ETV Bharat / politics

মুখ্যমন্ত্ৰীৰ আঢ়ৈ ঘণ্টীয়া 'বিস্ফোৰক' সংবাদমেলৰ পাছত গৌৰৱ গগৈৰ ডেৰ ঘণ্টীয়া প্ৰত্যুত্তৰ

অভিযোগ আনিলে, কিন্তু প্ৰমাণ কি দিলে ? প্ৰশ্ন গৌৰৱ গগৈৰ ৷ মুখ্যমন্ত্ৰীয়ে বাংলাদেশলৈ গৈ মৌলবীৰ সৈতে তোলা ফটো ৰাজহুৱা কৰিলে গৌৰৱ গগৈয়ে ।

GAURAV GOGOI PAKISTAN LINK
'পাকিস্তান লিংক’ক লৈ গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 9, 2026 at 8:34 PM IST

11 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰাজ্যৰ নিৰ্বাচনমুখী বতাহজাক উত্তপ্ত হৈ পৰিছে । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু তেওঁৰ ব্ৰিটিছ পত্নীৰ বিৰুদ্ধে পাকিস্তান লিংকৰ বিস্ফোৰক অভিযোগেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলে তোলপাৰ লগাইছে আসন্ন নিৰ্বাচনমুখী অসমৰ ৰাজনীতি ।

সোমবাৰে মুখ্যমন্ত্ৰীৰ অভিযোগৰ উত্তৰ দি গৌৰৱ গগৈৰ প্ৰশ্ন, “মুখ্যমন্ত্ৰীয়ে অভিযোগ আনিলে । প্ৰমাণ কি দিলে ? ভাল 'ধুৰন্ধৰ’ চিনেমা বনালে তেওঁ ।”

'পাকিস্তান লিংক’ক লৈ গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ (ETV Bharat Assam)

মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে অনা অভিযোগক মিছা, উদ্দেশ্য প্ৰণোদিত আৰু অস্পষ্ট বুলি খণ্ডন কৰি গৌৰৱ গগৈয়ে মন্তব্য কৰে যে তেওঁৰ নাবালক সন্তানৰ ব্যক্তিগত গোপনীয় তথ্য ৰাজহুৱা কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ চিন্তা-চৰ্চা কৰিছে তেওঁ ৷

দেওবাৰ, ৮ ছেপ্টেম্বৰৰ দিনা প্ৰায় আঢ়ৈ ঘণ্টাজোৰা এক সংবাদমেলত গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক’লবাৰ্ণৰ বিৰুদ্ধে পাকিস্তানী এজেণ্ট বুলি অভিযোগ আনি গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ আৰু গৌৰৱ পত্নীৰ বিত্তীয় লেনদেনৰ তথ্য দাঙি ধৰি গৌৰৱ গগৈৰ প্ৰতি এলানি প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । গৌৰৱ গগৈয়ে আটাৰী সীমান্তৰে পাকিস্তানত প্ৰৱেশ কৰি ১০ দিন দেশখনত কি কি কৰিছিল সেয়া ৰাজহুৱা কৰিবলৈয়ো আহ্বান জনাইছিল মুখ্যমন্ত্ৰী শৰ্মাই । মুখ্যমন্ত্ৰীৰ সংবাদমেলক কেন্দ্ৰ কৰি ৰাজ্যজুৰি গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিয়ে ৷

আনহাতে, গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ সংবাদমেলক ফ্লপ শ্ব’ আখ্যা দি দেওবাৰে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যদিও পোনপটীয়াকৈ উত্তৰ দিয়াৰ পৰা বিৰত থাকে ৷ সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত গৌৰৱ গগৈয়ে সম্বোধন কৰে প্ৰায় ডেৰ ঘণ্টাজোৰা এখন সংবাদমেল । তাত মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা পাকিস্তান লিংক অভিযোগৰ প্ৰত্যুত্তৰ দিয়ে গৌৰৱ গগৈয়ে ।

GAURAV GOGOI PAKISTAN LINK
বাংলাদেশত হিমন্ত বিশ্ব শৰ্মাই মৌলবীক সাক্ষাতৰ ফটো প্ৰদৰ্শন গৌৰৱ গগৈৰ (ETV Bharat Assam)

এছ আই টিৰ (SIT) প্ৰতিবেদন দিয়া তাৰিখ আছিল ১০ ছেপ্টেম্বৰ, কিন্তু জুবিনদাৰ মৃত্যু ঘটিছিল ১৯ ছেপ্টেম্বৰত

