ETV Bharat / politics

মুখ্যমন্ত্ৰীয়ে পলম নকৰাকৈ মিছলীয়া কথাবোৰ মুকলি কৰক, ভয় কৰিব নালাগে: গৌৰৱ গগৈ

সময় পৰিৱৰ্তনৰ যাত্রা পালেগৈ তেজপুৰ । ঢেকীয়াজুলিত ঝাড়ু ক্ৰয় কৰি অসম পৰিস্কাৰ কৰাৰ সংকল্প গৌৰৱ গগৈৰ । মহাভৈৰৱ মন্দিৰত ল'লে আশিস ।

Gaurav Gogoi sharply criticise CM during congress rally in Tezpur
মহাভৈৰৱ মন্দিৰত সেৱা জনাই শোণিতপুৰত সামৰিলে 'সময় পৰিৱৰ্তনৰ যাত্ৰা' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 8, 2026 at 10:37 AM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে 'সময় পৰিৱৰ্তনৰ যাত্ৰা'ৰ অন্তত শনিবাৰে তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত মহাদেৱৰ আশিস লয় । মন্দিৰত প্ৰৱেশ কৰাৰ সময়তে পুনৰ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হয় যদিও পৰৱৰ্তী সময়ত তেওঁক মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়ে একাংশ বিজেপিৰ কৰ্মীয়ে ।

মন্দিৰত কোনো বাংলাদেশীক সোমাবলৈ নিদিওঁ বুলি বাধা প্ৰদান কৰে বিজপি কৰ্মীসকলে । যদি হিন্দু মানুহ হয় তেতিয়াহ'লে সোমাবলৈ দিয়া হ'ব বুলি আগভেটা দি ৰখাৰ পিছত জয় শ্ৰীৰাম ধ্বনিৰে বিজেপিৰ সমৰ্থকে মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়ে ।

তেজপুৰত গৌৰৱ গগৈৰ মন্তব্য (ETV Bharat Assam)

মন্দিৰত পূজা-অৰ্চনা কৰাৰ পিছত গৌৰৱ গগৈয়ে কয়,"আজি মহাভৈৰৱ মন্দিৰলৈ আহি ভগৱানৰ আশীৰ্বাদ বিচাৰিছোঁ । অসমৰ মাজত শান্তি-সম্প্ৰীতি, সমৃদ্ধি আৰু প্ৰগতি স্থাপন হোৱাৰ কামনা কৰিছোঁ । লগতে অসমক পৰিষ্কাৰ কৰাৰ সংকল্পেৰে ঝাড়ু হাতত লৈছোঁ । আজি আমি যাত্ৰাৰ তৃতীয় দিনটোত ভৰি দিছোঁ । আগতকৈ অধিক ৰাইজৰ পৰা আমি ভাল সমৰ্থন লাভ কৰিছোঁ । সেইকাৰণেই আজি মহাভৈৰব মন্দিৰলৈ আহি ভগৱানৰ আশীৰ্বাদ বিচাৰিছোঁ । এই যাত্ৰাত যি মনৰ কামনা লৈ আমি ওলাই আহিছোঁ, সেই কামনা যেন পূৰণ হয় আৰু অসমৰ মাজত আমি শান্তি-সম্প্ৰীতি, সমৃদ্ধি আৰু প্ৰগতি দেখা পাওঁ ।"

আনহাতে তেওঁৰ এই যাত্ৰাত বাধাৰ সন্মুখীন হোৱাৰ বিষয়ে তেওঁ কয়, "মন্দিৰ বা নামঘৰ কোনো দল বা কোনো ব্যক্তিৰ ব্যক্তিগত সম্পত্তি নহয় । ৰাজনৈতিকভাৱে আমাৰ বিভিন্ন ধৰণৰ মতভেদ থাকিব পাৰে, কিন্তু মন্দিৰৰ ভিতৰত ৰাজনীতি কৰাটো আমি কেতিয়াও নিবিচাৰোঁ । মন্দিৰ হৈছে ভক্তি আৰু একতাৰ স্থান ।"

Gaurav Gogoi sharply criticise CM during congress rally in Tezpur
ঐতিহাসিক মহাভৈৰৱ মন্দিৰত কংগ্ৰেছ নেতৃত্ব (ETV Bharat Assam)

ইয়াৰ উপৰি শনিবাৰৰ দিনটোত ঢেকীয়াজুলিত সাপ্তাহিক বজাৰত ঝাড়ু ক্ৰয় কৰে গগৈয়ে । তেওঁ কয়, "ঝাড়ু লৈ অহাৰ অৰ্থ কেৱল ঘৰৰ চাফাই নহয় । ঝাড়ু অসমৰ বাবে । অসমত চলি থকা অনিয়ম, অব্যৱস্থা আৰু দুৰ্নীতিবোৰ পৰিষ্কাৰ কৰাৰ প্ৰতীক হিচাপে আমি ঝাড়ু লৈছোঁ । এই পৰিষ্কাৰ অভিযানৰ বাবে কেৱল ঝাড়ুয়েই নহয়, প্ৰয়োজন অনুসৰি শাসন, দণ্ড, আইন শৃংখলাৰো প্ৰয়োজন হ’ব ।"

ইফালে মুখ্যমন্ত্ৰীৰ গৌৰৱ গগৈৰ বিষয়ত পাকিস্তান সংযোগ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰসংগত তেওঁ কয়, "মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো আৰু কোনো পলম নকৰিব, ভয় নকৰিব। মিডিয়াৰ সন্মুখত নিজৰ কথা মুকলিকৈ কওক । কাৰণ ১০ ছেপ্টেম্বৰৰ পৰা আপোনালোকে যি ভয় কৰি আছিলে, সেই ভয় এতিয়া এৰি দিয়ক ।"

Gaurav Gogoi sharply criticise CM during congress rally in Tezpur
মহাভৈৰৱ মন্দিৰত আশিস ল'লে গৌৰৱ গগৈয়ে (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "নিজৰ কথা, নিজৰ অভিজ্ঞতা ৰাইজৰ সমূখত প্ৰকাশ কৰক । ছয় মাহ আপুনি একো নকৰিলে কাৰ্যালয় বা ফাইলৰ ভিতৰত ৰিপ'ৰ্ট আবদ্ধ কৰি ৰাখিলে । এতিয়া আৰু ভয় কৰিব নালাগে । সকলোৰে আগত মিডিয়াৰ সন্মুখত মিছলিয়া কথাবোৰ এটা এটাকৈ কৈ দিয়ক । মই পুনৰ অনুৰোধ কৰিছোঁ এতিয়া আৰু ভয় কৰিব নালাগে, সত্যটো মুকলিকৈ কওক ।"

লগতে পঢ়ক: শোণিতপুৰত কংগ্ৰেছৰ 'সময় পৰিৱৰ্তনৰ' যাত্ৰাত বাধা বিজেপি সমৰ্থকৰ

কাজিয়া-পেচাল কৰি ১০ জন মানুহে বাছত উঠি পিকনিক খোৱাৰ দৰে ঘূৰি ফুৰিছে, এইটো কি ৰাজনীতি ? কথাটো বুজা নাই মুখ্যমন্ত্ৰীয়ে