মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতে গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত বিজেপিৰ প্ৰতিবাদ
মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ তথ্য ৰাজহুৱা কৰাৰ পিছতে যোৰহাটত বিজেপি কৰ্মীৰ প্ৰতিবাদ ।

Published : February 8, 2026 at 9:03 PM IST
যোৰহাট: ৰাজ্যজুৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ ভাৰতীয় জনতা পাৰ্টীৰ । গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰাৰ পিছতে বিজেপিয়ে প্ৰতিবাদ আৰম্ভ কৰিছে ।
গৌৰৱ গগৈৰ বিৰুদ্ধে যোৰহাটতো বিজেপি নেতা-কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি কৰ্মীসকলে ।
গৌৰৱ গগৈৰ দেশদ্ৰোহী কাৰ্যকলাপৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক । 'গৌৰৱ গগৈ গ'বেক', 'গৌৰৱ গগৈয়ে ৰাজহুৱা জীৱন ত্যাগ কৰক', 'যোৰহাটৰ মান সন্মান শেষ কৰা গৌৰৱ গগৈয়ে গ্ৰহণ কৰক পাকিস্তানী নাগৰিকত্ব' আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে বিজেপি কৰ্মীসকলে ।
আনহাতে জিলা বিজেপিৰ নেতৃত্বত হাজাৰ হাজাৰ লোকে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত সমবেত হয় আৰু তেওঁলোকে নগৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই গৌৰৱ গগৈৰ বাসগৃহ সন্মুখত উপস্থিত হৈ প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপিৰ জিলা সভাপতি শান্তনু পুজাৰীয়ে কয়, "গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে থকা মিতিৰালি আৰু সু-সৰ্ম্পক থকা কথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজিৰ পৰা ১০ মাহৰ আগতে কৈছিল । আজি সেই কথা ৰাজহুৱাভাৱে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে । গৌৰৱ গগৈ অসম তথা দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি ভাবুকি স্বৰূপ । সেয়েহে তেওঁ আইনী তদন্তৰ আওতালৈও আহিব লাগে ।"

পুজাৰীয়ে লগতে কয়, "এখন শত্ৰু ৰাষ্ট্ৰৰ লগত মিতিৰালি কৰা গৌৰৱ গগৈয়ে ৰাজহুৱা জীৱন ত্যাগ কৰাৰ লগতে ৰাজনৈতিক পথাৰৰ পৰা সন্ন্যাস লওঁক ।" গৌৰৱ গগৈৰ কথা ৰাজহুৱা হোৱাৰ লগে লগে যোৰহাটৰ মান-সন্মান লাঘৱ হ'ল বুলিও তেওঁ উল্লেখ কৰে । ইফালে বিজেপিৰ প্ৰতিবাদী সমদলত যাতে কোনো অথন্তৰ নঘটে, তাৰ বাবে গৌৰৱ গগৈৰ বাসগৃহৰ লগতে প্ৰতিবাদৰ স্থানত আৰক্ষী আৰু কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান নিয়োগ কৰা হয় ।
লগতে পঢ়ক: বিজেপিৰ ‘পইণ্ট-ব্লেংক শ্বট’ শীৰ্ষক ভিডিঅ’ক লৈ সৰৱ কংগ্ৰেছ

