হিমন্ত বিশ্ব শৰ্মাই আমাৰ যাত্ৰাক নকল কৰিছে : জন আশীৰ্বাদ যাত্ৰাৰ প্ৰসংগত কটাক্ষ গৌৰৱ গগৈৰ
ডিব্ৰুগড়ত কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ যাত্ৰা । ৰাইদঙীয়া বৰনামঘৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে ল'লে সেৱা ।

Published : March 1, 2026 at 6:35 PM IST
মৰাণ: সমাগত বিধানসভা নিৰ্বাচনলৈ অধিক তৎপৰ হৈছে বিৰোধী কংগ্ৰেছ । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰিছে 'সময় পৰিৱৰ্তনৰ যাত্ৰা' ৷ উজনিত ধাৰাবাহিকভাৱে এই কাৰ্যসূচী ৰূপায়ণ কৰি সমষ্টিয়ে সমষ্টিয়ে ৰাইজৰ সৈতে মত বিনিময় কৰিছে কংগ্ৰেছৰ নেতৃত্বই ।
দেওবাৰে ডিব্ৰুগড়ত কংগ্ৰেছে অনুষ্ঠিত কৰে সময় পৰিৱৰ্তনৰ যাত্ৰা । এই কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যে অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সমন্বিতে ৰাজ্যিক কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দ টিংখাঙত প্ৰৱেশ কৰে । টিংখাং বিধানসভা সমষ্টিৰ লেঙেৰীৰ ঘুটুংছিগাৰ পৰা স্থানীয় কংগ্ৰেছ কৰ্মীসকলে গৌৰৱ গগৈক বাইক ৰেলীৰে আদৰি আনে ।
ইয়াৰ পাছতে গৌৰৱ গগৈয়ে টিংখাঙৰ ৰাইদঙীয়া বৰনামঘৰত সেৱা লৈ ৰাইজৰ আশীৰ্বাদ বিচাৰি সাংবাদিকৰ আগত কয়, "অসমত অসমীয়া সংস্কৃতি সজীৱ আৰু সৱল হৈ থকাৰ বাবে নামঘৰত সোমাই সেৱা লৈছো । হিমন্ত বিশ্ব শৰ্মাই কিছু বাহিৰা সংস্কৃতি আমাৰ ওপৰত জাপি দিবলৈ বিচাৰে । যোৱা পাঁচটা বছৰে অসমৰ সংস্কৃতি, গুৰু দুজনাৰ আদৰ্শ আদি মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ কৰা নাই । অন্য দেশৰ সংস্কৃতি বিলাকহে আমাৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰিছে । আমি অসমত অসমীয়া ৰীতি-নীতি,পৰম্পৰা ধৰি ৰাখিব বিচাৰো । তাৰ বাবে ৰাইজে আমাক আশীৰ্বাদ প্ৰদান কৰক ।"

হিমন্ত বিশ্ব শৰ্মাই আমাৰ যাত্ৰাক নকল কৰিছে :
কংগ্ৰেছ দলে সময় পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰা পাছতে শনিবাৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে । মুখ্যমন্ত্ৰীৰ নেতৃত্বত আৰম্ভ হোৱা জন আশীৰ্বাদ যাত্ৰাক কটাক্ষ কৰি গৌৰৱ গগৈয়ে কয়,"আমাৰ যাত্ৰাৰ সফলতা দেখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ যাত্ৰাক নকল কৰিছে ।"

ৰাইজৰ দলৰ প্ৰতিক্ৰিয়াৰ বাবে ৰৈ আছো :
আনহাতে বিৰোধী মিত্ৰদলৰ মাজত সমষ্টি ভাগ-বটোৱাৰাক লৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছ দলক অতি সোনকালে চূড়ান্ত সিদ্ধান্ত ল'বৰ বাবে দাবী জনাই থকা সন্দৰ্ভত কংগ্ৰেছ সভাপতি গৰাকীয়ে কয়,"ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ প্ৰস্তাৱ ইতিমধ্যে আগবঢ়োৱা হৈছে । এতিয়া আমি ৰাইজৰ দলৰ প্ৰতিক্ৰিয়াৰ বাবে ৰৈ আছো ।"

