‘‘বিয়া পাতিছ’ যেতিয়া কমচে কম এটাতো সন্তান জন্ম দে’’ -অসমৰ জনগাঁথনিৰ ভাৰসাম্যহীনতাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী
আমাৰ অসমীয়া মানুহৰ বিশ-পঞ্চাশ বছৰৰ পিছত সঁচ থাকিবনে নাই ? উদ্বিগ্ন মুখ্যমন্ত্ৰীৰ অসমীয়াক কম বয়সত বিয়া পাতি অধিক সন্তান জন্ম দিবলৈ আহ্বান ৷

Published : January 9, 2026 at 7:01 PM IST
গুৱাহাটী: অসমত সংখ্যালঘু হ’ব অসমীয়া ! অসমৰ জনগাঁথনিৰ ভাৰসাম্যহীনতা আৰু পৰিৱৰ্তনক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । লাহে লাহে অসমীয়া মানুহৰ সংখ্যা নোহোৱা হৈ যাব ৷ সেয়ে কম বয়সত বিয়া পাতি দুই-তিনিটাকৈ সন্তান জন্ম দিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ ৷
শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ADRE উত্তীৰ্ণ ৪,৩৪৭ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে । এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ আহ্বান যে অসমীয়া মানুহে কম বয়সত সোনকালে বিয়া পাতক । দুই-তিনিটা সন্তান জন্ম দিয়ক । নহ’লে অসমতে সংখ্যালঘু হ’ব ৷
নৱনিযুক্তসকলক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্ৰীৰ আহ্বান যে যাৰ যাৰ বিয়া হোৱা নাই তুৰন্তে এবছৰৰ ভিতৰত বিয়া পাতিব লাগে । মুখ্যমন্ত্ৰীৰ মন্তব্য, "বিয়া নপতা চাকৰি পোৱাসকলে বিয়া পাতিবলৈ বছৰতকৈ দেৰি কৰিব নালাগে । আমাৰ অসমীয়া মানুহবোৰে বিয়া পাতোতে পাতোতে ত্ৰিশ বছৰ লগাই দিয়ে ৷ ল’ৰা-ছোৱালী ডাঙৰেই নহয় অৱসৰ হোৱালৈকে । যদি ত্ৰিশ বছৰত বিয়া পাতো ৰিটায়াৰ হ’ব ৬০ বছৰত ৷ ল’ৰা-ছোৱালী ডাঙৰেই নহয় । আঠাইশ-তিৰিশ বিয়া পতা ল’ৰাটোৰ অৱসৰৰ সময়ত ডাঙৰ ল’ৰাটোৰ বয়স হ’ব আঠাইশ বছৰ । আগতে অৱসৰৰ সময়ত আমাৰ দেউতাহঁতে নাতি দেখা পাইছিল ।”
দেৰিকৈ বিয়া পাতোতে পাতোতে অসমীয়া মানুহ নোহোৱা যাম:
মুখ্যমন্ত্ৰীৰ মন্তব্য যে আজিকালি অসমীয়া গাঁৱত জন্মৰ সংখ্যা গৈছে ৷ কিন্তু এইখন অসমতে আঠ-নটা সন্তান থকা মানুহো আছে । মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য, "দেৰিকৈ বিয়া কৰাওঁতে কৰাওতে অসমীয়া মানুহৰ সংখ্যাটো কমি গৈ আছে ৷ আপোনালোকে চাব অসমীয়া গাঁৱত গ’লে আজিকালি বাচ্ছা দেখাই নাপায় ৷ অৱশ্যে এনেকুৱা মানুহো আছে যাৰ ঘৰত আঠটা, নটালৈকে সন্তান আছে । সেইটো বেলেগ কথা । কিন্তু দেৰিকৈ বিয়া পাতোতে পাতোতে আমি অসমীয়া মানুহৰ সংখ্যা নোহোৱা যাম ৷ আমি পৃথিৱীৰ পৰা নোহোৱা হৈ যাম ৷”
বিয়া পাতিছ’ যেতিয়া কমচে কম এটাতো সন্তান জন্ম দে:
লগতে মুখ্যমন্ত্ৰী শৰ্মাই অসমত জনসংখ্যাৰ ভাৰসাম্যহীনতাৰ কথাও আঙুলিয়াই দিয়ে শুকুৰবাৰে ৷ তেওঁ কয়, "আৰু মই কোনোবা ঠাইত গৈ কওঁ তিনিটাতকৈ বেছি সন্তান জন্ম নিদিব । কিন্তু অসমীয়া মানুহক ক’বলগীয়া হৈছে, বিয়া পাতিছ’ যেতিয়া কমচে কম এটাতো সন্তান জন্ম দে ৷ দুটালৈকেতো জন্ম দিব লাগে ।”
কেৱল চাকৰি পোৱা অবিবাহিতসকলকে নহয় । চাকৰি লাভ কৰা সন্তান জন্ম নিদিয়াসকলকো সনোকালে সন্তান জন্ম দিবলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ । শৰ্মাই কয়, "ইমান চিন্তা কৰি থাকিলেতো নহ’ব ৷ আমাৰ অসমীয়া মানুহৰ বিশ পঞ্চাশ বছৰৰ পিছত সঁচ থাকিবনে নাই ? সেই কাৰণে যি সকলে বিয়া পতা নাই বিয়া অতি সোনকালে মোক বিয়াৰ চিঠি পঠিয়াব লাগে । আৰু যিসকলে বিয়া পাতি চাকৰি নাই বুলি সন্তান জন্ম দিয়া নাই, তেওঁলোকে সোনকালে সন্তান জন্ম দিব লাগে ।”