মুখ্যমন্ত্ৰীৰ দেওবাৰৰ সংবাদমেলখনত কেৱল অভিযোগহে আছিল, কোনো প্ৰমাণ নাছিল বুলি গৌৰৱ গগৈৰ মন্তব্য ৷ এছ আই টিৰ (SIT) প্ৰতিবেদনত তথ্য আৰু প্ৰমাণ নাছিল বাবেই ছমাহ মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদনখন পেলাই থৈছিল বুলি মুখ্যমন্ত্ৰীক প্ৰত্যাক্ৰমণ গৌৰব গগৈৰ ।

সেয়ে জুবিন গাৰ্গৰ নামত মুখ্যমন্ত্ৰীয়ে মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি গৌৰৱ গগৈয়ে সংবাদমেলখনত কয়, “প্ৰথম কথা, যোৱাকালি যি আঢ়ৈ ঘণ্টাৰ সংবাদমেল দিলে তাৰ কাৰণ— যোৱা ৬ মাহত বৃদ্ধি পোৱা কংগ্ৰেছৰ শক্তি । স্বয়ং মুখ্যমন্ত্ৰীয়ে নিবিচাৰিছিল ৰিপ'ৰ্ট প্ৰকাশ পাওক । তেওঁ ৬ মাহ আগতেই ৰিপ'ৰ্ট পাইছিল, কিন্তু তেওঁ দিয়া নাছিল । কাৰণ যি অভিযোগ আনিছে তাৰে এটাও প্ৰমাণ এছ আই টিৰ ৰিপ'ৰ্টত তেওঁ নাপালে । ৬ মাহ লুকুৱাই ৰাখিলে । যদি ৰাষ্ট্ৰীয় সুৰক্ষাৰ কথা আছে কিয় ৬ মাহ ৰৈ আছিল ? এই প্ৰশ্নৰ উত্তৰ দিলে জুবিনদাৰ মৃত্যুৰ বাবে ৰিপ'ৰ্ট মুকলি কৰা নাছিল । তাতেই মিছা ক'লে । ৰিপ'ৰ্ট মুকলি কৰা তাৰিখ আছিল ১০ ছেপ্টেম্বৰ ৷ জুবিনদাৰ মৃত্যু হৈছিল ১৯ ছেপ্টেম্বৰত । তেওঁ নিৰ্বাচনৰ আগত ক'ম বুলি ভাবি আছিল । কিন্তু যেতিয়াই কংগ্ৰেছে ১২ হাজাৰ বিঘাৰ কথা উদঙাই দিলে তেওঁ বাধ্য হ'ল এই ৰিপ'ৰ্ট ফাদিল কৰিবলৈ । যি যাত্ৰা কৰিছোঁ গুৱাহাটী, কামৰূপ, নগাঁৱত এই যাত্ৰাতে ৪ হাজাৰ ভূমি চিনাক্ত কৰিছোঁ ।”

অখিল গগৈয়ে ক’লে বেহাৰবাৰী আউটপোষ্ট, মই ক'লো ছুপাৰ ফ্লপ

লগতে মুখ্যমন্ত্ৰীৰ সংবাদমেলক ছুপাৰ ফ্লপ আখ্যা দি গৌৰৱ গগৈয়ে ক’লে কিয় তেওঁ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আইনৰ কাষ চপা নাই । এই প্ৰসংগত গগৈয়ে কয়, “মই ভালেই পাইছোঁ, এইখন ছুপাৰ ফ্লপ চিনেমা মুকলি হোৱাৰ বাবে । আমি আদালতৰ ওচৰলৈ এইবাবেই যোৱা নাই, যাতে তদন্তকাৰী সংস্থাৰ তদন্তত বাধা নহয় । আমি এইবাবেই বাধা দিয়া নাছিলোঁ, কাৰণ আমাক এই হেডলাইনটো লাগিছিল— 'ভেল্কিবাজী’ (এখন দৈনিক কাকত প্ৰদৰ্শন কৰে) ৷"

"অখিল গগৈয়ে ক’লে বেহাৰবাৰী আউটপোষ্ট, মই ক'লোঁ ছুপাৰ ফ্লপ, প্ৰদ্যুতদাই কৈছে ফুচুৰি কাহিনী । ৰাইজে কৈছে বুমেৰাং হ’ল ।” লগতে ক’লে গৌৰৱ গগৈয়ে ।

ইয়াৰ উপৰি গৌৰৱ গগৈয়ে কয়, “মুখ্যমন্ত্ৰীয়ে আমাৰ জালত ভৰি দিলে ৷ তেওঁ নিদিওঁ নিদিওঁ বুলিও সংবাদমেল দিবলৈ বাধ্য হ’ল । কিন্তু এটাও প্ৰমাণ দিব নোৱাৰিলে । কেতিয়াবা কয় ১০ দিনৰ কাৰণে, কেতিয়াবা ১৫ দিনৰ কাৰণে গ'লোঁ । মই ব'ৰ্ডাৰ ক্ৰছ কৰি গ'লোঁ ।”

