ETV Bharat / politics

গৌৰী লংকেশ হত্যাকাণ্ডৰ অভিযুক্তৰ নিৰ্বাচনত জয়লাভ

গৌৰী লংকেশ হত্যাকাণ্ডৰ অভিযুক্ত হিচাপে নাম সাঙোৰ খোৱা শ্ৰীকান্ত পাংগাৰকাৰক ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত কৰ্ণাটক উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল ।

Jalna Civic Polls In Maharashtra
শ্ৰীকান্ত পাংগাৰকাৰৰ ফাইল ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 16, 2026 at 11:06 PM IST

2 Min Read
Choose ETV Bharat

জালনা(মহাৰাষ্ট্ৰ): ২০১৭ চনত সংঘটিত হৈছিল সাংবাদিক গৌৰী লংকেশৰ হত্যাকাণ্ড ৷ এই কথা নিশ্চয় সকলোৰে মনত আছে ৷ এই হত্যাকাণ্ডৰ অভিযুক্ত হিচাপে নাম সাঙোৰ খোৱা শ্ৰীকান্ত পাংগাৰকাৰে জালনা পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰিছে । পাংগাৰকাৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলিছিল ৷

১৩ নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ২,৬২১ টা ভোট লাভ কৰি জয়লাভ কৰে পাংগাৰকাৰে । বিজেপি আৰু অন্যান্য দলৰ প্ৰাৰ্থীসকলক পৰাস্ত কৰি পাংগাৰকাৰে জয়ী হয় ৷ একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনাই এই ৱাৰ্ডত অৱশ্যে কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল । ফলাফল ঘোষণাৰ পাছতে সকলোৰে সৈতে নাচি-গান গাই, ঢোল বজাই আৰু পুষ্পবৃষ্টিৰে বিজয় উদযাপন কৰে পাংগাৰকাৰে ।

বিজয়ৰ পিছত পাংগাৰকাৰে কয়, ‘‘ৰাইজৰ আদালতত ন্যায় পাইছো । মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগ এতিয়াও প্ৰমাণিত হোৱা নাই ।’’ যোৱা ১৫ জানুৱাৰীত অনুষ্ঠিত হোৱা জালনা পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল শুকুৰবাৰে ঘোষণা কৰা হয় ।

২০১৭ চনৰ ৫ ছেপ্টেম্বৰত বেংগালুৰুৰ নিজ বাসগৃহৰ বাহিৰত গুলীয়াই হত্যা কৰা হৈছিল সাংবাদিক গৌৰী লংকেশক । সোঁপন্থী হিন্দু উগ্ৰবাদৰ স্পষ্টবাদী সমালোচক হিচাপে তেওঁ পৰিচিত আছিল । তেওঁৰ হত্যাৰ প্ৰভাৱ সমগ্ৰ দেশতে পৰিছিল, যাৰ ফলত সাংবাদিক, সমাজকৰ্মী, নাগৰিক সমাজৰ সদস্যসকলৰ মাজত শোক আৰু ক্ষোভৰ সৃষ্টি হৈছিল । এই গোচৰৰ অভিযুক্ত পাংগাৰকাৰক ২০২৪ চনৰ ৪ ছেপ্টেম্বৰত কৰ্ণাটক উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে ।

পাংগাৰকাৰৰ এই বিজয়ৰ পিছতে অভিযুক্ত ব্যক্তিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাক লৈ ৰাজনৈতিক মহলত বিতৰ্কৰ সৃষ্টি হয় । ইয়াৰ পূৰ্বে ২০০১ চনৰ পৰা ২০০৬ চনৰ ভিতৰত অবিভক্ত শিৱসেনাৰ সদস্য হিচাপে জালনা পৌৰ পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা পাংগাৰকাৰে ২০১১ চনত টিকট লাভৰ পৰা বঞ্চিত হোৱাৰ পিছত সোঁপন্থী হিন্দু জনজাগ্ৰুতি সমিতিত যোগদান কৰে ।

২০১৮ চনৰ আগষ্ট মাহত মহাৰাষ্ট্ৰ এণ্টি টেৰ’ৰিজম স্কোৱাডে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰ জব্দ কৰাৰ অভিযোগত পাংগাৰকাৰক গ্ৰেপ্তাৰ কৰিছিল । তেওঁৰ বিৰুদ্ধে বিস্ফোৰক আইন, বিস্ফোৰক পদাৰ্থ আইন আৰু আইনী বিৰোধী কাৰ্যকলাপ(প্ৰতিৰোধ) আইন(ইউ এ পি এ)ৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছিল ।

২০২৪ চনৰ নৱেম্বৰ মাহত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনাত যোগদান কৰিছিল ৷ অৱশ্যে ব্যাপক সমালোচনাৰ পিছত তেওঁৰ যোগদান স্থগিত ৰখা হৈছিল ।

লগতে পঢ়ক: মুম্বাইত দুই দশকৰ ৰাজত্বৰ অন্ত ঠাকৰে পৰিয়ালৰ; মহাৰাষ্ট্ৰৰ পৌৰ নিগমৰ নিৰ্বাচনত মহাযুটিৰ বিজয় ধ্বজা