গৌৰৱ গগৈ হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী ! নিৰ্বাচনৰ প্ৰাকক্ষণত এয়া কাৰ পূৰ্বানুমান ?
অসম বিধানসভা নিৰ্বাচন সন্দৰ্ভত ভৱিষ্যতবাণী এগৰাকী মন্ত্ৰীৰ ৷ পিছে এই ভৱিষ্যতবাণী কিমান দূৰ ফলিয়াব ?

By ANI
Published : March 16, 2026 at 6:06 PM IST
ৰাঁচী(ঝাৰখণ্ড): ভাৰতৰ নিৰ্বাচন আয়োগে দেওবাৰে অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে ৷ এই ঘোষণাৰ পিছতে সমগ্ৰ দেশৰ দৃষ্টি আবদ্ধ এতিয়া অসম, কেৰালা, পশ্চিমবংগ, তামিলনাডুৰ লগতে পুডুচেৰীত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত ৷
অসমত ঘনে ঘনে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট ৷ দলত্যাগৰ ৰাজনীতিও সঘনাই পৰিলক্ষিত হৈছে ৷ বিশেষকৈ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম উচ্চাৰিত হোৱাৰ সমান্তৰালকৈ বেছ চৰ্চা লাভ কৰিছে গৌৰৱ গগৈৰ নামেও ৷
ঝাৰখণ্ডৰ মন্ত্ৰী তথা কংগ্ৰেছ বিধায়িকা দীপিকা পাণ্ডে সিঙে সোমবাৰে আস্থা প্ৰকাশ কৰি কয় যে আগন্তুক বিধানসভা নিৰ্বাচনৰ জৰিয়তে অসমলৈ এক বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন আহিব ।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সিঙে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বক লৈ অসমৰ জনসাধাৰণ দীৰ্ঘদিনে অসন্তুষ্ট বুলি দাবী কৰি জনসাধাৰণ পৰিৱৰ্তনৰ বাবে সাজু বুলি দৃঢ়তাৰে কয় ।
মন্ত্ৰী তথা বিধায়িকা দীপিকা পাণ্ডে সিঙে কয়, ‘‘ভৱিষ্যতে তাত সাধাৰণ জনতাৰ চৰকাৰ গঠন হ'ব । তাত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব ।’’ তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ চেষ্টা কৰিব ৷ আনহাতে কংগ্ৰেছে শাসকীয় দলক পৰাস্ত কৰি পুনৰ ক্ষমতাৰ গাদীত অধিষ্ঠিত হোৱাৰ লক্ষ্য লৈছে ।
উল্লেখ্য যে, দেওবাৰে নিৰ্বাচন আয়োগে ৯ এপ্ৰিলত অসমৰ ১২৬ খন বিধানসভাৰ আটাইকেইখন আসনৰ বাবে এটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰিছিল ৷ আনহাতে, ৪ মে’ত ভোটগণনা অনুষ্ঠিত হ’ব । অসম বিধানসভা নিৰ্বাচনৰ মূল প্ৰতিদ্বন্দ্বিতা বৰ্তমানৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ আৰু কংগ্ৰেছৰ মাজত হ’ব ।
২০২১ চনৰ নিৰ্বাচনত বিজেপি, অগপ, ইউনাইটেড পিপলছ পাৰ্টী লিবাৰেল(ইউ পি পি এল)ৰে গঠিত এন ডি এ মিত্ৰজোঁটে ৭৫ খন আসন লাভ কৰিছিল । ৬০ খন আসনেৰে মিত্ৰজোঁটৰ সৰ্ববৃহৎ অংশীদাৰ আছিল বিজেপি । ২০২১ চনত ২ কোটি ২০ লাখৰো অধিক পঞ্জীয়নভুক্ত ভোটাৰৰ ভিতৰত ভোটাৰৰ হাৰ ৮৬.২ শতাংশ আছিল ।
সোমবাৰে চলি থকা ৰাজ্যসভাৰ ভোটগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ঝাৰখণ্ডৰ মন্ত্ৰীগৰাকীয়ে এই নিৰ্বাচন দেশৰ গণতান্ত্ৰিক স্বাৰ্থৰ বাবে গুৰুত্বপূৰ্ণ বুলি দাবী কৰে ৷ তেওঁ কয়, ‘‘এইবাৰ কংগ্ৰেছৰ তৰফৰ পৰাও ৰাজ্যসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে । মোৰ সম্পূৰ্ণ বিশ্বাস যে আমাৰ সকলো প্ৰাৰ্থী জয়ী হ'ব ।’’
ৰাজ্যসভাৰ ৩৭ খন আসন পূৰণৰ বাবে দহখন ৰাজ্যত সোমবাৰে আৰম্ভ হৈছে ভোটগ্ৰহণ আৰু সন্ধিয়া ৫ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব ।
অসম, মহাৰাষ্ট্ৰ, ওড়িশা, তামিলনাডু, পশ্চিমবংগ, বিহাৰ, ছত্তীশগড়, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু তেলেংগানাৰ পৰা নিৰ্বাচিত হোৱা ৩৭ জন সদস্যৰ কাৰ্যকাল এপ্ৰিল মাহত শেষ হ’ব আৰু নতুন সদস্য নিৰ্বাচনৰ বাবে আসনসমূহ খালী হৈ পৰিব ।
লগতে পঢ়ক: পাতল কথা কোৱাটো মুখ্যমন্ত্ৰীৰ স্বভাৱ : বুজি পালে গৌৰৱ গগৈয়ে