GAURAV GOGOI PAKISTAN LINK
গৌৰৱ গগৈৰ সংবাদমেল সম্বোধন (ETV Bharat Assam)

মুখ্যমন্ত্ৰীক সকীয়নি: কিষ চাপিব আইনৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ সন্তানৰ গোপনীয় তথ্য ৰাজহুৱা কৰাৰ বাবে আইনৰ কাষ চপাৰ চিন্তা-চৰ্চা কৰিছে । গৌৰৱ গগৈয়ে কয়, “মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান তললৈ নামিল যে তেওঁ ৫ বছৰীয়া ৯ বছৰীয়া নাবালকৰ পৰিচয় ৰাজহুৱা কৰিছে । সকীয়াই দিছোঁ, আপোনাৰ ল’ৰা-ছোৱালীৰ কথাও আমি জানো । মই মুকলি কৰিব বিচৰা নাই । মোক বাধ্য নকৰাব । এই বিষয়ত আইনীভাৱে কি কৰোঁ আমাৰ আইনী কোষৰ সৈতে আলোচনা কৰিম । আচলতে মুখ্যমন্ত্ৰীৰ আসনত বহাৰ যোগ্য নহয় তেওঁ ।”

লগতে গৌৰৱ গগৈয়ে কয়, “মুখ্যমন্ত্ৰীক মই দ্বিতীয়বাৰ সকীয়াই দিছোঁ ৷ মোৰ ওপৰত যিমান আক্ৰমণ কৰে কৰক, সহ্য কৰাৰ শক্তি মোৰ আছে । মই তৰুণ গগৈৰ পুত্ৰ, লাচিতৰ বংশধৰ । মই সহ্য কৰি যাম ৷ কিন্তু যদি কংগ্ৰেছৰ কর্মী আৰু ভাৰতীয় নাগৰিকক আক্ৰমণ কৰে, তেতিয়া মই এৰি নিদিওঁ । মোক যি কৰিব লাগে কৰক ।”

গৌৰৱ গগৈয়ে কয় যে তেওঁ এই সংবাদমেল মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া দিবলৈ নহয়, ৰাইজক উত্তৰ দিবলৈহে দিছে । সংবাদ মাধ্যম আৰু ৰাইজক সন্মান দিবলৈহে দিছে ৷ মুখ্যমন্ত্ৰীক তেওঁৰ পত্নীৰ বিশাল সম্পত্তিৰ বিষয়ে কটাক্ষ কৰি গৌৰৱ গগৈয়ে কয়, “মই ৰাজনীতিত নিজৰ পৰিবাৰক সম্পত্তি কৰি দিবলৈ অহা নাই ।”

আনহাতে, গৌৰৱ গগৈয়ে তেওঁৰ দুই সন্তানক ব্ৰিটিছ নাগৰিকত্ব দিয়াক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে বিজেপিয়ে কঠোৰ সমালোচনা কৰি আহিছে গৌৰৱ গগৈক । এই প্ৰসংগতো গৌৰৱ গগৈয়ে সংবাদমেলত দিলে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ, “তেওঁৰ স্বাধীনতা আছে, তেওঁ মোৰ ল’ৰা-ছোৱালীৰ মাতৃ । ৰাজনীতি কৰা মানুহ হিচাপে ৰাইজৰ মাজত ব্যস্ত থাকোঁ । সৰুতে মই নিজেই দেউতাক দেখাই নাছিলোঁ । মোক ডাঙৰ কৰিছে মায়ে । একেদৰে মোৰ পৰিবাৰে ল'ৰা-ছোৱালীক ডাঙৰ কৰিছে । ১৮ বছৰ হ'লে সিহঁতে সিদ্ধান্ত ল’ব ৷"

মুখ্যমন্ত্ৰীৰ আত্মীয়ই ভাৰতীয় নাগৰিকত্ব এৰাৰ কথা লৈ মুখ্যমন্ত্ৰীক গৌৰৱৰ প্ৰশ্ন, “হিমন্ত বিশ্ব শৰ্মাৰ ভাগিনে নাগৰিকত্ব এৰিলে নেকি ? মই প্ৰয়াত পিতৃৰ আদৰ্শ লৈ ৰাজনীতিত নামিছোঁ । ক্ষমতা লাগে, কিন্তু ব্যক্তিগত স্বাৰ্থত নহয় ৰাইজৰ স্বাৰ্থত ৰাইজৰ কাম কৰিবলৈ ।”

