ভোটাৰে কি কয় : গহপুৰ সমষ্টিৰ ভোটাৰৰ মনৰ কথা
যোৱা ৫ বছৰত কিমান উন্নয়ন হৈছে গহপুৰ সমষ্টিত ? পুনৰ বিজেপিকে বিচাৰে নে ৰাইজে ?

Published : February 26, 2026 at 11:57 AM IST
গহপুৰ: অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱা নাই যদিও ইতিমধ্যে ৰাজনৈতিক দলবোৰৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৷ শাসক-বিৰোধী সকলোৱে প্ৰতিটো সমষ্টিতে সাংগঠনিক কাম-কাজ চলোৱাৰ লগতে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াও আৰম্ভ কৰিছে ৷ সমষ্টিবোৰৰ নেতাসকলে প্ৰাৰ্থিত্ব বিচাৰি নিজ নিজ দলৰ কাৰ্যালয়ত আৱেদন জনাইছে । একেদৰে একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ভোটাৰৰ ওচৰলৈ গৈ আৰম্ভ কৰিছে প্ৰচাৰ ৷
ব্যতিক্ৰম নহয় গহপুৰ সমষ্টিও । একেৰাহে ১০ বছৰ বিজেপি মিত্ৰজোঁটৰ হাতত থকা ৭২ নং গহপুৰ বিধানসভা সমষ্টিত নিৰ্বাচনী বতাহ বলিছেনে ? যোৱা ৫ বছৰত কি পালে গহপুৰবাসীয়ে ? আচলতে গহপুৰৰ ভোটাৰে আগন্তুক ২০২৬ চনত কেনে প্ৰাৰ্থী বিচাৰে ? নিৰ্বাচনক লৈ ভোটাৰৰ আশা কি ? বৰ্তমানৰ বিধায়ক উৎপল বৰাৰ কামক লৈ সুখী নে ? গহপুৰ সমষ্টিবাসীৰ মনৰ কথাৰে এই বিশেষ প্ৰতিবেদন ।
অসম বিধানসভাৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে শ্বহীদ নগৰী ৭২ নং গহপুৰ বিধানসভা সমষ্টি । এই গহপুৰ সমষ্টিক ১০ বছৰে প্ৰতিনিধিত্ব কৰিলে উৎপল বৰাই ৷ পূৰ্বে কংগ্ৰেছ দলৰ ৰিপুণ বৰা, মণিকা বৰা এই সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । তাৰ পিছত সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে উৎপল বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ৷ বৰাই নিৰ্বাচনত জয়ী হৈ বিধায়ক হিচাপে ১০ টা বছৰ কাৰ্যনিৰ্বাহ কৰে ৷
অঞ্চলটোৰ সচেতন নাগৰিক যতীন মুদৈয়ে কয়, ‘‘আচলতে সঁচা কথা ক’বলৈ গ’লে প্ৰকৃত উন্নয়ন হৈছে গহপুৰ সমষ্টিত । মুখেৰে কোৱা কথা নহয় ৷ এইটো আপোনালোকে যদি চাই আমি উন্নয়নৰ ছবি আপোনালোকক দেখুৱাই দিব পাৰো ক’ত কি কি উন্নয়ন হৈছে ৷ বিশেষকৈ সমষ্টিটোত দক্ষিণ অঞ্চলৰ খহনীয়া প্ৰতিৰোধ আঁচনি, সমষ্টিৰ বহু স্থানত পকী পথ আৰু ৰাইজে একেলগে ১০০০ মানুহ গোট খাই সভা-সমিতি কৰিব পৰা এটা বৃহৎ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছে, গহপুৰত শ্বহীদ কনকলতা বৰুৱাৰ নামত বিশ্ববিদ্যালয় আনিবলৈ সক্ষম হৈছে বিধায়ক উৎপল বৰাই ৷ গহপুৰত এখন জি এন এম স্কুল হ’ল, যিখনত ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীসকলে নাৰ্চিং বিষয়ৰ পাঠ্যক্ৰম অধ্যয়ন কৰি সংস্থাপনৰ পথ বাছি ল’ব