ধুবুৰী-মানকাচৰত বাচ্ছাই বাচ্ছা, শিৱসাগৰ-যোৰহাটত নাই:
অসমৰ সকলোৰে জ্ঞাত যে ধুবুৰী আৰু মানকাচৰত বৰ্ধিত জনসংখ্যা আৰু এটা পৰিয়ালে আঠটা, নটা সন্তান জন্ম দিয়াৰ কথা উত্থাপন কৰি অসমীয়া মানুহ নোহোৱা হৈ যাব বুলি শংকা হিমন্ত বিশ্ব শৰ্মাৰ ।
শৰ্মাাই কয়, "বহুত ছিৰিয়াছ কথা । মই ডিব্ৰুগড়-শিৱসাগৰত গ’লে ৰাস্তাত বাচ্ছাই নেদেখো ৷ কিন্তু ধুবুৰী-মানকাচৰত গৈ দেখো বাচ্ছাই বাচ্ছা । তেতিয়া মই ভাৱো বিশ তিৰিশ বছৰৰ পিছত অসমীয়া মানুহবোৰ নোহোৱা হৈ যাব ।”
সেয়ে জনসংখ্যাৰ ভাৰসাম্য ৰক্ষাৰ ফৰ্মূলাৰূপে মুখ্যমন্ত্ৰী শৰ্মাই এফালে সন্তান দুই তিনিটা জন্ম দিয়া আৰু আনফালে নটাৰ সন্তানৰ সংখ্যা হ্ৰাস কৰি দুটা কৰাৰ পোষকতা কৰে ।

তেওঁ এইদৰে কয়, "লাহে লাহে আমাৰ অসমীয়া মানুহৰ সংখ্যা নোহোৱা হৈ গৈ আছে আমাৰ দুটা তিনিটালৈকে যাব লাগে ৷ যাৰ আঠ নটা আছে দুটি-তিনিটালৈ নামি আহিব লাগে । তেতিয়াহে আমাৰ ভাৰসাম্য থাকিব ৷ নহ’লে জনসংখ্যা বেছি থকা ঠাইত দৰিদ্ৰতা বৃদ্ধি পায় আৰু কম থকা ঠাইলৈ কামৰ বাবে তেওঁলোকক আনিবলগীয়া হয় ।”