পাকিস্তান ভ্ৰমণৰ পিছতে ৰাষ্ট্ৰীয় নিৰাপত্তাক লৈ সংসদত গৌৰৱ গগৈয়ে কৰা প্ৰশ্নক লৈয়ো মুখ্যমন্ত্ৰী শৰ্মাই আঙুলি টোঁৱাই আহিছে । কিন্তু এই অভিযোগ কিমান সঁচা ? এই লৈ সাংবাদিকৰ প্ৰশ্নত গৌৰৱ গগৈয়ে কয়, "লোকসভাত প্ৰশ্নবোৰ যেতিয়া দিয়া হয় লোকসভাৰ ছেক্ৰেটাৰীয়ে যদি ভাবে কোনো প্ৰশ্নই দেশৰ অখণ্ডতাত বাধাৰ সৃষ্টি কৰিব পাৰে, নিৰাপত্তাৰ প্ৰশ্ন আহিব পাৰে, তেন্তে সেই প্ৰশ্ন আহিব নিদিয়ে । কিন্তু সংসদত মোৰ প্ৰশ্নৰ উত্তৰো দিছে । সংসদত মোৰ প্ৰশ্নক লৈ কেন্দ্ৰীয় চৰকাৰৰ আপত্তি নাই, কিন্তু মুখ্যমন্ত্ৰীৰ আপত্ তি।”

GAURAV GOGOI PAKISTAN LINK
সংবাদমেলত বাতৰিকাকতৰ হেডলাইন প্ৰদৰ্শন গৌৰৱ গগৈৰ (ETV Bharat Assam)

“মুখ্যমন্ত্ৰীয়ে কয় অসমৰ সাংসদৰ দেশৰ সীমাক লৈ অসমৰ সাংসদে কিয় প্ৰশ্ন উত্থাপন কৰিব ? কিয় দেশৰ সীমাক লৈ আমি প্ৰশ্ন কৰিব নোৱাৰিম ? এয়া মোৰ অধিকাৰ । আমাৰ মানসিকতা বিজেপিৰ দৰে নহয় ৷ এন চি পি দলৰ সাংসদেও এই প্ৰশ্ন উঠাইছিল ৷ তেওঁ এতিয়া বিজেপিত যোগদান কৰিছে বোধহয় ।” বুলিও গৌৰৱ গগৈয়ে কয় ।

২০১৩ চনত পাকিস্তানত ১০ দিন গৌৰৱ গগৈয়ে কি কৰিছিল ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এই প্ৰশ্নৰো উত্তৰ দিলে গৌৰৱ গগৈয়ে ৷ এই প্ৰসংগত গৌৰৱ গগৈয়ে কয়, “সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এনে কোনো নতুন কথা কোৱা নাই, যিটো মই আগতে কোৱা নাই । মই দিল্লীত নিজেই কৈছোঁ ২০১৩ চনত পত্নীক লৈ পাকিস্তানলৈ গৈছিলোঁ । যি পাছপ'ৰ্ট লৈছিলোঁ তেতিয়াই মোদী চৰকাৰে জানে কিয় গৈছোঁ । এইটোও কৈছোঁ যে মোৰ পত্নী এবছৰৰ বাবে পাকিস্তানত আছিল চাকৰিৰ বাবে । তেওঁ কামৰ বাবে যাবলগা হৈছিল। ময়ো তেওঁৰ লগত গৈ তেওঁ কেনেকৈ ক’ত আছিল চাই আহিছিলোঁ । তেওঁ ক’ত বজাৰ কৰে, কাপোৰ কিনে, ক’ত খোজকাঢ়ে এইবোৰ চালোঁ । তালৈ যোৱাৰ পিছত সনাতনী তথা ভাৰতীয় সংস্কৃতিৰ ঐতিহ্যবাহী তক্ষশীলা চাবৰ মন গ’ল । সেয়ে, তক্ষশীলা চাব গৈছিলোঁ । তক্ষশীলা চাবৰ বাবে ইছলামাবাদলৈ গৈছিলোঁ । তাতেই তাৰবাবে আইনী অনুমতি লৈছিলোঁ ।”

