৰ তলত ৰাখিবলৈ সক্ষম হৈছে, যিটো অনুমোদিত ৩২ শতাংশৰ সীমাৰ ভিতৰত বাহাল আছে । ভাৰত চৰকাৰৰ মূলধনী বিনিয়োগৰ বাবে বিশেষ সাহায্য(SASCI) আঁচনি আৰু কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনিসমূহৰ অধীনত অনুদান লাভ কৰা দেশৰ অগ্রণী ৰাজ্যসমূহৰ ভিতৰত অসমে এখন অন্যতম ৰাজ্য হিচাপে আত্মপ্রকাশ কৰিছে । ৰাজ্যখনত ঋণ-জমাৰ অনুপাত ৪৮ শতাংশৰ পৰা উল্লেখযোগ্যভাৱে বৃদ্ধি পাই ৭২ শতাংশ হৈছে, যিটোৱে বর্ধিত অর্থনৈতিক কাম-কাজ আৰু বর্ধিত বিত্তীয় অন্তর্ভূক্তিকে প্রতিফলিত কৰিছে । এই সকলোবোৰ উন্নয়নৰ ধাৰাই অসমৰ অৰ্থনৈতিক ভৱিষ্যতৰ প্রতি থকা বিশ্বাস বৃদ্ধি পোৱাটোকে সূচাইছে ।’’

ৰাজ্যপাল আচাৰ্যই লগতে কয়, ‘‘একে সময়তে আমি বিশ্বজুৰি দেখা দিয়া নতুন প্রত্যাহ্বানসমূহৰ প্ৰতি সজাগ হৈ আছো । পশ্চিম এছিয়াৰ বৰ্তমানৰ সংকটটোৱে সমগ্র গোলকীয় অর্থনীতিত চাপ সৃষ্টি কৰিছে, যদিও অসমৰ অৰ্থনীতি সুস্থিৰ আৰু শক্তিশালী হৈ আছে ৷ তথাপিও বর্ধিত ৰাষ্ট্ৰীয় আৰু গোলকীয় প্রেক্ষাপটে আমাক সাৱধানতা অৱলম্বন কৰাৰ লগতে দায়িত্ববোধৰ পোষকতা কৰিবলৈ আহ্বান জনাইছে । মিতব্যয়িতা আৰু বিচক্ষণ অর্থনৈতিক কাম-কাজৰ ক্ষেত্ৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা ৰাষ্ট্ৰীয় আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই ৰাইজক বিলাসিতা বা ইচ্ছাধীন খৰচ কৰাৰ ক্ষেত্রত সংযমতা অৱলম্বন কৰিবলৈ আৰু পৰিহাৰযোগ্য খৰচসমূহ বৰ্জন কৰিবলৈ অনুৰোধ জনাইছোঁ । ইয়াৰ ভিতৰত অত্যাধিক সোণ ক্ৰয় আৰু প্ৰয়োজন নোহোৱাকৈ কৰা বিদেশ ভ্রমণো অন্তর্ভুক্ত হৈ আছে, কিয়নো এনে কামকাজে দেশৰ বৈদেশিক মুদ্ৰাৰ ভঁৰালত বিৰূপ প্ৰভাৱ পেলাব পাৰে । এই প্রত্যাহ্বানপূর্ণ সময়ত সামূহিক দায়িত্ববোধ আৰু বিচক্ষণ অর্থনৈতিক আচৰণে দেশক অধিক শক্তিশালী কৰি তুলিব ।’’

লগতে পঢ়ক: বিধানসভাত মূল্যবৃদ্ধিৰ প্ৰসংগ : সদন ত্যাগ কৰি কংগ্ৰেছৰ প্ৰতিবাদ