পাৰে ৷ গহপুৰ আৰক্ষী থানাৰ সংৰক্ষণ ব্যৱস্থা কৰিলে বিধায়ক উৎপল বৰাই আৰু শেহতীয়াকৈ এই চৰকাৰে আমাৰ গহপুৰ সমষ্টিক বিশ্বক চিনাকি কৰাই দিবৰ বাবে গহপুৰৰ পৰা নুমলীগড়লৈকে সুৰংগ নিৰ্মাণৰ যি প্ৰস্তাৱ দাখি কৰিছে, তাৰফলত গহপুৰ সমষ্টিক বিশ্ববাসীয়ে চিনি পাব ৷ এনেকুৱা উন্নয়নমূলক কাম কৰা একমাত্ৰ বিধায়ক উৎপল বৰা ৷ ভৱিষ্যতেও আমি উৎপল বৰাকে বিধায়ক হিচাপে বিচাৰোঁ ৷’’
সমষ্টিটোৰ মহিলা ভোটাৰে কি কয়
এই সন্দৰ্ভত সমষ্টিটোৰ এগৰাকী মহিলা ভোটাৰ জুৰি নেওঁগ বৰাই কয়, ‘‘বিগত পাঁচটা বছৰত এজন বিধায়কে যিমান উন্নয়ন কৰিব লাগে, তাতোকৈ অধিক কৰিছে ৷ উৎপল বৰা আছে বাবেই সমষ্টিটো ধুনীয়াকৈ চলি আছে ৷ আপোনালোক য'লৈ যায় তাতে উন্নয়নৰ ছবি দেখিব । বিশেষকৈ নিবনুৱা যুৱকসকলক এই চৰকাৰে ২ লাখ টকাৰ আঁচনিৰ জৰিয়তে সংস্থাপনৰ পথ মুকলি কৰি দিছে ৷ আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিধায়ক উৎপল বৰাকে আমি বিচাৰোঁ ৷’’
জুলি হাজৰিকা নামৰ ভোটাৰগৰাকীয়ে কয়, ‘‘আগৰ ১০ বছৰৰ গহপুৰ সমষ্টি আৰু আজিৰ গহপুৰ সমষ্টিৰ ছবি সম্পূৰ্ণ সুকীয়া ৷ কাৰণ বিজেপি চৰকাৰে সমষ্টিলৈ বহু উন্নয়নমূলক আঁচনি প্ৰদান কৰাৰ লগতে বিধায়কগৰাকীয়ে ১০০ ভিতৰত ৯০ শতাংশ কাম আগুৱাই নিয়াত আমি বিধায়কৰ কাম-কাজত সুখী ৷’’ মহিলাসকলক বিভিন্ন আঁচনি প্ৰদান কৰি আগুৱাই যোৱাত বিধায়কগৰাকীয়ে সবল ভূমিকা গ্ৰহণ কৰা বুলিও কয় জুলি হাজৰিকাই ।
সমষ্টিটোৰ আন এজন যুৱ ভোটাৰে কয়, ‘‘এই বিজেপি চৰকাৰে আমাৰ সমষ্টিটোত বহু সমস্যা সমাধান কৰিছে আৰু বিশেষকৈ সমষ্টিটোত নিবনুৱা যুৱকসকল বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে সংস্থাপন দিছে ৷’’
মিছামাৰী গাঁও পঞ্চায়তৰ ১০ ৱাৰ্ডৰ বিজেপিৰ প্ৰাক্তন ৱাৰ্ড সদস্য পুষ্প বসনেটে কয়, ‘‘মই আজি নিজেই ৰাইজৰ ওচৰত মুখ ওলাব নোৱাৰা হৈছোঁ ৷ কাৰণ মই বিজেপি দলৰ এজন প্ৰাক্তন ৱাৰ্ড সদস্য হিচাপে গাঁওখনলৈ একো উন্নয়নমূলক আঁচনি আনিবলৈ সক্ষম নহ’লো, কাৰণ আমাৰ বিধায়কগৰাকীয়ে সেই সুযোগ আমাক নিদিলে ৷ যাৰ ফলত আমাৰ ফালে একেবাৰে উন্নয়ন হোৱা নাই ৷ আজি আমাৰ গাঁৱলৈ অহা-যোৱা কৰা পথটো পকী নহ’ল, কৃষকে পথাৰত পানী নাপালে, চৰকাৰে প্ৰদান কৰা গৃহ বহু দৰিদ্ৰ লোকক প্ৰদান কৰিব নোৱাৰিলোঁ ৷ গতিকে আমি আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ইমান উৎফুল্লিত নহয় ৷’’
সমষ্টিটোৰ অসম-অৰুণাচল সীমান্তৰ হলঙি অঞ্চলৰ আন এজন ভোটাৰে কয়, ‘‘আমাৰ অঞ্চলটোত বহু উন্নয়ন হৈছে ৷ বিধায়কগৰাকীয়ে বহু উন্নয়ন কৰিছে, চৰকাৰী বিদ্যালয়ত নিবনুৱা যুৱকক সংস্থাপন দিছে ৷’’