লগতে, মুখ্যমন্ত্ৰীৰ প্ৰতি শ্লেষ ভৰা মন্তব্য গৌৰৱ গগৈৰ, “আমি নতুন নতুন বিয়া হ'লোঁ । তেওঁ কামৰ বাবে পাকিস্তান যাবলগা হ'ল । মই কি অকলে যাব দিম নেকি ? লাহোৰ গৈ তক্ষশীলা চাব মন গ'ল । সেইকাৰণে ইছলামাবাদ গ'লোঁ । যেতিয়া সাংসদ হ'লোঁ মোদী চৰকাৰক পাছপ'ৰ্ট জমা দিলোঁ । ডিপ্ল’মেট পাছপ'ৰ্ট ল’লোঁ । মোদী চৰকাৰে আগতেই জানে মই পাকিস্তান গৈছোঁ ।”

এছ আই টিয়ে মোক এবাৰো একো নুসুধিলে কিয়

প্ৰায় দুঘণ্টাজোৰা সংবাদমেলত গৌৰৱ গগৈয়ে কয়, “দহদিন ক’ত গ’ল ক’ত গ’ল বুলি কালি মুখ্যমন্ত্ৰীয়ে সুধি আছিল । সকলোতকৈ গুৰুত্বপূৰ্ণ এই প্ৰশ্নটো এছ আই টিয়ে এবাৰো মোৰ ওচৰলৈ আহি নুসুধিলে কিয় ? মোক মাতিলে মই নিজেই খোজকাঢ়ি এছ আই টি কাৰ্যালয়লৈ যাম বুলি কৈছিলোঁ ।”

লগতে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ছিংগাপুৰত মুখ্যমন্ত্ৰীৰ কোন ঘনিষ্ঠ আছিল তাক জনাবলৈ মুখ্যমন্ত্ৰীক আহ্বান গৌৰৱৰ । তেওঁ কয়, “আমিও সুধিব খোজোঁ, জুবিনৰ মৃত্যুৰ পিছত ছিংগাপুৰত মুখ্যমন্ত্ৰীৰ কোন ঘনিষ্ঠ আছিল ? জুবিনৰ মৃত্যুৰ পিছতো কিয় অনুষ্ঠান চলি আছিল কৈ দিয়ক মুখ্যমন্ত্ৰীয়ে ।”

“মুখ্যমন্ত্ৰী ১০ বাৰ বাংলাদেশলৈ গৈছে ।” বুলি মুখ্যমন্ত্ৰীৰ বাংলাদেশ ভ্ৰমণৰ ফটো দেখুৱাই গৌৰৱ গগৈৰ প্ৰশ্ন ৷ বাংলাদেশৰ এক বিখ্যাত দৰগাহ বুলি উল্লেখ কৰি সন্মুখত বিখ্যাত মৌলানাৰ লগত মুখ্যমন্ত্ৰী শৰ্মাৰ ফটো দেখুৱায় গৌৰৱ গগৈয়ে ৷ লগতে, "তাত কি কথা পাতিছিল হিমন্ত বিশ্ব শৰ্মাই ?" বুলি প্ৰশ্ন গৌৰৱ গগৈৰ ৷

পাকিস্তানত এতিয়াও বেংক একাউণ্ট সঁচাকৈ আছেনে গৌৰৱ পত্নীৰ ?

“তেতিয়া তাত থাকিলে বেংক একাউণ্ট আছিল ৷ বজাৰ কৰিবলৈয়ো বেংক একাউণ্ট লাগিব ৷ যেতিয়া পাকিস্তান এৰিছে তেওঁ বন্ধ কৰি দিছে ৷ তেওঁ ভাৰতলৈ ছিফ্ট হোৱাৰ সময়ত এমাহৰ দৰমহা পাকিস্তানৰ পৰা সোমাইছিল ৷ সিমানেই ।” পত্নীৰ দৰমহা আৰু পাকিস্তানত এতিয়াও বেংক একাউণ্ট থকা বুলি মুখ্যমন্ত্ৰীৰ অভিযোগ প্ৰসংগত গৌৰৱে কয় ৷

আই বিৰ (IB) গোপন তথ্য সঁচাকৈয়ে দিছিল নেকি গৌৰৱ পত্নী এলিজাবেথে

“ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্যৰ আধাৰতহে এলিজাবেথে প্ৰতিবেদন দিছিল ৷ ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰিৰ আধাৰত লিখিছিল ৷” সংবাদমেলত সদৰী কৰে গৌৰৱ গগৈয়ে ।

লগতে পঢ়ক :আপোনাক অনুৰোধ কৰিছোঁ... ল'ৰা-ছোৱালীকেইটাক পুনৰ হিন্দু ধৰ্মলৈ আনক: গৌৰৱ গগৈলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ
লগতে পঢ়ক :গৌৰৱ গগৈয়ে গোচৰ তৰিলে মুখ্যমন্ত্ৰীয়েও তৰিব গৌৰৱৰ বিৰুদ্ধে গোচৰ